ETV Bharat / state

ৰাজ্যত সক্ৰিয় নাৰী সৰবৰাহকাৰী চক্ৰ! আটক দুই মহিলাসহ তিনি সন্দেহযুক্ত লোক

author img

By

Published : Jul 29, 2019, 6:43 PM IST

ৰাজ্যত সক্ৰিয় নাৰী সৰবৰাহকাৰী চক্ৰ, আটক  দুই মহিলাসহ তিনি সন্দেহযুক্ত লোক

সোমবাৰে ৰেলযোগে ৰঙিয়া ষ্টেচনৰ পৰা গুজৰাটলৈ তিনিগৰাকী চাওতাল জনজাতিৰ কিশোৰী সৰবৰাহ কৰিবলৈ লোৱাৰ মহূৰ্তত বাক্সা জিলা চাওতাল ছাত্ৰ সন্থাৰ সহযোগত তিনি কিশোৰীক উদ্ধাৰ কৰাৰ লগতে দুই মহিলাসহ তিনি সন্দেহযুক্ত সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়

ৰঙিয়া,29 জুলাইঃ ৰাজ্যত সক্ৰিয় নাৰী সৰবৰাহকাৰী চক্ৰ ৷ সোমবাৰে ৰেলযোগে ৰঙিয়া ষ্টেচনৰ পৰা গুজৰাটলৈ তিনিগৰাকী চাওতাল জনজাতিৰ কিশোৰী সৰবৰাহ কৰিবলৈ লোৱাৰ মহূৰ্তত বাক্সা জিলা চাওতাল ছাত্ৰ সন্থাৰ সহযোগত তিনি কিশোৰীক উদ্ধাৰ কৰাৰ লগতে দুই মহিলাসহ তিনি সন্দেহযুক্ত সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় ৷ ঘটনা অনুসৰি,যোৱাকালি তামুলপুৰ মহকুমাৰ অন্তৰ্গত আঙাৰকাটাৰ দুগৰাকী কিশোৰীক নৱদ্বীপ বৰ্মণ নামৰ এজন লোকৰ ঘৰলৈ যোৱাৰ পাছৰে পৰা নিৰুদ্দেশ হৈ আছিল ৷ সেই সূত্ৰে বাক্সা জিলা চাওতাল ছাত্ৰ সন্থাৰ সভাপতি মাৰ্ছেল হেম্ব্ৰমে খবৰ লাভ কৰে যে নৱদ্বীপে ছোৱালী দুজনীক কৰ্মসংস্থাপনৰ প্ৰলোভনেৰে বহিঃৰাজ্যলৈ নিবলৈ ওলাইছে ৷ তাৰ পাছতে কিশোৰী দুগৰাকীক উদ্ধাৰৰ বাবে ৰঙিয়া ষ্টেচনত উপস্থিত হয় যদিও সেই স্থানতে কিশোৰী দুগৰাকীৰ পৰিৱৰ্তে অন্য তিনি গৰাকী কিশোৰীকহে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ উল্লেখযোগ্য যে, চাওতাল ছাত্ৰ সন্থাৰ নেতা হেম্ব্ৰমে নিৰুদ্দিষ্ট কিশোৰী দুগৰাকীক অভিযুক্ত নৱদ্বীপে সহযোগীৰ জৰিয়তে ইতিমধ্যেই কোনো গোপন স্থানলৈ পঠিয়াই দিয়া বুলি সন্দেহ প্ৰকাশ কৰিছে ৷

