ETV Bharat / state

ৰঙিয়াত আন্তঃজিলা যাতায়ত বন্ধৰ নামত ভেঁকোভাওনা

author img

By

Published : Jul 18, 2021, 9:49 AM IST

ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথৰ কামৰূপ জিলা আৰু বাক্সা জিলাৰ সীমান্তত থকা তুলসীবাৰীত যাতায়তৰ ক্ষেত্ৰত নাই কোনো বাধ্য বাধকতা । স্থানীয় ৰাইজৰ অভিযোগ কেৱল এখন বেৰিকেড লগাইয়ে দায়িত্ব সামৰিছে আৰক্ষীয়ে । এই বেৰিকেডৰ ওচৰত প্ৰায়ে আৰক্ষী নাথাকে যাৰ বাবে কোনো বাধা অবিহনে লোকবোৰ পাৰ হৈ যাব পাৰিছে ।

inter district transport
ৰঙিয়াত আন্তজিলা যাতায়ত বন্ধৰ নামত ভেঁকোভাওনা

ৰঙিয়া, ১৮ জুলাই : ৰাজ্যত অব্যাহত আছে কৰ'ণাৰ (Corona) সংক্ৰমণ । যাৰ বাবে এতিয়াও সান্ধ্য আইনৰ (Curfew) ক্ষেত্ৰত যথেষ্ট শিথিলতা জাৰি কৰা হোৱা নাই । কেইবাখনো জিলাত অব্যাহত আছে কৰ'ণাৰ দ্ৰুত সংক্ৰমণ । যাৰ বাবে ৰাজ্যৰ প্ৰায় ৭ খন জিলাত কঠোৰভাৱে সান্ধ্য আইন পালন কৰাৰ নিৰ্দেশনা দিয়া হৈছে ।

ইফালে যোৱা প্ৰায় ৩ মাহৰো বেছি সময় আন্তঃজিলা যাতায়ত (Inter District transport) বন্ধ আছে । জৰুৰীকালীন সেৱাৰ বাহিৰে কোনো লোক ইখন জিলাৰ পৰা আন এখন জিলালৈ যাব নোৱাৰিব । কিন্তু চৰকাৰৰ এই নিৰ্দেশনা বহু ঠাইত ফুটুকাৰ ফেনত পৰিণত হৈছে । একাংশ স্থানত এতিয়াও অব্যাহত আছে আন্তঃজিলা যাতায়ত ।

চৰকাৰে কঠোৰ ব্যৱস্থা লোৱাৰ বাবে কৈছে যদিও বহু ঠাইত নাই দুখন জিলাৰ মাজত আৰক্ষীৰ তালাচী (Police Check post) । যাৰ বাবে ইখন জিলাৰ পৰা আনখন জিলালৈ বিনা সংকোচে অহা যোৱা কৰিছে একাংশ লোকে । কামৰূপ জিলাৰ ৰঙিয়াতো দেখা গৈছে আন্তঃজিলা যাতায়ত বন্ধৰ নামত ভেঁকোভাওনা ।

ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথৰ কামৰূপ জিলা আৰু বাক্সা জিলাৰ সীমান্তত থকা তুলসীবাৰীত যাতায়তৰ ক্ষেত্ৰত নাই কোনো বাধ্য বাধকতা । দুচকীয়া বাহনৰ পৰা চাৰি চকীয়া বাহনলৈ সকলো বাহনে অনায়াসে ইখন জিলাৰ পৰা আন খন জিলালৈ যাত্ৰা কৰিছে । স্থানীয় ৰাইজৰ অভিযোগ কেৱল এখন বেৰিকেড লগাইয়ে দায়িত্ব সামৰিছে আৰক্ষীয়ে । এই বেৰিকেডৰ ওচৰত প্ৰায়ে আৰক্ষী নাথাকে যাৰবাবে কোনো বাধা অবিহনে লোকবোৰ পাৰ হৈ যাব পাৰিছে ।

ইফালে ক'ভিডৰ এনে সুযোগতে একাংশই নিষিদ্ধ ড্ৰাগছ (Drugs), সুৰা আদিৰ অবৈধ সৰবৰাহ অব্যাহত ৰাখিছে । আনকি আন্তঃজিলা যাতায়ত বন্ধ থকা সময়তে নামনি অসমৰ বহু স্থানত আৰক্ষীয়ে আটক কৰিছে কেইবাগৰাকী ড্ৰাগছ মাফিয়াক । লগতে বৃহৎ পৰিমাণৰ সুৰাও জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষী । কিন্তু তাৰ পিছতো তালাচী কৰিবলৈ জিলাসমূহৰ সীমান্তত আৰক্ষী উপস্থিত নথকাকলৈ বিভিন্নজনে প্ৰশ্ন উত্থাপন কৰিছে ।

ইফালে চৰকাৰেও ক'ভিড (Covid) পৰিস্থিতি যাতে সুস্থিৰলৈ আহে তাৰ বাবে আন্ত:জিলা যাতায়ত বন্ধ ৰখাৰ সিদ্ধান্ত লৈছিল । অৱশ্যে ৰঙিয়াৰ তুলচীবাৰীত তাৰ ওলোটা ছবিহে দেখা গৈছে । যাৰ বাবে বহু সচেতন লোকে এতিয়া ক'ভিড সংক্ৰমণ বৃদ্ধি হোৱাৰ আশংকা ব্য়ক্ত কৰিছে ।

লগতে পঢ়ক :মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.