ETV Bharat / state

শিক্ষা বিভাগৰ সিদ্ধান্তত হাহাকাৰ: অনিশ্চয়তাত ৰঙিয়াৰ আৱাসিক বিশেষ প্ৰশিক্ষণ কেন্দ্ৰৰ কৰ্মচাৰী

author img

By

Published : May 26, 2022, 6:37 PM IST

ৰাজ্যৰ ৯৬ খন আৱাসিক বিশেষ প্রশিক্ষণ কেন্দ্ৰ বন্ধৰ নিৰ্দেশক লৈ কেন্দ্ৰসমূহৰ কৰ্মচাৰীৰ মাজত হাহাকাৰ (Residential Special Training Centres ordered closure) । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বৰপেটাৰ কেন্দ্ৰসমূহৰ শিক্ষক কৰ্মচাৰীসকলেও ভুগিছে চৰম অনিশ্চয়তাত । এই সিদ্ধান্তৰ পুনৰ বিবেচনাৰ দাবী ৰঙিয়াৰ আৱাসিক বিশেষ প্ৰশিক্ষণ কেন্দ্ৰৰ কৰ্মচাৰীসকলৰ ।

education-department-decision-has-raised-hue-and-cry-among-rstc-employees
শিক্ষা বিভাগৰ সিদ্ধান্তত হাহাকাৰ: পুনৰ সংস্থাপনৰ দাবী ৰঙিয়াৰ আৱাসিক বিশেষ প্ৰশিক্ষণ কেন্দ্ৰৰ কৰ্মচাৰীৰ

ৰঙিয়া,২৬ মে': শিক্ষা বিভাগৰ এক সিদ্ধান্তই হাহাকাৰ লগাইছে ৰঙিয়াৰ এখন বিশেষ বিদ্যালয়ৰ ছাত্র ছাত্ৰী আৰু শিক্ষকৰ মাজত । এই বিশেষ বিদ্যালয়খন হৈছে ৰঙিয়াৰ আৱাসিক বিশেষ প্ৰশিক্ষণ কেন্দ্ৰ। ২০০৮ চনত স্থাপিত এই বিশেষ কেন্দ্ৰটোত বিশেষকৈ সেইসকল শিশুক শিক্ষাদান কৰা হয় যিয়ে বিভিন্ন কাৰণত আনুষ্ঠানিক শিক্ষাৰ পৰা বঞ্চিত হব লগীয়া হৈছে বা আধাতে শিক্ষা এৰিব লগীয়া হৈছে ।

এই কেন্দ্ৰটোৰ ছাত্র-ছাত্ৰী সকলৰ ভিতৰত বেছিভাগেই বিভিন্ন ইটা ভাটা,দোকানত বা দিন হাজিৰা কৰি কাম কৰা শিশু । আৰ্থিক ভাৱে দুৰ্বল,অনগ্ৰসৰ তথা সমাজৰদ্বাৰা অৱহেলিত এই শিশু সকলক শিক্ষাদান কৰি শিক্ষা ব‍্যৱস্থাৰ মুলসুতিলৈ ওভতাই অনাৰ ব‍্যৱস্থা কৰা হয় এই কেন্দ্ৰটোত ।

শিক্ষা বিভাগৰ সিদ্ধান্তত হাহাকাৰ: পুনৰ সংস্থাপনৰ দাবী ৰঙিয়াৰ আৱাসিক বিশেষ প্ৰশিক্ষণ কেন্দ্ৰৰ কৰ্মচাৰীৰ

সৰ্বশিক্ষা অভিযানৰ অধীনত ২০০৮ চনত স্থাপিত এই কেন্দ্ৰটোত বৰ্তমান ছয় গৰাকী শিক্ষক-কৰ্মচাৰী কৰ্মৰত হৈ আছে । কিন্তু সৰ্বশিক্ষা অভিযানৰ মিছন সঞ্চালকে দিয়া এক নিৰ্দেশ পত্ৰই হাহাকাৰ লগাইছে এইসকল শিক্ষক-কৰ্মচাৰীৰ জীৱনত ।

নিৰ্দেশ অনুসৰি আগন্তুক এক জুনৰ পৰা উক্ত কেন্দ্ৰটো বন্ধ কৰি আচবাব-পত্ৰ সমুহ মুখ্য কাৰ্যালয়ত জমা কৰিব লাগিব(Residential Special Training Centres ordered closure) । লগতে কেন্দ্ৰটোত থকা ছাত্র-ছাত্ৰী সকলক ঘৰলৈ ওভতাই পঠিয়াব লাগিব । কিন্তু ইয়াৰ পিছত এইসকল শিক্ষক-কৰ্মচাৰীৰ ভৱিষ্যৎ সম্পৰ্কে কোনো নিৰ্দেশনা দিয়া হোৱা নাই নিৰ্দেশ পত্ৰখনত ।

হঠাতে এনেদৰে নিজৰ কৰ্ম সংস্থাপন হেৰুৱাই বিবুদ্ধিত পৰিছে কেন্দ্ৰটোৰ সকলো কৰ্মচাৰী তথা স্বেচ্ছাসেৱক । ২০০৮ চনৰ পৰা মাত্ৰ ৭,৫০০ টকাত স্বেচ্ছাসেৱক সকলৰ লগতে ৫,৫০০ টকাত চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী সকলে ইয়াত কাম কৰি আহিছে ।

জীৱনৰ বহু গুৰুত্বপূৰ্ণ সময় পাৰ হৈ যোৱা এইসকল লোকে এতিয়া নিজৰ অনিশ্চিত ভৱিষ্যতক লৈ আতংকত দিন কটাইছে । এতিয়া এইসকল লোকে অসমৰ মুখ‍্যমন্ত্ৰী আৰু শিক্ষা মন্ত্ৰীলৈ অনুৰোধ জনাইছে যে ১৪ বছৰৰ অভিজ্ঞতাৰ ভিত্তিত এইসকল লোকক যেন পুনৰ সংস্থাপনৰ ব‍্যৱস্থা কৰে ।

লগতে পঢ়ক: 'টৰ্চ লাইট' কাৰ ? বিটিচিৰ পৰিষদীয় উপ-নিৰ্বাচনত বিভ্ৰান্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.