ETV Bharat / state

জেহাদীৰ বিৰুদ্ধে মুছলমান লোকসকলক ওলাই অহাৰ আহ্বান বিধায়ক দিগন্ত কলিতাৰ

author img

By

Published : Aug 22, 2022, 8:16 PM IST

জেহাদীত অধিকাংশই মুছলমান লোক আছে ৷ গতিকে জেহাদ যাতে নিবিয়পে তাৰ প্ৰতি মুছলমান লোকসকলে আহ্বান জনাব লাগিব ৷ এই মন্তব্য বিধায়ক দিগন্ত কলিতাৰ (MLA Diganta Kalita) ৷

MLA Diganta Kalita
জেহাদীত অধিকাংশই মুছলমান লোক থকাৰ অভিযোগ দিগন্ত কলিতাৰ

ৰঙিয়া, 22 আগষ্ট: জেহাদী সন্দৰ্ভত ৰঙিয়াত বিধায়ক দিগন্ত কলিতাৰ বিস্ফোৰক মন্তব্য । ধুবুৰী, মৰিগাঁও আৰু বৰপেটা অঞ্চলত জেহাদীয়ে ভিতৰুৱাকৈ ডাঙৰ নেটৱৰ্ক বনোৱা বুলি মন্তব্য কৰে বিধায়ক কলিতাই (MLA Diganta Kalita reacts on Jihadi)৷ বিধায়কগৰাকীয়ে লগতে কয় যে, কিছুমান মুছলমান লোকৰ আৰু মাদ্ৰাছাৰ যোগেদি জেহাদ বিয়পাই আছে জেহাদীয়ে । মাদ্ৰাছাৰ যোগেদি ৰাইজৰ মাজলৈ যোৱাৰ চিন্তা চৰ্চা কৰি আছে জেহাদীয়ে । কোনো কাৰণতে জেহাদীক প্ৰশ্ৰয় দিয়া নহ’ব বুলি মন্তব্য কৰে দিগন্ত কলিতাই (MLA Diganta Kalita on Jihadi)।

তেওঁ কয় যে, যি ব্যক্তিয়ে নহওক, যি জাতিৰে নহওক কোনো কাৰণতে সেই জেহাদীক অসমে প্ৰশ্ৰয় নিদিয়ে । জেহাদীৰ কাৰণে ভৱিষ্যতে অশান্তিকৰ পৰিস্থিতি হ’লে তাৰ বাবে চৰকাৰকেই দায়ী কৰোৱা হ’ব বুলি তেওঁ মন্তব্য কৰে । সেয়েহে জেহাদীৰ বিৰুদ্ধে কঠোৰতকৈ কঠোৰতম ব্যৱস্থা লোৱা হৈছে বুলি তেওঁ মন্তব্য কৰে ।

জেহাদীৰ বিৰুদ্ধে মুছলমান লোক ওলাই অহাৰ আহ্বান বিধায়ক দিগন্ত কলিতাৰ

আনহাতে, মুছলমান ব্যক্তিৰ অধিকাংশৰে জেহাদীৰ লগত সংযোগ আছে বুলিও বিস্ফোৰক মন্তব্য কৰে বিধায়ক দিগন্ত কলিতাই । নতুনকৈ জেহাদীয়ে স্থিতি ল’ব নোৱাৰে তাৰ বাবে মুছলমান লোকসকলে আহ্বান জনাবলৈ কয় বিধায়ক দিগন্ত কলিতাই ৷

উল্লেখ্য যে, জেহাদী বিৰুদ্ধে চৰকাৰ-প্ৰশাসন কঠোৰ হোৱাৰ সময়তে ৰাজ্যৰ ভিন্ন ঠাইত জেহাদী সংগঠনৰ লগত জড়িত লোকক আটক কৰা হৈছে ৷ শেহতীয়াকৈ গোৱালপাৰাৰ পৰা আৰক্ষীয়ে আব্দুছ সুবাহান আৰু জালাল উদ্দিন নামৰ লোকক জেহাদীৰ সন্দেহত আটক কৰে (Suspected Jihadi arrested at Goalpara) ৷ ইয়াৰে আব্দুছ সুবাহানে মছজিদৰ ইমামৰ বেশত থাকি জেহাদীৰ ঘাটি স্থাপন কৰা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷

ইফালে মৰিগাঁৱৰ মৈৰাবাৰীৰ চহৰীয়াগাঁৱৰ জমিউল হুদা নামৰ মাদ্ৰাছাখনত মৰিগাঁও জিলা আৰক্ষীয়ে চলাইছিল অভিযান (Madrassa sealed in Morigaon)৷ মাদ্ৰাছাখনৰ প্ৰধান মুফতি মুস্তাফাৰ জেহাদী সংগঠন লগতৰ সম্পৰ্ক থকাৰ লগতে মুফতিৰ বেংক একাউণ্টত বাংলাদেশৰ আমিৰ উদ্দিন নামৰ এজন লোকৰ লগতে বিভিন্ন দেশৰ পৰা ধন সোমাৱাৰ তথ্য লাভ কৰিছিল আৰক্ষীয়ে (Police arrested Madrasa head Mufti Mustafa)৷

লগতে পঢ়ক: ভাৰতত সন্ত্ৰাসবাদী কাৰ্যকলাপৰ ষড়যন্ত্ৰ ৰচা আই এছ সন্ত্ৰাসবাদীক ৰাছিয়াত আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.