ETV Bharat / state

ছয়গাঁৱত বাইক সহ 3 দুৰ্ধৰ্ষ গাড়ী চোৰ আটক

author img

By

Published : Aug 18, 2020, 5:14 PM IST

chaigaon-bike-thief-arrested
ছয়গাঁৱত তিনিখন বাইক সহ 3 দুৰ্ধৰ্ষ গাড়ী চোৰ আটক

ছয়গাঁও আৰক্ষীৰ বৃহৎ সাফল্য ৷ সোমবাৰে দিনৰ পৰা নিশালৈ চলোৱা অভিযানত তিনিখন চুৰি বাইক উদ্ধাৰ কৰাৰ লগতে আটক কৰে তিনিটাকৈ দুৰ্ধৰ্ষ গাড়ী চোৰ ৷

ছয়গাঁও, ১৮ আগষ্ট : ছয়গাঁও আৰক্ষীয়ে লাভ কৰিছে বৃহৎ সাফল্য ৷ আৰক্ষীৰ বাবে ম’ষ্ট ৱাণ্টেড হিচাপে পৰিচিত এটা দুৰ্ধৰ্ষ গাড়ী চুৰি চক্ৰৰ লগত জড়িত থকাৰ অভিযোগত তিনিজন লোকক আটক ৷ আটকাধীন গাড়ী চোৰকেইজনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে তিনিখন বাইক ৷

ছয়গাঁৱত তিনিখন বাইক সহ 3 দুৰ্ধৰ্ষ গাড়ী চোৰ আটক

উল্লেখ্য যে, ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত সোমবাৰে চলোৱা এক অভিযানত আৰক্ষীৰ দলটোৱে তিনিটা দুৰ্ধৰ্ষ বাইক চোৰ গ্ৰেপ্তাৰ কৰাৰ লগতে তিনিখন বাইকো জব্দ কৰে । জানিব পৰা মতে, যোৱা ১৩ আৰু ২৯ জুলাইত ছয়গাঁও ষ্টেট বেংকৰ সন্মুখৰ পৰা দুখন বাইক চুৰি কