ETV Bharat / state

ছয়গাঁৱত ড্ৰাগছসহ এজন আটক

author img

By

Published : Nov 3, 2021, 2:07 PM IST

one-arrested-with-drugs-at-chhaygaon
ছয়গাঁৱত ড্ৰাগছসহ এজন আটক

ছয়গাঁৱত আৰক্ষীয়ে আটক কৰিলে এজন ড্ৰাগছ ব্যৱসায়ীক ৷ মঙলবাৰে নিশা ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত চলোৱা হৈছিল অভিযান ৷

ছয়গাঁও , 3 নৱেম্বৰ : ৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰোধী ধাৰাবাহিক অভিযান ৷ প্ৰত্যেক দিনাই আৰক্ষীয়ে অভিযান চলাই বহুসংখ্যক নিচাজাতীয় সামগ্ৰী জব্দ কৰি আহিছে ৷ ইয়াৰ মাজতে মঙলবাৰে নিশা ছয়গাঁও আৰক্ষীৰ এটি দলে মাজগুমিত এক অভিযান চলায় ৷ অভিযানত এজন ড্ৰাগছ ব্যৱসায়ীক আটক কৰাৰ লগতে বৃহৎ পৰিমাণৰ ড্ৰাগছসহ এখন ৰয়েল এনফিল্ড মটৰ চাইকেল জব্দ কৰে আৰক্ষীয়ে ৷

one-arrested-with-drugs-at-chhaygaon
ছয়গাঁৱত ড্ৰাগছসহ এজন আটক

মঙলবাৰ নিশাৰ ঘটনাৰ পূৰ্বেও ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সামান্তৰালকৈ ছয়গাঁও আৰক্ষীয়েও বিগত দিনকেইটাত অবৈধ কাৰ্যকলাপৰ বিৰুদ্ধে অভিযান চলাই আহিছে ৷ ইতিমধ্যে ছায়গাঁৱত কেইবাটাও অভিযানত বহুসংখ্যক ড্ৰাগছ, সুৰা, গাঞ্জা, চোৰাং গৰু আদি জব্দ কৰাৰ লগতে কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে ৷

one-arrested-with-drugs-at-chhaygaon
ছয়গাঁৱত ড্ৰাগছসহ এজন আটক

ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত চলোৱা হৈছিল উক্ত অভিযান ৷ অভিযানটোত আৰক্ষীয়ে ছয়গাঁৱৰ মাজগুমিৰ ড্ৰাগছ ব্যৱসায়ী ছফিকুল ইছলামক আটক কৰে ৷ আৰক্ষীয়ে ছফিকুল ইছলামৰ মটৰ চাইকেলৰ টুল বক্সৰ ভিতৰত সোমাই ৰখা 30 টা ড্ৰাগছভৰ্তি কণ্টেইনাৰ আৰু 40 টা খালী কন্টেইনাৰ জব্দ কৰে ৷

আৰক্ষীয়ে সম্প্ৰতি ছয়গাঁও থানাত ড্ৰাগছ ব্যৱসায়ীজনৰ জেৰা অব্যাহত ৰাখিছে ।

লগতে পঢ়ক : কেৰেলাত অভিযান চলাই নাৰীদেহ ব্যৱসায়ী চক্ৰ উৎখাত নগাঁও আৰক্ষীৰ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.