ETV Bharat / state

দক্ষিণ কামৰূপৰ আমত’লাত যুৱকৰ দেহত কৰ'ণা পজিটিভ

author img

By

Published : Jun 14, 2020, 10:58 PM IST

One more corona positive cases fund in south kamrup chhaygaon
One more corona positive cases fund in south kamrup chhaygaon

দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ নিকটৱৰ্তী আমত’লা গাঁৱৰ এজন যুৱকৰ দেহত ধৰা পৰিছে কোভিড-১৯ পজিটিভ ৷ গুৱাহাটীৰ এখন ফাৰ্মাচীত কাম কৰা যুৱকজনৰ যোৱা ৯ জুনৰ পৰা জ্বৰত আক্ৰান্ত হৈ আছিল ৷ বৰ্তমান আক্ৰান্ত ৰোগীজনক চিকিৎসাৰ বাবে গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতাললৈ নিয়া হৈছে ৷

ছয়গাঁও, ১৪ জুন : ৰাজ্যত দিনক দিনে বৃদ্ধি পাই আহিছে কৰ'ণা আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ এইবাৰ দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ নিকটৱৰ্তী আমত’লা গাঁৱৰ এজন যুৱকৰ দেহত ধৰা পৰিছে কোভিড-১৯ পজিটিভ ৷ আক্ৰান্ত হোৱা যুৱকজনৰ নাম হ’ল প্ৰশান্ত মেধি ৷ গুৱাহাটীৰ এখন ফাৰ্মাচীত কাম কৰা যুৱকজন ৯ জুনৰ পৰা জ্বৰত আক্ৰান্ত হৈ আছিল ৷

পৰৱৰ্তী সময়ত ১০ জুনত ছয়গাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত যুৱকজনৰ তেজৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে ৷ যুৱকজনৰ তেজৰ নমুনা গুৱাহাটীত পৰীক্ষা কৰাৰ অন্তত দেওবাৰে কোভিড-১৯ পজিটিভ ধৰা পৰে ৷ বৰ্তমান আক্ৰান্ত ৰোগীজনক চিকিৎসাৰ বাবে গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী হাস্পাতাললৈ নিয়া হৈছে ৷

আনহাতে, স্থানীয় প্ৰশাসনে ৰোগীজনৰ চুবুৰীটোৰ ৪০০ মিটাৰ এলেকা চীল কৰি দিয়ে ৷

উল্লেখযোগ্য যে, যুৱকজনৰ দেহত কৰ'ণা ভাইৰাছ পোৱাৰ বাতৰি বিয়পি পৰাৰ পিচতেই গাঁওখনৰ লোক সকল আতংকিত হৈ পৰিছে ৷ জানিব পৰা মতে, ছয়গাঁৱৰ চিকিৎসকে যুৱকজনৰ তেজৰ নমুনা সংগ্ৰহ কৰাৰ পিচতেই যুৱকজনক হোম কোৱাৰেণ্টাইন হৈ থাকিবলৈ নিৰ্দেশ দিছিল যদিও যুৱকজনে স্বাস্থ্য বিভাগৰ নিৰ্দেশ পালন নকৰি ঘূৰা ফুৰা কৰি আছিল বুলি জানিব পৰা গৈছে ৷ সেয়েহে যুৱকজনৰ সংস্পৰ্শলৈ অহা লোক সকলৰ দেহতো কৰ'ণা ভাইৰাছ বিয়পিব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে স্বাস্থ্য বিভাগে । লগতে, যুৱকজনৰ সংস্পৰ্শলৈ অহা লোক সকলৰ তেজৰ নমুনা সংগ্ৰহ কৰিব বুলি জানিব পৰাৰ লগতে প্ৰশাসনে সকলো লোককে হোম কোৱাৰেণ্টাইন হবলৈ নিৰ্দেশ প্ৰদান কৰিছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.