উত্তৰ পূৰ্বাঞ্চলক দেশৰ বিকাশৰ ইঞ্জিন হিচাপে গঢ়ি তোলাৰ লক্ষ্য লৈছে চৰকাৰে

author img

By

Published : Aug 27, 2021, 10:48 PM IST

government-has-focused-on-making-the-north-east-the-engine-of-the-countrys-development

নদী পৰ্যটন আৰু নদী ক্ৰীড়াক প্ৰসাৰিত কৰাৰ বাবে বন্দৰ, জাহাজ পৰিবহণ আৰু জল পথ মন্ত্ৰালয়ে অসমৰ উৰিয়ামঘাট, ভূপেন হাজৰিকা সেতু, কলিয়াভোমোৰা দলং, বগীবিল দলং, দিখৌমুখ, কলংমুখ আৰু উজানবজাৰকে ধৰি সাঁতটা স্থান চিনাক্ত কৰিছে ৷ গুৱাহাটী আৰু যোগীঘোপাৰ পৰা কলকাতা আৰু হালদিয়া বিমানবন্দৰলৈ উত্তৰ পূৰ্বাঞ্চলৰ সকলো ৰাজ্যক সংযোজিত কৰাৰ বাবে ভাৰত আৰু বাংলাদেশে যুটীয়াভাৱে ইণ্ডো-বাংলাদেশ প্ৰট’কল বিকশিত কৰিছে ৷

গুৱাহাটী,27 আগষ্ট: উত্তৰ পূৰ্বাঞ্চলক দেশৰ বিকাশৰ ইঞ্জিন হিচাপে গঢ়ি তোলাত গুৰুত্ব প্ৰদান কৰিছে চৰকাৰে আৰু বিকাশৰ দিশত অঞ্চলটো দ্ৰুত গতিত ধাৱমান হৈছে৷ শুকুৰবাৰে গুৱাহাটীৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বাবে 'বিকাশৰ চালিকা শক্তি হিচাপে জলপথ' শীর্ষক জলপথৰ অংশীদাৰী সন্মিলনত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰকাশ কৰে এই মন্তব্য ৷

অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে কয়,"কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ বিকাশক যথেষ্ট অগ্ৰাধিকাৰ প্ৰদান কৰিছে ৷ 2014 চনৰ পৰা ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে অঞ্চলটোক বিশেষ গুৰুত্ব প্ৰদান কৰি আহিছে ৷ অঞ্চলটোৰ জলপথ সংযোগৰ উন্নয়নক প্ৰাধান্য দি মংগলা আৰু চিটাগং বন্দৰ এতিয়া বৰ্তমানে আমাৰ বাবে সুগম হৈ পৰিছে ৷" এই পৰিপ্ৰেক্ষিতত তেওঁ অংশীদাৰসকলক এই সুবিধাৰ সুযোগ গ্ৰহণ কৰিবলৈ আহ্বান জনায় ৷

government-has-focused-on-making-the-north-east-the-engine-of-the-countrys-development
'বিকাশৰ চালিকা শক্তি হিচাপে জলপথ' শীর্ষক জলপথৰ অংশীদাৰী সন্মিলন

অনুষ্ঠানটোত উপস্থিত থাকি কেন্দ্ৰীয় (ৰাজ্যিক)বন্দৰ, জাহাজ পৰিবহণ আৰু জল পথ মন্ত্ৰী শান্তনু ঠাকুৰে কয়, "জাহাজ পৰিবহণ মন্ত্ৰালয়ে উত্তৰ পূৰ্বাঞ্চলৰ আৰ্থিক উন্নয়নৰ বাবে জল সম্পদ তথা জল পথৰ বিকাশৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ৷"

আনহাতে অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয়-"এই প্লেটফৰ্মটোৰ জৰিয়তে অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত জল সম্পদ এক প্ৰধান উপাদান হ'ব পাৰে ৷ লগতে অসমৰ উদ্যোগ আৰু বাণিজ্য, পৰিবহণ আৰু দক্ষতা বিকাশ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে উত্তৰ পূৰ্বাঞ্চলৰ জল পথৰ বিকাশৰ বাবে পদক্ষেপ গ্ৰহণ কৰা সৰ্বানন্দ সোণোৱালক ধন্যবাদ জ্ঞাপন কৰে ৷

