ETV Bharat / state

লুইতৰ বুকুত নদী আৰক্ষীৰ বিশেষ অভিযান: মুহুৰী জাল জব্দ

author img

By

Published : Jun 13, 2021, 1:02 PM IST

fishnet-seized-by-river-police-at-boko
নামনি অসমৰ চৰে চৰে নদী আৰক্ষীৰ বিশেষ অভিযান

নদ-নদী বিলসমূহত মাছৰ প্ৰজননৰ সময়ছোৱাত একাংশ মাছমৰীয়াই ব্ৰহ্মপুত্ৰ নদী(Brahmaputra River)ত মাছৰ নিধন কাৰ্য চলাই আছে ৷ সেয়েহে ছয়গাঁও, পলাশবাৰী, চেঙা আৰু বকো সমষ্টিৰ বিভিন্ন চহৰাঞ্চলত নদী আৰক্ষী(River Police)য়ে মাছ নিধন বিৰোধী অভিযান চলায় ৷ উক্ত অভিযানত পোনা নিধন কৰা মুহুৰী জাল জব্দ কৰে নদী আৰক্ষী(River Police)য়ে ৷

বকো,13 জুন : এই সময়ছোৱা মাছৰ প্ৰজননৰ সময় ৷ থলুৱা কণীযুক্ত মাছ নিধন কৰা ক্ষেত্ৰত মীন বিভাগে নিষেধাজ্ঞা জাৰি কৰিছে ৷ কিন্তু মীন বিভাগৰ প্ৰৱৰ্তন আইন উপলুঙা কৰি একাংশ অসাধু ব্যৱসায়ীয়ে মাছৰ নিধন কাৰ্য চলাই আছে ৷

সেয়ে অসামাজিক কাৰ্য-কলাপৰ বিৰুদ্ধে নামনি অসমৰ বিভিন্ন চৰ অঞ্চলত নদী আৰক্ষী(River Police)ৰ বিশেষ অভিযান । চৰাঞ্চলসমূহত একাংশ অসাধু চক্ৰই ড্ৰাগছকে ধৰি মাৰাত্মক গাঞ্জা খেতি কৰাৰ পুৰ্বানুমান অনুসৰি নদী আৰক্ষী অধীক্ষক কমল কুমাৰ গুপ্তাই পাণ্ডু আৰু শুৱালকুছি নদী আৰক্ষীৰ সহযোগত বিভিন্ন চৰ এলেকাত তহল দিয়ে ।

লুইতৰ বুকুত নদী আৰক্ষীৰ বিশেষ অভিযান

ছয়গাঁও, পলাশবাৰী, চেঙা আৰু বকো সমষ্টিৰ বিভিন্ন চহৰাঞ্চলত নদী আৰক্ষীয়ে অভিযান চলায় । নদী আৰক্ষীৰ এই অভিযান কালত মীন বিভাগৰ বিষয়াসকলে সংগ দিয়ে । উল্লেখ্য যে, নদ-নদী বিলসমূহত মাছৰ প্ৰজননৰ সময়ছোৱাত একাংশ মাছমৰীয়াই ব্ৰহ্মপুত্ৰ নদী(Brahmaputra River)ত মুহুৰী জালেৰে মাছৰ পোনা নিধন কৰা কাৰ্যৰ বিৰুদ্ধে চলাই এই অভিযান ৷ উক্ত অভিযানত নদী আৰক্ষী(River Police)য়ে দুখন জাল জব্দ কৰিবলৈ সক্ষম হয় ।

ইফালে চৰাঞ্চলত বসবাস কৰা লোকে যাতে ড্ৰাগছৰ দৰে মাৰাত্মক ব্যৱসায়ৰ লগত জড়িত হ’ব নোৱাৰে তাৰ বাবে সকীয়াই দিয়ে নদী আৰক্ষী অধীক্ষক কমল কুমাৰ গুপ্তাই ৷

লগতে পঢ়ক : গেছ টেংকাৰত ড্ৰাগছ সৰবৰাহ: আৰক্ষীৰ জালত দুই মণিপুৰী যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.