সামাজিক মাধ্যমত মহিলাৰ অশ্লীল ফটো, স্বামীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ

author img

By

Published : Sep 30, 2022, 1:57 PM IST

Rangia

সামাজিক মাধ্যমত ভাইৰেল এগৰাকী মহিলাৰ অশ্লীল ফটো আৰু ভিডিঅ'(Obscene pictures of women in social media)। মহিলাগৰাকীৰ স্বামীয়ে ফটো আৰু ভিডিঅ'বোৰ ভাইৰেল কৰাৰ অভিযোগ । স্বামীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিলে ভুক্তভোগী পত্নী ।

ৰঙিয়া,৩০ ছেপ্টেম্বৰ : কামৰূপ জিলাৰ অন্তৰ্গত ৰঙিয়াৰ ধুহিত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে । স্বামীৰ বিৰুদ্ধে এজাহাৰ দিবলৈ আৰক্ষীৰ কাষ চাপিছে এগৰাকী মহিলা (FIR against husband in Rangia)। স্বামীয়ে মহিলাগৰাকীৰ অশ্লীল ফটো আৰু ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল কৰি দিয়াৰ অভিযোগ কৰিছে (Obscene pictures of women)।

মহিলাগৰাকীয়ে অভিযোগ কৰা মতে দুয়োৰে মাজত প্ৰথমে প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল । তাৰ পাছতে ১৬ বছৰ বয়সতে প্ৰেমিকৰ সৈতে পলায়ন কৰিছিল মহিলাগৰাকীয়ে । প্ৰথমে সকলো ঠিকে চলি আছিল । সময়ৰ লগে লগে তেওঁলোকৰ সম্পৰ্কতো কিছু পৰিৱৰ্তন আহিল ।

সামাজিক মাধ্যমত মহিলাৰ অশ্লীল ফটো

দিনে নিশাই মোবাইলত প্ৰেমৰ কথা কৈ পলাই যাবলৈ বাধ্য কৰা প্ৰেমিকাক স্বামীয়ে আৰম্ভ কৰিলে নিৰ্যাতন । নলবাৰী জিলাৰ মহিলাগৰাকী স্বামী আৰু স্বামীৰ পৰিয়ালে শাৰীৰিক তথা মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ কৰে । যৌতুকৰ দাবী কৰি পত্নীক প্ৰায়ে স্বামী আখতাৰুল হুছেইনে অত্যাচাৰ কৰে বুলি অভিযোগ কৰে পত্নীয়ে ।

উপায় বিহীন হৈ চাৰি মাহ পূৰ্বে দুবছৰীয়া কন্যা সন্তানসহ মহিলাগৰাকীয়ে আশ্ৰয় লয় মাতৃ গৃহত । ইমানতে ক্ষান্ত নাথাকি এইবাৰ স্বামী আখতাৰুল হুছেইনে নিজৰ পত্নীৰ নগ্ন ফটো, ভিডিঅ' ভাইৰেল কৰিলে সামাজিক মাধ্যমত । যাৰ বাবে ভুক্তভোগী মহিলাগৰাকীয়ে কঞা আৰক্ষীৰ কাষ চাপিছে ।

ঘটনা সন্দৰ্ভত ইতিমধ্যে ভুক্তভোগী মহিলাগৰাকীয়ে কঞা আৰক্ষী চকীত স্বামীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে । সমগ্ৰ ঘটনাক লৈ এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলত ।

লগতে পঢ়ক :গুৱাহাটীত ৰে’ল আৰক্ষীয়ে জব্দ কৰিলে 32 টা ম’হ ভৰ্তি ট্ৰাক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.