ETV Bharat / state

Neel Pawan Baruah : ৰঙিয়াত চিত্রশিল্পীৰ অভিনৱ পদক্ষেপ

author img

By

Published : Oct 31, 2022, 6:29 PM IST

Neel Pawan Baruah
Neel Pawan Baruah

অসমৰ বৰেণ্য চিত্রশিল্পী নীলপৱন বৰুৱাৰ মৃত্যুত শোকত ম্রিয়মান হৈ পৰা ৰঙিয়া আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰ চিত্রশিল্পীসকলে শিল্পীগৰাকীৰ প্ৰতিচ্ছবি অংকনেৰে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জনায় (Rangia Artists tribute to Neel Pawan Baruah) ।

ৰঙিয়া, ৩১ অক্টোবৰ : ৰঙিয়াত চিত্রশিল্পীৰ অভিনৱ পদক্ষেপ । প্ৰতিচ্ছবি অংকনেৰে নীলপৱন বৰুৱালৈ শ্ৰদ্ধাঞ্জলি (Tribute to Neel Pawan Baruah) । অসমৰ বৰেণ্য চিত্রশিল্পী নীলপৱন বৰুৱাৰ মৃত্যুত শোকত ম্রিয়মান হৈ পৰা ৰঙিয়া আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰ চিত্রশিল্পীসকলে শিল্পীগৰাকীৰ প্ৰতিচ্ছবি অংকনেৰে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জনায় (Artists from Rangia tribute to Neel Pawan Baruah) ।

ৰঙিয়াৰ হাইৱে চ’কত ৰাষ্ট্ৰীয় ঘাইপথৰ হেলনীয়া অংশত নিজৰ গাঁঠিৰ ধন ভাঙি চিত্রশিল্পীসকলে নীলপৱন বৰুৱাৰ প্ৰতিচ্ছবি অংকন কৰে । ৰঙিয়াৰ ৰূপম কলিতাই ফেচবুকযোগে জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই বনশ্রী বর্মন, ফানিছ আহমেদ, কিশোৰ, বিজয় প্রকাশ, ৰঞ্জন শৰণীয়াকে ধৰি এদল চিত্ৰশিল্পীয়ে পাঁচ ঘণ্টাৰো অধিক সময় ৰং-তুলিকাৰে প্রয়াত শিল্পীজনৰ প্ৰতিচ্ছবি আংকন কৰি উলিয়ায় । সন্ধিয়া তেওঁলোকে উক্ত স্থানত বন্তি প্ৰজ্বলনো কৰে ।

উল্লেখ্য, যোৱা ২৮ অক্টোবৰত পৰলোকপ্ৰাপ্তি ঘটে যশস্বী চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ । ৰাজ্যিক মৰ্যাদাৰে শনিবাৰে নৱগ্ৰহ শ্মশানত নীলপৱন বৰুৱাৰ শেষকৃত্য সম্পন্ন কৰা হয় (Funeral of Neel Pawan Baruah) । নৱগ্ৰহত অসমৰ শিল্পী সমাজ, অনেক অনুৰাগীয়ে প্রিয় যশস্বী চিত্ৰশিল্পীগৰাকীক অশ্রুসিক্ত নয়নেৰে শেষ বিদায় জনায় (Last rites of Neel Pawan Baruah)।

Neel Pawan Baruah : ৰঙিয়াত চিত্রশিল্পীৰ অভিনৱ পদক্ষেপ

বৰুৱাৰ ভতিজাকে যশস্বী চিত্ৰশিল্পীগৰাকীৰ মুখাগ্নি কৰে । নৱগ্ৰহ শ্মশানত ৰাজ্যিক মর্যাদাৰে শেষকৃত্য সম্পন্ন কৰাৰ সময়ত ৰাজ্য চৰকাৰৰ হৈ সাংস্কৃতিক মন্ত্ৰী বিমল বড়া, কামৰূপ মহানগৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝা, বিশিষ্ট চিন্তাবিদ হীৰেন গোঁহাই, কংগ্ৰেছ নেতা কমলাক্ষ্য দে’ পুৰাকায়স্থ আদি উপস্থিত থাকে ।

জিলা প্রশাসনে শেষকৃত্য অনুষ্ঠানৰ আয়োজন কৰে (Neel Pawan Baruah Funeral with state dignity)। বিয়লি প্রায় 2 বজাত নৱগ্ৰহ শ্মশানত পঞ্চভূতত বিলীন হৈ যায় আজম্ম প্ৰেমিক তথা চিত্ৰশিল্পীগৰাকী । অসমৰ শিল্প, সাহিত্য জগতৰ প্ৰায়সংখ্যক শিল্পী, তাৰকা, কৰ্মী, সমাজৰ বিভিন্ন শ্রেণীৰ লোকে বৰেণ্য চিত্ৰশিল্পীগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়াৰ সময়ছোৱাত নৱগ্ৰহত উপস্থিত থাকে ।

লগতে পঢ়ক :National Unity Day in Assam : তেজপুৰত পালন ৰাষ্ট্ৰীয় একতা দিৱস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.