Cheating father for property : সম্পত্তিৰ বাবে পিতৃক অত্যাচাৰ, ত্যাজ্যপুত্ৰ কৰিলে দুই সন্তানক

author img

By

Published : Nov 23, 2022, 12:24 PM IST

Kalgachia

বিশ্বাসঘাতক দুই পুত্ৰক ৰেহাই নিদিলে পিতৃয়ে । প্ৰৱঞ্চনাৰে সম্পত্তি নিজৰ নামত কৰি লোৱাৰ পাছতে পিতৃয়ে ত্যাজ্যপুত্ৰ কৰিলে দুয়োকে (Shameful incident in Kolgachia)। এই ঘটনাক লৈ কলগাছিয়াত তীব্ৰ প্ৰতিক্ৰিয়া ।

জনীয়া,২৩ নৱেম্বৰ : বৰ্তমান সময়ত নিজ সন্তানৰ অত্যাচাৰৰ সন্মুখীন হ'বলগীয়া হৈছে বহু পিতৃ-মাতৃ । সন্তানে কৰা অত্যাচাৰৰ বাবে পথৰ অঘৰী পৰ্যন্ত হ'বলগীয়া হৈছে পিতৃ-মাতৃয়ে । তেনে এক ঘটনা সংঘটিত হৈছে বৰপেটা জিলাৰ কলগাছিয়াত । সম্পত্তিৰ লোভত দুই সন্তানে ঘৰৰ পৰা খেদি দিলে নিজৰ পিতৃক । অৱশেষত দুই সন্তানক ত্যাজ্যপুত্ৰ কৰিলে দুৰ্ভগীয়া পিতৃয়ে ।

কলগাছিয়াৰ শৈলমাৰি গাঁৱত সংগঠিত হৈছে এই নিৰ্মম ঘটনা । দুই পুত্ৰৰ অত্যাচাৰৰ সন্মুখীন হ'ল তাইজ উদ্দিন নামৰ বৃদ্ধজন । জানিব পৰা মতে চিকিৎসাৰ বাবে লৈ যোৱাৰ চলেৰে দুই পুত্ৰ ক্ৰমে আব্দুল কাদেৰ আৰু আব্দুল আজিজে প্ৰৱঞ্চনা কৰিলে পিতৃ তাইজ উদ্দিনক (Two sons cheating father for property)। জালিয়াতিৰে নিৰক্ষৰ পিতৃক মিছা অজুহাত দি টিপ চহী লৈ সকলো মাটি সম্পত্তি দুই পুত্ৰই নিজৰ নামত নামজাৰি কৰি লয় ।

সম্পত্তিৰ বাবে পিতৃক অত্যাচাৰ, ত্যাজ্যপুত্ৰ কৰিলে দুই সন্তানক

এই বিষয়ে পিতৃয়ে কিছুদিন পূৰ্বে অৱগত হয় । লগে লগে দুই পুত্ৰক এই বিষয়ে সোধাত পিতৃৰ ওপৰত ক্ষোভিত হৈ পৰে । পিতৃক বিভিন্ন ধৰণে গালি-গালাজ কৰাৰ লগতে শাৰীৰিকভাৱে অপদস্থ কৰে (Son tortures father for property)। পুত্ৰৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি অৱশেষত আদালতৰ কাষ চাপিল দুৰ্ভগীয়া পিতৃ তাইজ উদ্দিন । দুই পুত্ৰ ক্ৰমে আব্দুল কাদেৰ আৰু আব্দুল আজিজক পিতৃয়ে ত্যাজ্যপুত্ৰ (Taijya Putra) কৰিবলৈ বাধ্য হয় ।

জানিব পৰা মতে দুই পুত্ৰই বৃদ্ধ পিতৃৰ অজ্ঞাতে মুঠ ৭ বিঘা মাটি জলিয়াতি কৰি ২০২০ চনৰ ১৮ ডিচেম্বৰত আৰু ২০২১ চনৰ ২৪ আগষ্টত নিজৰ নামত নামজাৰি কৰি লয় । এই ঘটনা পোহৰলৈ অহাৰ পাছতে এতিয়া বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । স্থানীয় লোকসকলেও কুলাঙ্গাৰ দুই পুত্ৰক গৰিহণা দিছে । লগতে প্ৰশাসন তথা আৰক্ষীক এই সন্দৰ্ভত দুৰ্ভগীয়া পিতৃগৰাকীক ন্যায় প্ৰদান কৰিবলৈ আহ্বান জনাইছে ।

কিন্তু এগৰাকী পুত্ৰ কিমান নিষ্ঠুৰ হ'লে এনেদৰে পিতৃক প্ৰৱঞ্চনা কৰিব পাৰে ! কেৱল সম্পত্তিৰ লোভত পিতৃক এনেদৰে অত্যাচাৰ কৰা কাৰ্য সমাজৰ কোনো সভ্য নাগৰিকে কৰিব নোৱাৰে বুলিও বহুতে তীব্ৰ সমালোচনা কৰিছে । অৱশ্যে পিতৃয়ে নিষ্ঠুৰ সন্তানক ত্যাজ্যপুত্ৰ কৰাৰ সিদ্ধান্তক বহুতে আদৰণিও জনাইছে ।

লগতে পঢ়ক :Youth arrested with drugs: তেজপুৰত ড্ৰাগছসহ আটক দুজন যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.