ETV Bharat / state

ৰঙিয়াৰ হাচানটুকৰ পথাৰত গেলিছে ৰবি শস্য

author img

By

Published : Apr 21, 2020, 11:54 AM IST

কৃষক ৰাইজৰ সন্মুখত এতিয়া আৰু এক প্ৰত‍্যহ্বান দেখা দিছে তেওঁলোকৰ পথাৰৰ শস্যই এতিয়াও গ্ৰাহকৰ কাষ চাপিব পৰা নাই ৷ বৃহত লোকচানৰ সন্মুখীন হৈছে কৃষকসকল ৷

rangia farmers situation hasnkut
ৰঙিয়াৰ হাচানটুকৰ পথাৰত গেলিছে ৰবি শস‍্য

ৰঙিয়া 21 এপ্ৰিল : লক ডাউনৰ সময়তে খেতিয়কৰ জীৱনলৈ নামি আহিছে বিপদ ৷ এফালে মহামাৰী ক‘ৰণা পৰা নিজকে ৰক্ষা কৰিবলৈ লক ডাউনৰ নীতি নিয়ম মানি চলিবলৈ বাধ্য আনফালে পথাৰতে জহিছে ষকৰ ফচল । কৃষকৰ সন্মুখত ডাঙৰ প্ৰত‍্যহ্বানে দেখা দিছে তেওঁলোকৰ পথাৰৰ শস্যই এতিয়াও গ্ৰাহকৰ কাষ চাপিব পৰা নাই। ৰঙিয়াৰ হাচানটুকৰ খেতিয়কসকলো এই সময়ছোৱাত সময়ত বৃহৎ লোকচানৰ সন্মুখীন হৈছে পথাৰত নষ্ট হৈছে ৰবি শস্যসমুহ । বিক্ৰীৰ সময়ত বজাৰ বন্ধ থকাৰ ফলত এতিয়া পথাৰতে অপচয় হ'বলৈ লৈছে বিলাহী,ৰঙালাও,বন্ধাকবি,বেঙেনা,ভেন্দি,জিকা,স্কোৱাছ,তিয়হ ইত্যাদি ।

ৰঙিয়াৰ হাচানটুকৰ পথাৰত গেলিছে ৰবি শস্য

যাৰ বাবে হতাশ হৈ মূৰে কপালে হাত দিছে খেতিয়কসকলে। অঞ্চলটোৰ লোকসকলৰ একমাত্ৰ জীৱিকা হৈছে কৃষি । বিভিন্ন বেংকৰ ঋণ আদি লৈ ব্যৱসায়িক ভিত্তিত খেতি কৰি এতিয়া লক ডাউনৰ বাবে ব্যাপক লোকচানৰ সন্মুখীন হৈছে । কৃষক সকলৰ এই লোকচানৰ জোৰা মৰাৰ ব্যৱস্থা কৃষি বিভাগে কৰিবনে !

লগতে পঢকঃ মাছ মাংসৰ বিকল্প হ'ব পাৰে প্ৰটিন যুক্ত খাদ্য মাছৰুম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.