ETV Bharat / state

ছয়গাঁৱত Biofloc Aquaculture পদ্ধতিৰে মৎস্য পালন

author img

By

Published : Jul 14, 2021, 11:10 AM IST

chhaygaon fishery
ছয়গাঁৱত মৎস্য পালন

ছয়গাঁৱত বায়’ফ্লক একুৱাকালচাৰ (Biofloc Aquaculture) পদ্ধতিৰে মৎস্য পালন কৰিছে গ্ৰামীণ চাহাৰা (Gramin Sahara)ই ৷ মাটিৰ অভাৱত মীন পালন কৰিব নোৱাৰাসকলৰ বাবে এই পদ্ধতি অত্যন্ত লাভদায়ক । পশ্চিম ধূলীত প্ৰায় 25 লাখ টকা ব্যয়েৰে আৰম্ভ কৰা হৈছে এই আঁচনিখনৰ কাম ।

ছয়গাঁও, 14 জুলাই : ছয়গাঁৱৰ গ্ৰামীণ চাহাৰা (Gramin Sahara)ই গ্ৰহণ কৰিছে মৎস্য পালন (Fishery)ৰ এক নতুন পদক্ষেপ ৷ বায়’ফ্লক একুৱাকালচাৰ (Biofloc Aquaculture) পদ্ধতিৰে কৰা হৈছে এই মৎস্য পালন ৷ এই পদ্ধতিৰ জৰিয়তে কৰা মৎস্য পালনত সহায়-সহযোগিতা কৰাৰ আশ্বাস প্ৰদান কৰিছে গ্ৰামীণ চাহাৰাৰ মুখ্য কাৰ্যবাহী বিষয়া শৰৎ চন্দ্ৰ দাসে ৷

সমাজৰ আৰ্থ-সামাজিক উন্নয়নৰ লগতে মানুহৰ জীৱিকাৰ ক্ষেত্ৰত কাম কৰি অহা ছয়গাঁৱৰ গ্ৰামীণ চাহাৰাই মৎস্য পালনৰ জৰিয়তে স্বাৱলম্বী হ’ব বিচৰা লোকসকলৰ বাবে আৰম্ভ কৰিছে এই প্ৰকল্প । ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰী মৎস সম্পদা যোজনা (Pradhan Mantri Matsya Sampada Yojana)ৰ অধীনত আৰু অসম চৰকাৰৰ মীন বিভাগ (Fishery Department)ৰ সহযোগত দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ পশ্চিম ধূলীত আৰম্ভ কৰা হৈছে এই প্ৰকল্প ৷ প্ৰায় 25 লাখ টকা ব্যয়ে কৰা হ’ব এই আঁচনিখনত ।

বায়’ফ্লক একুৱাকালচাৰ পদ্ধতিৰে মৎস্য পালন কৰিবলৈ লোৱা আঁচনিখন ৰূপায়ণৰ ক্ষেত্ৰত মীন বিভাগৰ পৰা 40 ষতাংশ ৰাজসাহায্য লাভ কৰিছে গ্ৰামীণ চাহাৰাই ।

ছয়গাঁৱত মৎস্য পালন

এই পদ্ধতিত কাৱৈ, শিঙি, ৰূপচন্দা, কচ মাছ পালনৰ লগত পৰীক্ষামূলকভাৱে চেনীপুঠি, গ্ৰাছকাৰ্প, থলুৱা গৰৈ মাছ আৰু শ’ল মাছৰো প্ৰতিপালন কৰা হৈছে । এই পদ্ধতিত পালন কৰা মাছসমূহ প্ৰায় তিনিমাহতে বিক্ৰীৰ উপযোগী হয় ৷ তদুপৰি ইয়াৰ বাবে বজাৰৰ অভাৱ নাই বুলি গ্ৰামীণ চাহাৰাৰ মুখ্য কাৰ্যবাহী বিষয়া শৰৎ চন্দ্ৰ দাসে জানিবলৈ দিয়ে । আঁচনিখনৰ লক্ষ্য আৰু উদ্দেশ্যৰ বিষয়ে জানিবলৈ দি গ্ৰামীণ চাহাৰাৰ মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে কয় যে, অঞ্চলটোৰ লোকসকলক মৎস্য পালনৰ ক্ষেত্ৰত উৎসাহিত তথা স্বাৱলম্বী কৰাই হৈছে তেওঁলোকৰ প্ৰধান উদ্দেশ্য ৷

মাটিৰ অভাৱত মীন পালন কৰিব নোৱাৰাসকলৰ বাবে এই পদ্ধতি অত্যন্ত সুবিধাজনক । গ্ৰামীণ চাহাৰাই 25 টা পকী টেংকেৰে মৎস্য পালন কৰিবলৈ আৰম্ভ কৰিছে যদিও আগ্ৰহী মীন পালকসকলে দুটা নাইবা চাৰিটা টেংকেৰেও মাছ পালন কৰিব পাৰে । বায়’ফ্লক একুৱাকালচাৰ পদ্ধতিৰে মীন পালনৰ আগ্ৰহী লোকসকলৰ বাবে পশ্চিম ধূলীৰ প্ৰকল্পস্থলীত বিশেষ প্ৰশিক্ষণ আৰম্ভ কৰিছে গ্ৰামীণ চাহাৰাই ।

ইয়াত প্ৰশিক্ষণ প্ৰাপ্ত লোকসকলক আঁচনি প্ৰস্তুতৰ পৰা মৎস্য পালনৰ সকলো দিশতে সহায়-সহযোগিতা কৰিব বুলিও মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে সদৰী কৰে ৷ উল্লেখ্য যে, বায়’ফ্লক একুৱাকালচাৰ চিষ্টেমৰ জৰিয়তে সম্পূৰ্ণ বৈজ্ঞানিক পদ্ধতিত মীন পালন কৰা ছয়গাঁৱৰ গ্ৰামীণ চাহাৰা হৈছে কামৰূপ(গ্ৰাম্য) জিলাৰ ভিতৰতে প্ৰথম ৷ ছয়গাঁৱৰ বেচৰকাৰী স্বেচ্ছাসেৱী অনুষ্ঠানটোৰ এই প্ৰচেষ্টা অব্যাহত থাকক আৰু লগতে আন দহটা স্বেচ্ছাসেৱী অনুষ্ঠানৰ বাবে ই হওঁক এক আদৰ্শ ৷

লগতে পঢ়ক : Viral Video: ডাইনী সন্দেহত মহিলাক বৰ্বৰ আক্ৰমণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.