ETV Bharat / state

পূৰ্ণাংগ মন্ত্ৰী পৰিষদে পৰিচালনা কৰা অসমৰ এখন ব্যতিক্ৰমী গাঁও

author img

By

Published : Jan 5, 2022, 7:58 PM IST

Updated : Jan 5, 2022, 9:19 PM IST

A model Village of baihata
এইখন অসমতে দ্বিতীয় এখন পুৰ্ণাংগ মন্ত্ৰী পৰিষদ

এখন ব্যতিক্ৰমী গাঁও ৷ 16 টা দপ্তৰৰ ২৬ গৰাকী মন্ত্ৰীৰে আছে এখন পূৰ্ণাংগ মন্ত্ৰী পৰিষদ ৷ ভাস্কৰ জ্যোতি নাথৰ মুখ্যমন্ত্ৰীত্বত নিয়াৰিকৈ চলি আছে চৰকাৰ ৷ য’ত নিৰ্ধাৰিত সূচী অনুসৰি হয় অধিৱেশনো ৷ ক’ত আছে এই গাঁওখন ? সবিশেষ এই প্ৰতিবেদনত...

বাইহাটা, 5 জানুৱাৰী : ভাৰতবৰ্ষৰ ৰাজ্যসমূহত থকা চৰকাৰৰ লেখিয়াকৈ এখন পুৰ্ণাংগ মন্ত্ৰী পৰিষদৰ দ্বাৰা পৰিচালিত এখন গাঁও ৷ য’ত মুখ্যমন্ত্ৰীৰ পৰা ধৰি স্বাস্থ্য মন্ত্ৰী, শিক্ষা মন্ত্ৰী, শক্তি মন্ত্ৰী আদিকে ধৰি 16 টা দপ্তৰেৰে এখন পূৰ্ণাংগ মন্ত্ৰী পৰিষদৰ চৰকাৰ (Cabinet like structure to manage daily affairs of the village) ৷ পিছে ক’ত আছে এই ব্যতিক্ৰমী চৰকাৰখন ?

এইখন অসমৰে দৰং জিলাৰ ছিপাঝাৰ ৰাজহচক্ৰৰ অন্তৰ্গত এখন গাঁও হালধা আদৰ্শ গাঁও (Haldha model village under Sipajhar) ৷ 2017 চনৰে পৰা গাঁওখন পৰিচালিত হৈ আহিছে এখন চৰকাৰৰ জৰিয়তে ৷ কিন্তু এইখন চৰকাৰক আপুনি অসম চৰকাৰ বুলি ভুল নকৰিব ৷

ৰাজ্যৰ অন্যান্ত গাঁও, চহৰ, নগৰসমূহৰ দৰে এইখন গাঁও অসম চৰকাৰৰ অন্তৰ্গত যদিও পিছে গাঁওখনত আছে আন এখন চৰকাৰ ৷

এইখন অসমতে দ্বিতীয় এখন পূৰ্ণাংগ মন্ত্ৰী পৰিষদ

যি গাঁওখনক স্বচ্ছ, নিকা কৰি তোলাৰ লগতে শিক্ষা, সাহিত্য, সংস্কৃতি আদি ক্ষেত্ৰতো আগুৱাই নি এখন আদৰ্শ গাঁও হিচাপে গঢ়ি তোলাৰ লক্ষ্য গাঁওবাসীৰ ৷ গাঁওখনৰ লোকসকলৰ স্বচ্ছতাৰ প্ৰতি থকা আন্তৰিকতাৰ বাবে ২০১৮ বৰ্ষত দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (Prime Minister Narendra Modi) টুইট যোগে গাঁওবাসীক জনাইছিল শুভেচ্ছা ৷

দেশৰ মূৰব্বীগৰাকীৰ এই শুভেচ্ছাবাণীত উৎফুল্লিত গাঁওবাসীয়ে এতিয়া থমকি ৰোৱা নাই ৷ পূৰ্বতকৈ অধিক মনোবলেৰে গাঁওখনৰ উন্নয়নৰ কামত নিজকে সপি দিছে হালধা আদৰ্শ গাঁৱৰ উন্নয়নমূখী কাৰ্যত ৷ গাঁওখনত প্ৰৱেশ কৰাৰ লগে লগে আপোনাৰ মন ভৰি পৰিব অনাবিল আনন্দেৰে ।

