ETV Bharat / state

সংগ্ৰামী মঞ্চৰ হৈ মনোনয়ন দাখিল কৰিলে দেবব্ৰৎ কলিতাৰ

author img

By

Published : Mar 12, 2021, 2:08 PM IST

rangia-congress-in-election
দেবব্ৰৎ কলিতাৰ সংগ্ৰামী মঞ্চৰ ফালৰপৰা মনোনয়ন পত্ৰ দাখিল

দেবব্ৰৎ কলিতাৰ সংগ্ৰামী মঞ্চৰ হৈ মনোনয়ন পত্ৰ দাখিল ৷ ৰঙিয়া সমষ্টিটো চিপিএমক এৰি দিয়াৰ পিছত কংগ্ৰেছৰ টিকট প্ৰত‍্যাশী দেবব্ৰৎ কলিতাই সংগ্ৰামী মঞ্চৰ হৈ দাখিল কৰে মনোনয়ন ৷

ৰঙিয়া, 12 মাৰ্চঃ আগন্তুক বিধানসভা নিৰ্বাচনৰ পাক মূহুৰ্তত ৰঙিয়া সমষ্টিত মহাজোঁটত অথন্তৰ । ৰঙিয়াৰ কংগ্ৰেছ কৰ্মীসকলে সমাগত বিধান সভাৰ নিৰ্বাচনৰ বাবে সমষ্টিটোত কংগ্ৰেছৰ এগৰাকী প্ৰাৰ্থী দিবলৈ আৰম্ভণিৰ পৰা দাবী জনাই আহিছিল । কিন্তু মহাজোঁটৰ ফালৰ পৰা ৰঙিয়া সমষ্টিটো চিপিএমক এৰি দিয়াৰ পিছত কংগ্ৰেছৰ টিকট প্ৰত‍্যাশী দেবব্ৰৎ কলিতাই কংগ্ৰেছ ত্যাগ কৰি সংগ্ৰামী মঞ্চৰ হৈ মনোনয়ন পত্ৰ দাখিল কৰে ।

দেবব্ৰৎ কলিতাৰ সংগ্ৰামী মঞ্চৰ ফালৰপৰা মনোনয়ন পত্ৰ দাখিল

দেবব্ৰৎ কলিতা হৈছে কংগ্ৰেছ নেতা তথা ৰঙিয়াৰ প্ৰাক্তন বিধায়ক ঘনশ্যাম কলিতাৰ ভাতৃ । উল্লেখ্য যে, পূৰ্বে কংগ্ৰেছৰ পৰা পঞ্চায়ত নিৰ্বাচনত ভাগ লৈ দেবব্ৰত কলিতাই কামৰূপ জিলা পৰিষদৰ সভাপতি হৈছিল ।

লগতে পঢ়কঃসোণাৰি, মাহমৰাৰ বিজেপি প্ৰাৰ্থীৰ বিজয় কামনাৰে বন্তি প্ৰজ্বলন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.