ৰাজ্যত সক্ৰিয় নাৰী সৰবৰাহকাৰী চক্ৰ, আটক দুই মহিলাসহ তিনি সন্দেহযুক্ত লোক
Intro:
ৰঙিয়া ষ্টেচনত তিনি কিশোৰী উদ্ধাৰ । Body:আজি গুজৰাটলৈ নিব ওলোৱা মুহূৰ্তত ৰঙিয়া ষ্টেচনত তিনি কিশোৰী উদ্ধাৰ কৰা হয়। ছান্থাল ছাত্র সন্থাৰ সহযোগত আৰক্ষীয়ে কিশোৰী কেইগৰাকীক উদ্ধাৰ কৰাৰ লগতে দুই মহিলাসহ তিনি সন্দেহযুক্ত সৰবৰাহকাৰীক আটক কৰে । উদ্ধাৰ হোৱা নাবালিকা এগৰাকীসহ তিনি সৰবৰাহকাৰীক আৰক্ষীয়ে বাক্সাৰ তামুলপুৰ থানালৈ লৈ যায়। অভিযোগ মতে যোৱাকালি তামুলপুৰ মহকুমাৰ অন্তৰ্গত আঙাৰকাটাৰ দুই কিশোৰী নিৰুদ্দেশ হয় । নিৰুদ্দেশ হোৱাৰ পূৰ্বে আদিবাসী কিশোৰী দুগৰাকী ওচৰৰে নৱদ্বীপ বৰ্মনৰ ঘৰলৈ গৈছিল। কিন্তু তাৰ পিছত কিশোৰী দুগৰাকী ঘৰলৈ ওভতি নাহিল। আনহাতে এক গোপন সূত্ৰৰ পৰা বাক্সা জিলা ছান্থাল ছাত্ৰ সন্থাৰ সভাপতি মাৰ্ছেল হেম্ব্ৰমে খবৰ লাভ কৰে যে, নৱদ্বীপে ছোৱালী দুজনীক কৰ্মসংস্থাপনৰ প্ৰলোভনেৰে বহিঃৰাজ্যলৈ নিবলৈ ওলাইছে। সেই মৰ্মে হেম্ব্ৰমে ৰঙিয়া ষ্টেচনত নৱদ্বীপক বিচাৰি উলিয়ায় যদিও নিৰুদ্দিষ্ট ছোৱালী দুজনীক ইতিমধ্যে আন কাৰোবাৰ হাতত গতাই দিয়া বুলি সন্দেহ কৰে । কিন্তু নৱদ্বীপে আন দুজনী সন্দেহযুক্ত মহিলাৰ সৈতে অন্য এগৰাকী কিশোৰীক গুজৰাটলৈ নিব ওলোৱাৰ সন্দেহ কৰি লগে লগে তামুলপুৰ আৰক্ষীক খবৰ দিয়ে । পিছত আৰক্ষীয়ে দৰিদ্ৰ পৰিয়ালৰ কিশোৰী গৰাকীক উদ্ধাৰ কৰাৰ লগতে সন্দেহযুক্ত তিনি সৰবৰাহকাৰীক আটক কৰে যদিও নিৰুদ্দিষ্ট কিশোৰী দুজনীৰ কোনো সন্ধান উলিয়াবলৈ সক্ষম নহ'ল । আনফালে এই স্থানতে অন্য দুগৰাকী কিশোৰীক কৰ্মসংস্থাপন প্ৰলোভনেৰে গুজৰাটলৈ নিবলৈ ওলোৱা মুহূৰ্তত ৰেল আৰক্ষীয়ে উদ্ধাৰ কৰে । কিন্তু কুমাৰীকাটাৰ পানীটেংকীৰ এই কিশোৰী দুজনীক গুজৰাটলৈ নিবলৈ ওলোৱা ৰাজবংশী নামৰ সৰবৰাহকাৰীজন সুযোগ বুজি পলাবলৈ সক্ষম হয় । ছান্থাল ছাত্র সন্থাৰ নেতা হেম্ব্ৰমে নিৰুদ্দিষ্ট কিশোৰী দুজনীক অভিযুক্ত নৱদ্বীপে সহযোগীৰ জৰিয়তে কৰবালৈ পঠিয়াই দিয়া বুলি সন্দেহ কৰে।
Bite:- santhal student leaderConclusion:ৰঙিয়াৰ পৰা বন্দনা শৰ্মা
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.