সকলোকে সমানে নিজৰ সৌন্দৰ্য বিলাই দিয়া গছ-গছনিৰ সেউজীয়া শোভাই আপোনাৰ মন-প্ৰাণত ঢালি দিব এক নিৰ্মল অনুভূতি ৷ গাঁওখনৰ প্ৰতি ঘৰ মানুহৰ পদুলিত আছে একো একোটা বাঁহৰে নিৰ্মিত ডাষ্টবিন । স্বচ্চতাৰ বাবে গাঁওখন পৰিষ্কাৰ কৰিবলৈ ওলাই আহে পুৰুষ মহিলা সকলো ৷

আদৰ্শ গাঁওখনৰ অন্য এক বৈশিষ্ট হৈছে গাঁওখনত অনুষ্ঠিত হোৱা বিবাহ, সভা আদিত কোনো ধৰণৰ প্লাষ্টিক জাতীয় সামগ্ৰী ব্যৱহাৰ কৰাৰ বিপৰীতে কলগছৰ পটুৱা, দোনা আদি ব্যৱহাৰ কৰে । গাঁওখনৰ আন এক গুৰুত্বপূৰ্ণ দিশ হৈছে, প্ৰতিবছৰে ১৪ নৱেম্বৰৰ দিনটোত গাঁৱৰ দুৰ্গত বা দুৰাৰোগ্য ৰোগী সকলক মন্ত্ৰী সভাৰ তৰফৰ পৰা এককালীন সাহাৰ্য আগবঢ়োৱা ।

এইবাৰ আহো গাঁৱৰ পূৰ্ণাংগ মন্ত্ৰী পৰিষদেৰে গঠিত চৰকাৰখনলৈ ৷ মহিলাসকলকো সমানে অগ্ৰাধিকাৰ দিয়া চৰকাৰখনে অতি নিয়াৰিকৈ চলাই গৈছে প্ৰশাসন ব্যৱস্থা ৷ মুখ্যমন্ত্ৰী ভাস্কৰ জ্যোতি নাথৰ নেতৃত্বত গঠিত চৰকাৰখনৰ প্ৰসংগত স্বয়ং মুখ্যমন্ত্ৰীগৰাকীৰ এনেদৰে এখন মন্ত্ৰীসভা থকা এইখনেই দেশৰ ভিতৰত একমাত্ৰ গাঁও হিচাপে দাবী কৰে গাঁওবাসীয়ে ৷

বহুতো পৰিবৰ্তনকামী উন্নয়ন সাধন হোৱা কৃষি প্ৰধান গাঁওখনৰ প্ৰতিটো পৰিয়াল ব্যস্ত কৃষি কৰ্মৰ লগত ৷ আলু, বেঙেনা, সৰিয়হ, ধান আদি সকলো প্ৰকাৰৰ খেতি কৰে গাঁওখনৰ বাসিন্দা সকলে ৷ গাঁওখনৰ পৰা গৰু ম’হৰ গোৱৰ বাহিৰত বিক্ৰী কৰাৰ ক্ষেত্ৰতো আছে কঠোৰ বাধা-নিষেধ ৷

কিয়নো গোৱৰ আৰু জাৱৰ-জোথৰৰ পৰাই গাঁওবাসীয়ে এতিয়া প্ৰস্তুত কৰিছে কেচু সাৰ । এই সাৰ গাঁওখন তথা জিলাৰ বাহিৰলৈ ৰপ্তানী কৰিবলৈ সক্ষম হৈছে গাঁওবাসীয়ে ৷ নিশ্চয়কৈয়ে শলাগিব লগীয়া এক আদৰ্শৰে আগবঢ়া গাঁও হালধা আদৰ্শ গাঁও ৷

লগতে পঢ়ক : এখনি শুৱনি গাঁও গঢ়াৰ সোণালী হাবিয়াস এদল যুৱকৰ

Last Updated :Jan 5, 2022, 9:19 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.