Road Accident at Rangia : আনক বচাবলৈ গৈ মৃত্যুক আঁকোৱালি ললে ৰঙিয়াৰ যুৱকে

author img

By

Published : Nov 23, 2022, 7:00 AM IST

Road Accident at Rangia

পথচাৰীৰ জীৱন বচাবলৈ গৈ নিজেই মৃত্যুক আকোঁৱালি ল'লে ৰঙিয়াৰ এজন যুৱকে ৷ ঘটনাটো সংঘটিত হয় মঙলবাৰে নিশা (Rangia youth died in road accident)৷

ৰঙিয়া, 23 নৱেম্বৰ : ৰঙিয়াৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ভাতকুছিত সংঘটিত হ’ল এটা শোকাৱহ পথ দুৰ্ঘটনা । ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰা এগৰাকী পথচাৰীক বচাবলৈ গৈ নিজেই মৃত্যুক আকোঁৱালি ল'বলগীয়া হ’ল ৰঙিয়াৰ বৰকুকুৰীয়াৰ এজন যুৱকে (Rangia youth died in road accident)।

ঘটনাৰ বিৱৰণী অনুসৰি, ৰঙিয়াৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ(National highway 27) ভাতকুছিত মঙলবাৰে নিশা সংঘটিত ভয়ংকৰ দুঘটনাত এজন যুৱক নিহত হোৱাৰ লগতে দুজন যুৱক গুৰুতৰভাৱে আহত হয় । দুয়োজনৰে ঘৰ ৰঙিয়াৰ বৰকুকুৰীয়াত বুলি জানিব পৰা গৈছে । ৰঙিয়াৰ পৰা এ এছ ০১ এ ইউ ৬০৩২ নম্বৰৰ এখন বাইকৰে যুৱক দুজনে ৰাষ্ট্ৰীয় ঘাইপথটোৰে ঘৰলৈ গৈ আছিল । দুয়োজনে ভাতকুছি পোৱা মাত্ৰকে বাইকখনৰ সন্মুখৰে হঠাৎ পাৰ হৈ যোৱা এজন ব্যক্তিক বচাবলৈ গৈ যুৱকদ্বয় পথৰ মাজত বাগৰি পৰে (Accident at Rangia)।

আনক বচাবলৈ গৈ মৃত্যুক আঁকোৱালিলে ৰঙিয়াৰ যুৱকে

সেই সময়তে একে দিশৰ পৰা তীব্ৰগতিৰে গৈ থকা এখন ট্ৰাকে আজিজুৰ হ'ক নামৰ যুৱকজনক মহতিয়াই নিয়ে । ফলত ঘটনাস্থলীতে যুৱকজনে মৃত্যুক সাৱটি লয় (Truck hits bike at Rangia)। আনহাতে ৰেকিৱ আহমেদ নামৰ যুৱকজন গুৰুতৰভাবে আহত হয় । উক্ত ঘটনাত খোজকাঢ়ি পথ অতিক্ৰম কৰা যুৱকনো আহত হয় ৷ যুৱকজনৰ সঠিক পৰিচয় এই পৰ্যন্ত লাভ কৰা নাই যদিও নলবাৰী জিলাৰ বুলি জানিব পৰা গৈছে । স্থানীয় ৰাইজৰ সহযোগত আহত যুৱক দুজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।

ইফালে ঘটনা সংঘটিত হোৱাৰ কিছু সময়ৰ পাছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো ৰঙিয়া থানালৈ লৈ যায় । দুৰ্ঘটনাটো সংঘটিত কৰি পলায়ন কৰা ট্ৰাকখন জব্দ কৰাৰ বাবে আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে । যান-বাহন আইন উলংঘা কৰি হঠাৎ ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰাৰ বাবে এই দুৰ্ঘটনাটোত সংঘটিত হোৱা বুলি সচেতন মহলে মত ব্যক্ত কৰিছে ।

লগতে পঢ়ক : Assam car burnt: মেঘালয়ত উত্তেজিত যুৱকৰ দলে জ্বলালে অসমৰ বাহন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.