ETV Bharat / state

কাগজতে আৱদ্ধ চৰকাৰী SOP: তালাচী চকীয়েদি খোজকাঢ়ি গুৱাহাটী প্ৰৱেশ যাত্ৰীৰ

author img

By

Published : Aug 2, 2021, 6:28 PM IST

ৰাজ্যত ক’ৰণা সংক্ৰমণ ৰোধ কৰাৰ বাবে চৰকাৰে বিভিন্ন জিলাত লকডাউন-কোৱাৰেইন্টাইন ঘোষণা কৰাৰ লগতে আন্তঃজিলা যাতায়ত বন্ধ ৰখাৰ বাবে নিৰ্দেশনা জাৰি কৰিছিল ৷ কিন্তু চৰকাৰী নিৰ্দেশনাৰ পৰিবৰ্তে এতিয়া একাংশ লোকে খোজকাঢ়ি কামৰূপ গ্ৰাম্যাঞ্চলৰ সীমা অতিক্ৰম কৰি মহানগৰীত প্ৰৱেশ কৰা পৰিলক্ষিত হৈছে ৷

inter-district travel sop
কাগজতে আৱদ্ধ চৰকাৰী SOP: তালাচী চকীয়েদি খোজকাঢ়ি গুৱাহাটী প্ৰৱেশ যাত্ৰীৰ

ছয়গাঁও, ২ আগষ্ট : কৰ’ণা (Covid 19)ৰ সংহাৰী ৰূপৰ বাবে দীৰ্ঘদিন ধৰি বন্ধ হৈ আছে আন্তঃজিলা যাতায়ত । কিন্তু চৰকাৰৰ এই নিৰ্দেশনা যেন এতিয়া পৰিণত হৈছে ধোঁৱাচাঙত । এতিয়া যেন কেৱল কাগজতহে আৱদ্ধ হৈ আছে চৰকাৰী নিৰ্দেশনা (SOP) । কিয়নো কামৰূপ মহানগৰ আৰু কামৰূপ গ্ৰাম্যাঞ্চলৰ সীমান্তৰ পৰিৱেশ দেখিলে আপোনাৰ চকু কপালত উঠিব । আৰক্ষীৰ চকুৰ সন্মুখতে বিনাদ্বিধাই খোজকাঢ়ি পাৰ হৈ আছে একাংশ যাত্ৰী ।

আৰক্ষীৰ তালাচী চকীৰ দুয়োপাৰে কামৰূপ মহানগৰ আৰু কামৰূপ গ্ৰাম্যাঞ্চলৰ লগতে গোৱালপাৰা, ধুবুৰী আদিৰ পৰা অহা একাংশ সৰু-বৰ গাড়ী ৰখাই বাছ আস্থানলৈ পৰিৱৰ্তন হৈছে বঙৰাৰ এই অঞ্চলটো । গোৱালপাৰা, ধুবুৰী বা কামৰূপ গ্ৰাম্যৰ পৰা অহা গুৱাহাটী অভিমুখী যাত্ৰীসকলে তালাচী চকীৰ কিছু নিলগতে গাড়ীৰ পৰা নামি খোজকাঢ়ি তালাচী চকী পাৰহৈ পিছত বিনাদ্বিধাই গুৱাহাটীলৈ ৰাওনা হয় ৷ ঠিক একেদৰেই গুৱাহাটীৰ পৰা অহা যাত্ৰীসকলেও তেনেকৈয়ে যাতায়ত কৰি আছে ।

কাগজতে আৱদ্ধ চৰকাৰী SOP: তালাচী চকীয়েদি খোজকাঢ়ি গুৱাহাটী প্ৰৱেশ যাত্ৰীৰ

মুঠতে এতিয়া মহানগৰীত প্ৰৱেশ কৰিবলৈ বা ওলাই যাবলৈ আপোনাৰ কোনো অসুবিধাই নহয় ৷ কিন্তু এইখিনিতে প্ৰশ্ন হয়, চৰকাৰে বন্ধ ঘোষণা কৰা আন্তঃজিলা যাতায়ত কিমান দূৰ সফল হৈছে । কিয়নো ইতিমধ্যে বিভিন্ন জিলাৰ মাজত ৰে’লযোগে যাতায়ত চলি থকাৰ উপৰিও এনেদৰে জনসাধাৰণে অতিক্ৰম কৰি আছে জিলাৰ সীমান্ত । চৰকাৰী SOP যেন এতিয়া কেৱল কাগজতহে আৱদ্ধ ।

লগতে পঢ়ক : আজিও অক্ষত আহোমৰ প্ৰযুক্তিৰে নিৰ্মিত স্মৃতিসৌধসমূহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.