ETV Bharat / state

ছয়গাঁৱৰ গৰৈমাৰীত অসম জাতীয় পৰিষদৰ বিশাল নিৰ্বাচনী সভা

author img

By

Published : Jan 23, 2021, 7:28 PM IST

huge-meeting-of-ajp-at-chhaygaon-goroimari
ছয়গাঁৱৰ গৰৈমাৰীত অসম জাতীয় পৰিষদৰ বিশাল নিৰ্বাচনী সভা

ছয়গাঁৱৰ গৰৈমাৰীত নৱ গঠিত ৰাজনৈতিক দল AJP য়ে আয়োজন কৰিলে বিশাল নিৰ্বাচনী সভা । সভাত কেইবা সহস্ৰাধিক লোক উপস্থিত থকা সভাত AJP ৰ সভাপতি লুৰিণ জ্যোতি গগৈকে ধৰি দলটোৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা, যুটীয়া সম্পাদক প্ৰিন্স ফাইজুল হক, উপ-সভাপতি দুলু আহমেদকে ধৰি বহুকেইজন বিষয়ববীয়া উপস্থিত থাকে ।

বকো, 23 জানুৱাৰী : দক্ষিণ কামৰূপৰ সংখ্যালঘু বসতি প্ৰধান অঞ্চল গৰৈমাৰীত AJP য়ে আয়োজন কৰিলে বিশাল নিৰ্বাচনী সভা । সংখ্যালঘু ৰাইজক AJP ৰ সভাপতি লুৰিণ জ্যোতি গগৈয়ে বুজালে বিজেপি-এআইইউডিএফৰ গোপন বুজাবুজিৰ কথা । সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদকো কটাক্ষ লুৰিণ জ্যোতি গগৈৰ ।

লুৰিণ জ্যোতি গগৈৰ মন্তব্য

শুকুৰবাৰে দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ গৰৈমাৰীত নৱ গঠিত ৰাজনৈতিক দল AJP য়ে আয়োজন কৰিলে বিশাল নিৰ্বাচনী সভা । সভাত কেইবা সহস্ৰাধিক লোক উপস্থিত থকা সভাত AJP ৰ সভাপতি লুৰিণ জ্যোতি গগৈকে ধৰি দলটোৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা, যুটীয়া সম্পাদক প্ৰিন্স ফাইজুল হক, উপ-সভাপতি দুলু আহমেদকে ধৰি বহুকেইজন বিষয়ববীয়া উপস্থিত থাকে ।

লগতে পঢ়ক : ঐতিহাসিক জেৰেঙা পথাৰত কি ক’লে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে

ভাষণত উপ-সভাপতি দুলু আহমেদে বিধায়ক ৰেকিবুদ্দিন আহমেদক কটাক্ষ কৰি ৰেকিবুদ্দিনে দিনত কংগ্ৰেছৰ আৰু ৰাতি বিজেপিৰ ভাত খাই বুলি মন্তব্য কৰে । আনহাতে, ভাষণত সাধাৰণ সম্পাদক জগদীশ ভূঞাই বিজেপিৰ বিকশিত অসমৰ ছবি গৰৈমাৰীত দেখিবলৈ পোৱা নাই বুলি মন্তব্য কৰে ।

প্ৰিন্স ফাইজুল হকে সভাপতিত্ব কৰা সভাত AJP ৰ সভাপতি লুৰিণ জ্যোতি গগৈয়ে অসম গণ পৰিষদক টাৰ্গেট কৰি আঞ্চলিকতাবাদী দল হ'লেও AGP ৰাষ্ট্ৰীয়বাদী দলৰ সেও মনা দল বুলি মন্তব্য কৰি AGP দলটো AJPৰ বাবে ফেক্টৰ নহয় বুলি মন্তব্য কৰে । ইফালে, বিজেপি আৰু এআইইউডিএফ দল দুটাৰ মাজত গোপন বুজাবুজি আছে বুলি ভাষণ ৰাখি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমলে হিন্দু-মুছলমানৰ মাজত সাম্প্ৰদায়িকতাৰ বীজ সিচি মুনাফা লুটিছে বুলি মন্তব্য প্ৰদান ।

লগতে পঢ়ক : তেজপুৰত ১২ ঘন্টীয়া শোণিতপুৰ জিলা বন্ধৰ সৰ্বাত্মক প্ৰভাৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.