ETV Bharat / state

ৰঙিয়াত মোবাইল চুৰি কৰিবলৈ গৈ ৰাইজৰ ৰোষত পৰিল চোৰ

author img

By ETV Bharat Assamese Team

Published : Dec 26, 2023, 10:19 AM IST

Public catch thief in Rangia
ৰঙিয়াত মোবাইল চুৰি কৰিবলৈ গৈ ৰাইজৰ ৰোষত পৰিল জিতুমণি চোৰ

মোবাইল চুৰি কৰিবলৈ গৈ ৰাইজৰ ৰোষত পৰিল চোৰ(Public catch thief) ৷ ৰঙিয়াত ৰাইজে কৰায়ত্ত কৰি চোৰক দিলে শাস্তি ৷ পৰৱৰ্তী সময়ত ৰাইজে চোৰটোক আৰক্ষীক গতাই দিয়ে (Rangia Police)৷

ৰঙিয়াত মোবাইল চুৰি কৰিবলৈ গৈ ৰাইজৰ ৰোষত পৰিল জিতুমণি চোৰ

ৰঙিয়া, 26 ডিচেম্বৰ : ৰঙিয়াত এইবাৰ ৰাইজৰ ৰোষত পৰিল মোবাইল চোৰ ৷ ঘটনা অনুসৰি, ৰঙিয়াৰ এন টি ৰোডত থকা ঈদগাহ ময়দানৰ সমীপৰ এখন দোকানত কোনো নথকা অৱস্থাত প্ৰৱেশ কৰি মোবাইল চুৰি কৰিবলৈ চেষ্টা চলায় চোৰটোৱে । তেনে সময়তে দোকানখনত গৰাকী উপস্থিত হোৱাত চোৰটো পলাবলৈ চেষ্টা কৰে ৷ কিন্তু দোকানখনৰ মালিকে চোৰটোক আবদ্ধ কৰি ৰাখিবলৈ সক্ষম হয় ।

পৰৱৰ্তী সময়ত ঘটনাস্থলীত উপস্থিত হয় স্থানীয় ৰাইজ । উপস্থিত ৰাইজে চোৰটোক বিদ্যুতৰ খুঁটাত বান্ধি ৰাখে ৷ পৰৱৰ্তী সময়ত চোৰটোক ৰাইজে আৰক্ষীক গতাই দিয়ে ৷ ধৃত চোৰটো ৰঙিয়াৰ খৈৰাবাৰীৰ জিতুমণি কলিতা বুলি জানিব পৰা গৈছে ৷ আনহাতে স্থানীয় ৰাইজে তালাচী চলোৱাত ড্ৰাগছ সেৱনত ব্যৱহাৰ কৰা চিৰিঞ্জ উদ্ধাৰ কৰে চোৰটোৰ জেপৰ পৰা ৷

ঘটনাৰ সন্দৰ্ভত ৰাইজে কয় যে, চোৰটো ড্ৰাগছ আসক্ত আছিল ৷ পূৰ্বেও কেইবাটাও মোবাইল চুৰি কৰিছিল চোৰটোৱে ৷ ড্ৰাগছ সেৱনৰ বাবে প্ৰয়োজনীয় ধনৰ বাবে চোৰটোৱে মোবাইল চুৰি কাৰ্য কৰি আহিছে বুলি ৰাইজে অভিযোগ কৰে ৷ দীৰ্ঘদিন ধৰি ঈদগাহ ময়দানৰ সমীপত থকা দোকানবোৰৰ গৰাকীৰ পৰা চোৰটোৱে মোবাইল চুৰি কৰি আহিছিল ৷ চোৰৰ পৰা অতিষ্ঠ হৈ ৰাইজে আৰক্ষীক অৱগত কৰিছিল যদিও আৰক্ষীয়েও আটক কৰিব পৰা নাছিল চোৰটোক ৷ কিন্তু সোমবাৰে চোৰটোক হাতে-লোটে কৰায়ত্ত কৰে ৰাইজে ৷

আনহাতে ৰাইজৰ অভিযোগ অনুসৰি, উক্ত অঞ্চলত বৃদ্ধি পাইছে ড্ৰাগছ সেৱনকাৰী যুৱকৰ সংখ্যা ৷ যাৰ বাবে চোৰৰ উপদ্ৰৱ বৃদ্ধি পাইছে ৷ আৰক্ষীয়ে বিভিন্ন সময়ত ড্ৰাগছ বিৰোধী অভিযান চলাই আহিছে যদিও বৰ্তমানেও ৰঙিয়াত ড্ৰাগছৰ বেহা অব্যাহত আছে বুলি ৰাইজে অভিযোগ কৰে ৷

লগতে পঢ়ক : কেবল সন্দেহৰ ওপৰতেই ৰাজ্যত চলিছে নেকি এনকাউণ্টাৰ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.