ETV Bharat / state

বকোত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ স্থাপন ড৹ আম্বেদকাৰ মিছনৰ

author img

By

Published : Nov 23, 2020, 9:00 AM IST

দেওবাৰে বকোৰ কুকুৰমাৰা গাঁৱত ড৹ আম্বেদকাৰ মিছনৰ সহযোগিতাত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ স্থাপন ৷ গাঁওবাসীক স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে বিনামূলীয়াকৈ ঔষধ বিতৰণ কৰে ড৹ আম্বেদকাৰ মিছনে ।

free medical camp
বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ

বকো,23 নৱেম্বৰ : বকোৰ কুকুৰমাৰা গাঁৱত দেওবাৰে অনুষ্ঠিত কৰা হয় বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ ৷ ড৹ আম্বেদকাৰ মিছনৰ সভাপতি তথা বিজেপি দলৰ এছ চি মৰ্চাৰ কোষাধ্যক্ষ দুলাল চন্দ্ৰ মেধিৰ পৌৰহিত্যত অনুষ্ঠিত হয় এই পৰীক্ষা শিবিৰটো ৷

free medical camp
বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ

এই শিবিৰত গাঁৱৰ পুৰুষ-মহিলা আৰু ল’ৰা-ছোৱালী সকলোৰে স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে বিনামূলীয়াকৈ ঔষধ বিতৰণ কৰে ড৹ আম্বেদকাৰ মিছনে ।

ভাৰত চৰকাৰৰ আঁচনি ম’বাইল ডিস্পেন্সেৰীৰ সহায়ত ভিতৰুৱা গ্ৰামাঞ্চলৰ লোকসকলে যাতে চিকিৎসা প্ৰদান কৰিব পাৰে সেই উদ্দেশ্যেৰে এই বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰা বুলি সভাপতি দুলাল চন্দ্ৰ মেধিয়ে জানিবলৈ দিয়ে । এই স্বাস্থ্য পৰীক্ষা শিবিৰৰ ফলত প্ৰায় 200ৰ পৰা 300 গৰাকী লোক উপকৃত হোৱা বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : হিমন্ত লুইজ বাৰ্গাৰ কেলেংকাৰীৰ মূল অভিযুক্তঃ অদীপ ফুকন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.