ETV Bharat / state

ৰঙিয়াৰ মুৰাৰা বিষ্ণুপুৰৰ শ্ৰী শ্ৰী লক্ষ্মী মন্দিৰত চুৰিকাণ্ড

author img

By

Published : Jan 16, 2021, 5:01 PM IST

ৰঙিয়াৰ মুৰাৰা বিষ্ণুপুৰৰ লক্ষ্মী মন্দিৰত লুট-পাত
ৰঙিয়াৰ মুৰাৰা বিষ্ণুপুৰৰ লক্ষ্মী মন্দিৰত লুট-পাত

ৰঙিয়াৰ মুৰাৰা বিষ্ণুপুৰৰ শ্ৰী শ্ৰী লক্ষ্মী মন্দিৰত লুট-পাত চলালে গভাইত চোৰে । মন্দিৰৰ তলা ভাঙি চোৰে লুটি নিলে সোণৰ বেল পাত আৰু দানপাত্ৰৰ ধন ।

ৰঙিয়া,১৬ জানুৱাৰী: ভোগালী বিহুৰ আনন্দ-উল্লাসৰ মাজতে ৰঙিয়াত এটি মন্দিৰত চোৰৰ চাফাই অভিযান । মুৰাৰা বিষ্ণুপুৰৰ শ্ৰী শ্ৰী লক্ষ্মী মন্দিৰত চোৰে লুট-পাত চলায় । বিটিচি প্ৰধান প্ৰমোদ বড়োৰ বাসগৃহৰ সন্মুখত থকা এই মন্দিৰৰ দুৱাৰৰ তলা ভাঙি চোৰে লুটি নিলে এটা সোণৰ বেল পাত । নগদ ধনসহ মন্দিৰৰ এটা দানপাত্ৰও লৈ যায় চোৰে । পিছত দিনৰ ভাগত এজন লোকৰ বাসগৃহৰ পিছফালে পৰিত্যক্ত অৱস্থাত উদ্ধাৰ হয় দানপাত্ৰটো ।

পিছত ঘটনাস্থলীত ৰঙিয়া আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে । উল্লেখ্য যে, মন্দিৰটোত থকা দুটা দানপাত্ৰত প্ৰায় ১৫ হাজাৰ টকা আছিল । ৰাইজে আগবঢ়োৱা দান-বৰঙণিৰ ধন লৈ উধাও হয় গভাইত চোৰ । এটা দানপাত্ৰৰ পৰা ধন লুটি দানপাত্ৰটো মন্দিৰতে এৰি যায় যদিও চোৰে আনটো দানপাত্ৰ এঘৰৰ বাৰীত পেলাই থৈ যায় আৰু খুচুৰা পইচাখিনি দানপাত্ৰতেই এৰি যায় ।

লগতে পঢ়ক:সত্যৰঞ্জন বৰাৰ আক্ৰমণৰ অভিযোগত আটক দুজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.