ETV Bharat / state

জলসিঞ্চন মন্ত্ৰীৰ গৃহ সমষ্টিতেই পানীৰ বাবে কৃষকৰ হাহাকাৰ

author img

By

Published : Sep 1, 2020, 10:00 PM IST

জলসিঞ্চন মন্ত্ৰী ভবেশ কলিতাৰ গৃহ সমষ্টি ৰঙিয়াত পানীৰ অভাৱত পথাৰত চিৰাল ফাঁট মেলিছে । ৰঙিয়াৰ পীতাম্বৰহাট, বজালীৰ কেইবাশ বিঘা মাটিৰ শালি খেতি এতিয়া ৰঙচুৱা হ’বলৈ ধৰিছে । বাৰিষাৰ আৰম্ভণিতে যথেষ্ট বৰষুণ হৈছিল যদিও এতিয়া বতৰ শুকান হৈছে । ফলত বৰষুণৰ অভাৱত পথাৰৰ মাটিত ফাঁট মেলিছে ।

ৰঙিয়া, 1 ছেপ্টেম্বৰ : প্ৰখৰ ৰ’দত চিৰাল ফাঁট মেলিছে খেতি পথাৰত ৷ এটুপি পানীৰ বাবে মূৰে কপালে হাত দিছে কৃষকে ৷ খৰাং পৰিস্থিতিৰ উদ্ভৱ হোৱা ৰাজ্যৰ আন ঠাইৰ কথাতো বাদেই, খোদ জলসিঞ্চন মন্ত্ৰীৰ গৃহ সমষ্টিতেই পানীৰ বাবে হাহাকাৰ কৃষকৰ ৷

জলসিঞ্চন মন্ত্ৰী ভবেশ কলিতাৰ গৃহ সমষ্টি ৰঙিয়াত পানীৰ অভাৱত পথাৰত চিৰাল ফাঁট মেলিছে । ৰঙিয়াৰ পীতাম্বৰহাট, বজালীৰ কেইবাশ বিঘা মাটিৰ শালি খেতি এতিয়া ৰঙচুৱা হ’বলৈ ধৰিছে । বাৰিষাৰ আৰম্ভণিতে যথেষ্ট বৰষুণ হৈছিল যদিও এতিয়া বতৰ শুকান হৈছে । ফলত বৰষুণৰ অভাৱত পথাৰৰ মাটিত ফাঁট মেলিছে ।

পানীৰ বাবে কৃষকৰ হাহাকাৰ

খৰাং বতৰত কৃষকক সকাহ দিবলৈ খেতি পথাৰৰ পৰা নাতিদূৰৈত কিছু বছৰ পূ্ৰ্বে এক জলসিঞ্চনৰ প্ৰকল্প স্থাপন কৰা হৈছিল । পথাৰৰ মাজত নলাৰো ব‍্যৱস্থা কৰা হৈছিল । পিছে নামতহে আঁচনি খন নিৰ্মাণ হ’ল । ইয়াৰ সুফল কিন্তু আজিলৈ কৃষক ৰাইজে লাভ নকৰিলে । শুকান পথাৰখনলৈ চাই ঋণ লৈ খেতি কৰা কৃষক সকলে এতিয়া পানীৰ বাবে বৰুণ দেৱতাৰ দয়াদৃষ্টিলৈ বাট চাই আছে ।

লগতে পঢ়ক : সোঁৱণশিৰিৰ গৰাখহনীয়াৰ পৰা পৰিত্ৰাণ বিছাৰি নৈপৰীয়াৰ পূজা-অৰ্চনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.