ETV Bharat / state

The Slam Book: অনুৰাধা চিত্ৰগৃহত ‘দ্য শ্লেমবুক’ৰ প্ৰিমিয়াৰ শ্ব’: শুকুৰবাৰে শুভমুক্তি

author img

By

Published : Jun 29, 2023, 8:17 AM IST

The Slam Book
অনুৰাধা চিত্ৰগৃহত ‘দ্য শ্লেমবুক’ৰ প্ৰিমিয়াৰ শ্ব

মহানগৰীৰ অনুৰাধা চিত্ৰগৃহত বুধবাৰে অনুষ্ঠিত হয় নতুন অসমীয়া চলচ্চিত্ৰ ‘দ্য শ্লেমবুক’ৰ প্ৰিমিয়াৰ শ্ব' । শুকুৰবাৰে অসমৰ সকলো চিত্ৰগৃহতে মুক্তিলাভ কৰিব ছবিখনে ৷ এন কে প্ৰডাকচনৰ বেনাৰত নিৰ্মিত ছবিখনিৰ গীতসমূহে ইতিমধ্যে দৰ্শকৰ ব্যাপত সঁহাৰি লাভ কৰা পৰিলক্ষিত হৈছে ৷

গুৱাহাটী, ২৯ জুন: বুধবাৰে মহানগৰীস্থিত অনুৰাধা চিত্ৰগৃহত নতুন অসমীয়া চলচ্চিত্ৰ ‘দ্য শ্লেমবুক’ প্ৰিমিয়াৰ শ্ব' অনুষ্ঠিত হৈ যায় ৷ শুকুৰবাৰে অসমৰ সকলো চিত্ৰগৃহতে মুক্তিলাভ কৰিব ছবিখনে ৷ আনহাতে, ১৯৮৩ চনত জন্মলাভ কৰা অসমৰ বিশাল প্ৰডাকচন হাউচ এন কে প্ৰডাকচনে গৰকিলে ৪০ টা বসন্ত ৷ চল্লিশবছৰীয়া এই মধুৰ ক্ষণত প্ৰডাকচন হাউচটোৱে প্ৰত্যেকবাৰৰ দৰেই এইবাৰো দুগৰাকী নৱাগত অভিনেতা-অভিনেত্ৰীৰে অসমৰ ৰাইজক উপহাৰ দিবলৈ ওলাইছে ‘দ্য শ্লেমবুক’ ৷

অসমীয়া সাংস্কৃতিক জগতখনিত সোণালী আখৰেৰে লিপিবদ্ধ হৈ থকা অসমৰ আগশাৰীৰ প্ৰডাকচন হাউচৰ স্বত্বাধিকাৰী তথা প্ৰযোজক দেৱ বৰকটকীয়ে প্ৰযোজনা কৰিছে ছবিখনি ৷ কাহিনী-পৰিচালনা প্ৰাঞ্জল গৈয়াৰীৰ ৷ চিত্ৰনাট্য-সংলাপ বিষ্ণুজ্যোতি সন্দিকৈৰ ৷ ৰেড এপিক আৰু ৰেড এম এ’ কেমেৰাৰে ছবিখনিৰ দৃশ্যগ্ৰহণ কৰিছে জ্ঞান গৌতমে ৷ মুখ্য সহকাৰী পৰিচালক সপ্তঋষি গৌতম ৷ ৰূপসজ্জা কাম্‌ছীৰ ৷ কৰিঅ’গ্ৰাফাৰ– দীপক দে’ আৰু উদয় শংকৰ ৷

‘যৌৱনৰ জপনা খোলোঁতেই বুকুত যেতিয়া প্ৰেমে বুৰবুৰণি দিবলৈ আৰম্ভ কৰে, ঠিক তেতিয়াই এহাল যুৱক-যুৱতীৰ মিলন হয় ৷ প্ৰেমৰ পথাৰত তেতিয়াই যেন ফুলি উঠে হেজাৰ হেজাৰ ৰজনীগন্ধা ৷ চৌদিশে বিয়পি পৰে ভালপোৱাৰ সুবাস ৷ কিন্তু হেজাৰ চেষ্টা কৰিলেও আপেক্ষিক এই ভালপোৱাৰ মাজতেই আহি পৰে বিচ্ছেদৰ বহুতো কেঁকুৰী ৷ দিশহাৰা হয় প্ৰেম ৷ অকালতে মৰহি পৰে প্ৰতিশ্ৰুতিৰ প্ৰতিটো গোলাপৰ কলি ৷ কিন্তু প্ৰথম প্ৰেমৰ হৃদয় কঁপোৱা সেই উন্মাদনাক জানো পাহৰিব পাৰে কোনোবাই ? ভয় নাই, শংকা নাই, প্ৰেমৰ বাবে যাব পাৰো বাটকুৰি বাই ৷ তেজে তুমৰলি কোমল কলিজাটো লৈ হেজাৰ কাঁইটকো নেওচি যেন লৈ আনিব পাৰে প্ৰথম প্ৰেমৰ ৰাধাচূড়া ৷ প্ৰাপ্তিৰ হেজাৰ বসন্তৰ সুবাস বিলাই ভালপোৱা সোমাই পৰে দুবাহুত ৷ কিন্তু কেতিয়াবা নিৰাশ বৰষুণৰ টোপালবোৰ লগ হয় দুচকুত ৷ বিৰহৰ তপত চকুলোৱে কোনদিশে ধাৱিত কৰিব পাৰে জীৱন নদী ?’ –ঠিক এনে এক কাহিনীৰ আধাৰতেই ৰচনা কৰা হৈছে চিত্ৰনাট্যভাগ ৷

‘দ্য শ্লেমবুক’ৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰিছে ক্ৰমে- নিৰূপম শইকীয়া, বিভূতি ভূষণ হাজৰিকা, ৰূপম বৰুৱা, শ্ৰেষ্ঠা চৌধুৰী, পুনম লহকৰ, সীদ্ধাৰ্থ মূখাৰ্জী, কাকলি সন্দিকৈ, প্ৰিয়ংকা বৰুৱা, ৰাজ দত্ত, চিন্ময় বৰগোহাঁইৰ লগতে বহুতো ন-পুৰণি অভিনয় শিল্পীয়ে ৷ জুবিন গাৰ্গে সংগীত পৰিচালনা কৰা ‘দ্য শ্লেমবুক’ত সন্নিৱিষ্ট হৈছে চাৰিটিকৈ গীত ৷ জুবিন গাৰ্গ, দিগন্ত ভৰতী, শশাংক সমীৰ আৰু ৰাহুল গৌতম শৰ্মাই ৰচনা কৰা গীতসমূহত কণ্ঠদান কৰিছে জুবিন গাৰ্গ, ৰুহিত সোণাৰ, প্ৰবীণ বৰা, অৰুন্ধতী ভানুপ্ৰিয়া আৰু মানস বৰাই ৷ ইতিমধ্যে ছবিখনিৰ চাৰিওটি গীতে ব্যাপত সঁহাৰি লাভ কৰা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক: Sri Raghupati : ২১ দিনত ১০ কোটি সংগ্ৰহেৰে অভিলেখ ৰচিলে শ্ৰী ৰঘুপতিয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.