PMAY scam : ৰঙিয়াৰ মৰাণজানা পঞ্চায়তত ব্যাপক কেলেংকাৰী

author img

By

Published : Nov 23, 2022, 2:30 PM IST

PMAY scam

কামৰূপ জিলাৰ মৰাণজানাত চৰকাৰী আঁচনিৰ নামত সংঘটিত হৈছে কেলেংকাৰী (PMAY scam in Rangia)। প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ নামত কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উঠিছে । যোগ্য হিতাধিকাৰী বঞ্চিত হোৱাৰ অভিযোগ একাংশ লোকৰ ।

ৰঙিয়া,২৩ নৱেম্বৰ : গ্ৰামাঞ্চলৰ উন্নয়নৰ বাবে চৰকাৰে বিভিন্ন আঁচনি ৰূপায়ণ কৰিছে । কিন্তু পঞ্চায়তৰ জৰিয়তে আঁচনিসমূহ ৰূপায়ণত প্ৰায়ে কেলেংকাৰী সংঘটিত হোৱা দেখা গৈছে (Scam in govt scheme)।ৰাজ্যৰ ভিন্ন প্ৰান্তত এই ধৰণৰ আঁচনি ৰূপায়ণত কেলেংকাৰীৰ তথ্য পোহৰলৈ আহিছে । বিশেষকৈ প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ নামত বিভিন্ন স্থানত সংঘটিত হৈছে কেলেংকাৰী ।

এইবাৰ কামৰূপ জিলাৰ ৰঙিয়াৰ মৰাণজানা পঞ্চায়তত চৰকাৰী গৃহ আৱণ্টনৰ নামত ব্যাপক খেলিমেলি হোৱাৰ অভিযোগ উঠিছে (PMAY scam in Rangia)। পঞ্চায়তৰ একাংশ বঞ্চিত হিতাধিকাৰীৰ অভিযোগ অনুসৰি পঞ্চায়তটোত পকীঘৰ থকা বহু পৰিয়ালৰ সদস্যৰ নামত চৰকাৰী গৃহ আৱণ্টন হৈছে । গৃহ লাভৰ তালিকাত তেনে বহু লোকৰ নাম অন্তৰ্ভুক্ত হোৱাৰ অভিযোগ উঠিছে ।

ৰঙিয়াৰ মৰাণজানা পঞ্চায়তত ব্যাপক কেলেংকাৰী

ইয়াৰ বিপৰীতে পঞ্চায়তটোৰ অধীনৰ পকীঘৰ নথকা বহু দৰিদ্ৰ পৰিয়ালৰ নাম তালিকাৰ পৰা বাদ পৰিছে । অভিযোগ অনুসৰি দৰিদ্ৰ শ্ৰেণীৰ কেইবাটাও পৰিয়ালৰ ঘৰৰ পৰা বিভাগীয়ভাৱে সঠিকভাৱেই তথ্য সংগ্ৰহ কৰা হৈছিল । কিন্তু একাংশ পঞ্চায়ত প্ৰতিনিধিৰ সৈতে ৰঙিয়া খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ বিষয়াই মিলি প্রকৃত হিতাধিকাৰীৰ নাম বাদ দি পকীঘৰ থকা পৰিয়ালৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰাৰ অভিযোগ উত্থাপন কৰিছে ।

প্ৰকৃত হিতাধীকাৰীসকলে বাৰে বাৰে আবেদন কৰাৰ পাছতো এনেদৰে একাংশ বিষয়াৰ গোপন বুজাবুজিৰ বাবে চৰকাৰী গৃহ লাভৰ পৰা বঞ্চিত হ'ব লগা হৈছে বুলিও অভিযোগ উঠিছে । এনে অভিযোগৰ পাছতে সমগ্ৰ বিষয়টো গুৰুত্ব সহকাৰে লৈ পঞ্চায়তটোৰ গৃহ আৱণ্টনৰ বাবে প্ৰকাশিত তালিকাখন পুনৰীক্ষণ কৰাৰ বাবে দাবী জনাইছে বঞ্চিত হিতাধিকাৰীসকলে । সমগ্ৰ বিষয়টো তদন্তৰ দাবীত বুধবাৰে একাংশ বঞ্চিত হিতাধিকাৰীয়ে মৰাণজানা পঞ্চায়ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে (Protest by deprived beneficiaries)।

যদিহে ৰঙিয়া খণ্ড উন্নয়ন বিষয়াৰ তৰফৰ পৰা এই ক্ষেত্ৰত কোনো গুৰুত্ব দিয়া নহয় তেনেহ'লে মৰাণজানা পঞ্চায়তত সংঘটিত হৈ থকা গৃহ আৱণ্টনৰ বিয়াগোম কেলেংকাৰী সন্দৰ্ভত কামৰূপ উপায়ুক্তক লিখিতভাৱে অৱগত কৰিব বুলিও হুংকাৰ দিছে বঞ্চিত আবেদনকাৰীসকলে ।

লগতে পঢ়ক :Cheating father for property : সম্পত্তিৰ বাবে পিতৃক অত্যাচাৰ, ত্যাজ্যপুত্ৰ কৰিলে দুই সন্তানক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.