ETV Bharat / state

যান-বাহন নিয়ন্ত্ৰণত ব্যৰ্থ যোৰাবাট আৰক্ষী

author img

By

Published : Jul 30, 2019, 10:50 PM IST

যান-বাহন নিয়ন্ত্ৰণত ব্যৰ্থ যোৰাবাট আৰক্ষী ৷ যধে-মধে যান-বাহন পাৰ্কিঙৰ ব্যৱস্থাই আনিছে বিভিন্ন ধৰণৰ সমস্যা ৷ যোৰাবাট আৰক্ষীয়ে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত অৱশেষত জাঙুৰ খাই উঠে স্থানীয় ৰাইজৰ লগতে ছাত্ৰ সংগঠন ।

যান-বাহন নিয়ন্ত্ৰণত ব্যৰ্থ যোৰাবাট আৰক্ষী

গুৱাহাটী, 30জুলাইঃ একাংশ লোকে যোৰাবাটৰ পৰা খানাপাৰালৈ 37 নং ৰাষ্ট্ৰীয় ঘাই পথছোৱাত যধে-মধে যানবাহন পাৰ্কিং কৰাত বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে পথচাৰীৰ লগতে স্থানীয় বাসিন্দা। উল্লেখ্য যে নিয়ম অনুসৰি ৰাষ্ট্ৰীয় ঘাইপথত যান-বাহন ৰখাই থোৱাটো আইন বিৰোধী। কিন্তু একাংশ লোকে আইন উলংঘন কৰি যধে-মধে যান-বাহন পাৰ্কিং কৰি সমস্যাৰ সৃষ্টি কৰি আহিছে। দীৰ্ঘদিনৰ পৰাই এনেদৰে যান-বাহনসমূহ য'ত-ত'ত পাৰ্কিং কৰি অহাত যোৰাবাট আৰক্ষীয়ে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত অৱশেষত জাঙুৰ খাই উঠে স্থানীয় ৰাইজৰ লগতে ছাত্ৰ সংগঠন। অতিশীঘ্ৰে আৰক্ষীয়ে এইক্ষেত্ৰত বিহীত ব্যৱস্থা গ্ৰহণ কৰি সমস্যাৰ সমাধান কৰাৰ দাবী জনায় স্থানীয় লোকসকলে ৷

যান-বাহন নিয়ন্ত্ৰণত ব্যৰ্থ যোৰাবাট আৰক্ষী
Intro:যান-বাহন নিয়ন্ত্ৰণত ব্যৰ্থ যোৰাবাট আৰক্ষী : যধে-মধে যান-বাহন পাৰ্কিঙৰ ব্যৱস্থাই আনিছে বিভিন্ন ধৰণৰ সমস্যা


Body:একাংশ অসচেতন লোকে যোৰাবাটৰ পৰা খানাপাৰালৈ 37 নং ৰাষ্ট্ৰীয় ঘাই পথছোৱাত যধে-মধে যান-বাহন পাৰ্কিং কৰাত বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে পথচাৰী সকলৰ লগতে স্থানীয় বাসিন্দা। যান-বাহন পাৰ্কিং কৰাই নহয় পেট্ৰল পাম্পৰ সন্মুখত থকা মুকলি দ্বিভাইডাৰেৰে প্ৰৱেশ কৰি ৰখাই থয় যান-বাহনসমূহ। উল্লেখযোগ্য যে নিয়ম অনুসৰি ৰাষ্ট্ৰীয় ঘাইপথত যান-বাহনসমূহ ৰখাই থোৱাটো আইনবিৰোধী। আৰু একাংশ অসচেতন নাগৰিকে আইন উলংঘন কৰি সমস্যাৰ সৃষ্টি কৰি আহিছে।

দীৰ্ঘদিনৰ পৰাই এনেদৰে যান-বাহনসমূহ য'ত-ত'ত পাৰ্কিং কৰি অহাত যোৰাবাট আৰক্ষীয়ে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত অৱশেষত জাঙুৰ খাই উঠে স্থানীয় ৰাইজৰ লগতে ছাত্ৰ সংগঠন।

যোৰাবাট আৰক্ষীৰ হেমাহীৰ বাবে আছুৰ এটা দলে এই সম্পৰ্কে মহানগৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰক এখনি স্মাৰক পত্ৰ প্ৰেৰণ কৰে যদিও আজি কোপতি কোনোধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই।

আৰক্ষীৰ এই নিৰ্লিপ্ত ভূমিকাত এতিয়াও আশাবাদী স্থানীয় ৰাইজৰ লগতে দল-সংগঠনসমূহ। তেওঁলোকৰ দাবী যে অতিশীঘ্ৰে আৰক্ষীয়ে যাতে এইক্ষেত্ৰত বিহীত ব্যৱস্থা গ্ৰহণ কৰি সমস্যাৰ সমাধান কৰে।

বাইট: ছাত্ৰ নেতা , দিব্যজ্যোতি মেধি






Conclusion:এতিয়া প্ৰশ্ন হয় যে পেট্ৰল পাম্পৰ হৈ যোৰাবাট যান-বাহন আৰক্ষীয়ে এইদৰে নিৰ্লিপ্ত ভূমিকা গ্ৰহণ কৰি আহিছে নেকি? কেতিয়ালৈ চলিব এইদৰে নিমাত কাৰ্য্য ?
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.