উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো সৰ্ববৃহৎ জাৱৰ নিষ্কাষণ প্ৰকল্প উদ্বোধন

author img

By

Published : Aug 27, 2021, 8:14 PM IST

first-largest-garbage-disposal-project-in-north-east-inaugurated

ভাৰত চৰকাৰৰ শ্ৰম আৰু পেট্ৰলিয়াম মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ডিব্ৰুগড়ৰ লেকাই ঠাকুৰ থানত নিৰ্মিত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো অত্যাধুনিক জাৱৰ নিষ্কাশন প্ৰকল্প ৷ এই অত্যাধুনিক প্ৰকল্পটোত পেলনীয়া আৱৰ্জনা পৃথক কৰি সাৰ আৰু প্লাষ্টিক উৎপাদনকাৰী কেঁচা সামগ্ৰী প্ৰস্তুত হ'ব ৷

ডিব্ৰুগড়, 27 আগষ্ট: অন্ত পৰাৰ দিশে ডিব্ৰুগড় পৌৰসভাৰ জাৱৰ পেলোৱাক লৈ চলি অহা দীৰ্ঘদিনীয়া সমস্যা ৷ কাৰণ শুকুৰবাৰে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো অত্যাধুনিক জাৱৰ নিষ্কাশন প্ৰকল্প উদ্বোধন কৰিলে ভাৰত চৰকাৰৰ শ্ৰম আৰু পেট্ৰলিয়াম বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ৷ ডিব্ৰুগড়ৰ লেকাই ঠাকুৰ থানত 77 কোটি টকা ব্যয়ৰে নিৰ্মিত প্ৰকল্পটোৰ বাবে প্ৰায় ডেৰশ বিঘা মাটিৰ প্ৰয়োজন হৈছে ৷

উক্ত অত্যাধুনিক প্ৰকল্পটোত পেলনীয়া আৱৰ্জনা পৃথক কৰি সাৰ আৰু প্লাষ্টিক উৎপাদনকাৰী কেঁচা সামগ্ৰী প্ৰস্তুত হ'ব ৷ উল্লেখ্য যে,অসম আন্তঃ গাঁঠনি বিনিয়োগ আঁচনিৰ (AUIIP) জৰিয়তে এছিয়ান ডেভলেপমেন্ট বেংকৰ ঋণেৰে 2017 চনৰে পৰা নিৰ্মাণ কৰা প্ৰকল্পটোৱে কাইলৈৰ পৰা প্ৰাৰম্ভিক কাম আৰম্ভ কৰিব ৷ প্ৰকল্পটো সময় মতে নিৰ্মাণ কৰি উলিওৱাৰ বাবে AUIIP ৰ প্ৰকল্প সঞ্চালক, সকলো বিষয়া আৰু অভিযন্ত্ৰাক ধন্যবাদ জ্ঞাপন কৰে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ৷

উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো সৰ্ববৃহৎ জাৱৰ নিষ্কাষণ প্ৰকল্প উদ্বোধন

ইয়াৰ জড়িয়তে ডিব্ৰুগড়ৰ চহৰ প্ৰদুষণ মুক্ত হ'ব বুলি মত প্ৰকাশ কৰে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে ৷ এতিয়াৰে পৰা ডিব্ৰুগড় চহৰৰ পৌৰসভা এলেকাৰ প্ৰতিঘৰৰ পৰা পেলনীয়া আৱৰ্জনা সংগ্ৰহ কৰি প্ৰকল্পলৈ অনা হ'ব ৷ তাৰ পিছত অত্যাধুনিক মেচিনেৰে জাৱৰ পৃথকীকৰণ কৰি, জৈৱিক আৰু অজৈৱিক দুটা ভাগত বিভক্ত কৰি সাৰ, প্লাষ্টিকৰ কেঁচা সামগ্ৰী প্ৰস্তুত কৰা হ'ব ৷

লগতে এই প্ৰকল্পত মূল্যবান বায়অ' প্ৰডাক্ট অৰ্গেনিক মেনিঅৰ, ডিজেল, পকী পথ নিৰ্মাণত ব্যৱহৃত গ্ৰেনোল উৎপাদন হ'ব ৷ অৰ্থাৎ এই প্ৰকল্পৰ যোগেদি পেলনীয়া জাবৰ-জোথৰক এনাৰ্জি হিচাপে ব্যৱহাৰ কৰা হ'ব ৷

লগতে পঢ়কঃ 'জন আশীৰ্বাদ যাত্ৰা' পুনৰ আৰম্ভ কৰিব কেন্দ্ৰীয় মন্ত্ৰী নাৰায়ণ ৰাণেই

প্ৰায় 100 মেট্ৰিকটন উৎপাদনক্ষম এই প্ৰকল্পই একপ্ৰকাৰ নতুন দিগন্তৰ সূচনা কৰিব ৷ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো প্ৰকল্প উদ্ধোধন হোৱাৰ পাছত গুৱাহাটী, যোৰহাট, তিনিচুকীয়াৰ পৰাও এনেধৰণৰ প্ৰকল্পৰ বাবে অনুৰোধ অহা বুলি জনাইছে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ৷

উল্লেখ্য যে, এই প্ৰকল্পটো ব্লেকবেৰী, বদ্ৰী ৰাই এণ্ড কোম্পানী নামৰ দুটা ঠিকাদাৰী প্ৰতিষ্ঠানে নিৰ্মাণ কৰিছে ৷ প্ৰকল্পটোৰ উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকে ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, লাহোৱালৰ বিধায়ক বিনোদ হাজৰিকা, লাহোৱালৰ প্ৰাক্তন বিধায়ক ঋতুপণ বৰুৱা, AUIIPৰ প্ৰকল্প সঞ্চালক তথা অসম চৰকাৰৰ আয়ুক্ত সচিব ড৹ কৃষ্ণ কান্ত নাথ, জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাকে প্ৰমুখ্য কৰি বহুকেইজন বিশিষ্ট ব্যক্তি ।

লগতে পঢ়কঃ এবছৰৰ ভিতৰত ৰাজ্যৰ চিকিৎসা খণ্ডত সংযোজন হ'ব আৰু আঠখন চিকিৎসা মহাবিদ্যালয়ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.