লগতে পঢ়কঃ বিজেপিৰ অপৰাধ বিৰোধী মেচিনত সোমালেই সকলো নিকা হৈ পৰে : কংগ্ৰেছ

উল্লেখ যে, নদী পৰ্যটন আৰু নদী ক্ৰীড়াক প্ৰসাৰিত কৰাৰ বাবে বন্দৰ, জাহাজ পৰিবহণ আৰু জল পথ মন্ত্ৰালয়ে অসমৰ উৰিয়ামঘাট, ভূপেন হাজৰিকা সেতু, কলিয়াভোমোৰা দলং, বগীবিল দলং, দিখৌমুখ, কলংমুখ আৰু উজানবজাৰকে ধৰি সাঁতটা স্থান চিনাক্ত কৰিছে ৷ এই স্থানসমূহত পৰ্যটকৰ বাবে ৰিভাৰ ক্ৰুজ পৰ্যটনৰ সুবিধা প্ৰদান কৰাৰ উপৰিও স্থানীয় নিয়োজনৰ সুবিধাও বৃদ্ধি কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে ৷

ইতিমধ্যেই যোগীঘোপা, পাণ্ডু, নিমাতী আৰু বিশ্বনাথঘাটত চাৰিখন পৰ্যটক জেটিৰ অনুমোদন প্ৰদান কৰা হৈছে ৷ এই চৰকাৰে 2016 চনত 20 টা জল পথক ৰাষ্ট্ৰীয় জল পথ হিচাপে ঘোষণা কৰিছে ৷ মন্ত্ৰালয়ে এনডব্লিউ 2 (ব্ৰহ্মপুত্ৰ) আৰু এনডব্লিউ 16 (বৰাক)ত অধিক জলপথ নিৰ্মাণৰ দিশত পদক্ষেপ গ্ৰহণ কৰিছে ৷

লগতে পঢ়কঃ ডিমা হাছাওত উগ্ৰপন্থীৰ আক্ৰমণত নিহত হ’ল উত্তৰ প্ৰদেশৰ ট্ৰাক চালক

গুৱাহাটী আৰু যোগীঘোপাৰ পৰা কলকাতা আৰু হালদিয়া বিমানবন্দৰলৈ উত্তৰ পূৰ্বাঞ্চলৰ সকলো ৰাজ্যক সংযোজিত কৰাৰ বাবে ভাৰত আৰু বাংলাদেশে যুটীয়াভাৱে 305.84 কোটি টকাৰে ইণ্ডো-বাংলাদেশ প্ৰট’কল (আইবিপি) বিকশিত কৰিছে ৷ তাৰোপৰি ব্ৰহ্মপুত্ৰ আৰু বৰাকক সংযোজিত কৰিবলৈ যমুনা নদীত ছিৰাজগঞ্জ-দিয়াখোৱা (175 কিলোমিটাৰ) আৰু কুশিয়াৰা নদীত আশুগঞ্জ-জাকিগঞ্জ (295 কিলোমিটাৰ)ৰ আইবিপি পথত জল পথ বিকাশৰ কাম চলি আছে ৷

এই ইষ্টাৰ্ণ গ্ৰীডৰ নিৰ্মাণৰ জৰিয়তে অঞ্চলটোৰ সৈতে দক্ষিণ এছিয়া আৰু পূব দক্ষিণ এছিয়াৰ দেশসমূহৰ সৈতে বাণিজ্যিক সম্পৰ্ক উত্তৰণ হোৱাত সহায়ক হ'ব ৷ সন্মিলনখনত মন্ত্ৰী পীযুষ হাজৰিকা, বন্দৰ-জাহাজ পৰিবহণ আৰু জল পথ মন্ত্ৰালয়ৰ সচিব সঞ্জীৱ ৰঞ্জন, ভিচি, আই ডব্লিউ এ আই জয়ন্ত সিং, জাহাজ পৰিবহণ, ডিজি অমিতাভ কুমাৰ, কলকাতা প’ৰ্ট ট্ৰাষ্টৰ অধ্যক্ষ বিনীত কুমাৰ, বন্দৰ, জাহাজ পৰিবহণ আৰু জল পথ মন্ত্ৰালয়ৰ যুটীয়া সচিব ভূষণ কুমাৰৰ উপৰি ভালেসংখ্যক মন্ত্রী-বিধায়ক আৰু চৰকাৰী উচ্চপদস্থ বিষয়া উপস্থিত আছিল ৷

লগতে পঢ়কঃ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো সৰ্ববৃহৎ জাৱৰ নিষ্কাষণ প্ৰকল্প উদ্বোধন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.