ETV Bharat / state

বকোৰ সোণতলীত ট্ৰেক্টৰৰ খুন্দাত আহত কৃষক

author img

By

Published : Feb 22, 2021, 6:09 PM IST

বকোৰ সোণতলীৰ মাহতলীত ট্ৰেক্টৰৰ খুন্দাত গুৰুতৰভাৱে আহত কৃষক ৷ নিজ খেতিপথাৰতে নিয়োগ কৰা ট্ৰেক্টৰৰ খুণ্ডাত আঘাটপ্ৰাপ্ত হয় মুছলিম উদ্দিন নামৰ কৃষকজন ৷ সংকটজনক অৱস্থাত GMCH লৈ প্ৰেৰণ কৰে চিকিৎসকে।

বকোৰ সোণতলীত ট্ৰেক্টৰৰ খুন্দাত আহত কৃষক
বকোৰ সোণতলীত ট্ৰেক্টৰৰ খুন্দাত আহত কৃষক

বকো,22ফেব্ৰুৱাৰী: বকোৰ সোণতলীৰ মাহতলীত সংঘটিত হয় এক দুৰ্ঘটনা ৷ খেতিপথাৰত ট্ৰেক্টৰৰ খুন্দাত গুৰুতৰভাৱে আহত কৃষক ৷ ঘটনা অনুসৰি, মুছলিম উদ্দিন নামৰ লোকজনে নিজ খেতিপথাৰত হাল বোৱা কামত নিয়োগ কৰিছিল ট্ৰেক্টৰখন ৷ কিন্তু কৃষকজনে আন কামত মনোযোগ দি থাকোতে পাচফালৰ পৰা আহি প্ৰচণ্ড জোৰে খুন্দা মাৰে ট্ৰেক্টৰখনে ৷ যাৰ ফলত গুৰুতৰ ভাৱে আহত হয় কৃষকজন ৷ ততাতৈয়াকৈ মুছলিম উদ্দিনক সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় যদিও সংকটজনক অৱস্থাত GMCH লৈ প্ৰেৰণ কৰে চিকিৎসকে।

লগতে পঢ়ক: বকোৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাগ্ৰস্ত যাত্ৰীবাহী বাছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.