ETV Bharat / state

New efforts in agricultural farm: ন-উদ্যমেৰে পথাৰত নাামিছে বানত জুৰুলা ৰঙিয়াৰ নকুলৰ খেতিয়কসকল

author img

By

Published : Aug 6, 2022, 11:36 AM IST

farmers affected by floods are working on farms
ন-উদ্যমেৰে খেতিপথাৰত নাামিছে বানত জুৰুলা ৰঙিয়াৰ নকুলৰ খেতিয়কসকল

ডেৰমাহ পূৰ্বে হোৱা প্ৰলয়ংকাৰী বানে তচনচ কৰি থৈ গৈছিল ৰাজ্যৰ বিভিন্ন প্ৰান্ত(Flood in Assam 2022) । বানত বিস্তৰ ক্ষতিসাধন হৈছিল খেতি পথাৰৰ(Damage caused by floods to farms) । ৰঙিয়াৰ বিভিন্ন প্ৰান্ত খেতিপথাৰ বুৰ গৈছিল বানত । কিন্তু বান যোৱাৰ পাছত পুনৰ ন-উদ্যমেৰে খতিপথাৰত নামিছে ৰঙিয়াৰ নকুলৰ বানাক্ৰান্ত খেতিয়কসকল ।

ৰঙিয়া,৬ আগষ্ট: ডেৰমাহ পূৰ্বে হোৱা প্ৰলয়ংকাৰী বানে(Flood in Assam 2022) উটুৱাই নিছিল কৃষকৰ সমপোনৰ কঠিয়াতলী । কিন্তু তাৰ পাছতো হাৰ মনা নাই ৰঙিয়াৰ খেতিয়কসকলে । শাওনৰ পথাৰত ন-উদ্যমেৰে বানত ক্ষতিগ্ৰস্ত কৃষকে বুলাইছে সপোনৰ কঠিয়া ।

বানত জুৰুলা ৰঙিয়াৰ নকুলৰ খেতিয়কসকলো ওলাই আহিছে খেতিপথাৰলৈ(Damage caused by floods to farms) । শাওনৰ পথাৰত দুগুণ উৎসাহেৰে ভূই ৰোৱাত ব্যস্ত গাঁওখনৰ মহিলাসকল । দিনে-নিশা একাকাৰ কৰি খেতিপথাৰৰ কাম-কাজ সম্পুৰ্ণ কৰাৰ বাবে অহৰহ চেষ্টা কৰিছে কৃষি প্ৰধান অঞ্চলটোৰ সহস্ৰাধিক কৃষকে । ঘৰৰ সকলো কাম-কাজ এৰি পূৰ্ণ গতিত ভূই ৰোপনৰ বাবে উঠি-পৰি লাগিছে মহিলাসকলেও ।

ন-উদ্যমেৰে খেতিপথাৰত নাামিছে বানত জুৰুলা ৰঙিয়াৰ নকুলৰ খেতিয়কসকল

উদ্দেশ্য এটাই- যদিহে পুনৰবাৰ বান নাহে তেন্তে নিজৰ সপোনৰ পথাৰৰ পৰা পৰ্যাপ্ত ফচল লাভ কৰিবলৈ সক্ষম হ'ব খেতিয়কসকলে । ধান অথবা চাউল বিক্ৰী কৰি হ'লেও বেংকৰ ঋণ আদায় দিব পাৰিব খেতিয়কসকলে । লগতে নিজৰ পৰিয়ালটোক ভালদৰে পোহপাল দিবলৈ সক্ষম হ'ব ।

উল্লেখ্য যে ডেৰমাহ পূৰ্বে হোৱা প্ৰলয়ংকাৰী বানত অঞ্চলটোৰ প্ৰায় এহেজাৰ বিঘা কৃষিভূমি নষ্ট হৈ গৈছিল । চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বীজ উৎপাদনকাৰী গাঁওখনৰ প্ৰায় এহেজাৰ বিঘা কৃষিভূমিৰ বড়োধানৰ খেতি আৰু কঠিয়া বানত ডুৱ যোৱাৰ ফলত সম্পূৰ্ণৰূপে পচি গৈছে । যাৰ বাবে কৃষকসকলে মুৰে কপালে হাত দি হুমুনিয়াহ কাঢ়িবলৈ বাধ্য হৈছিল । কিন্তু বান পৰিস্থিতি স্বাভাৱিক হোৱাৰ পিছতে গাঁওখনৰ খেতিয়কসকলে ততাতৈয়াকৈ পুনৰ ন উদ্যমেৰে কঠিয়া ৰোপন কৰিছে । তাৰোপৰি সকলোৱে লগ লাগি পুনৰ ভূই ৰোৱাত ব্যস্ত হৈ পৰিছে খেতিয়কসকল ।

লগতে পঢ়ক: Indian Army Seminar: ভাৰতীয় সেনাৰ আলোচনাচক্ৰৰ সামৰণি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.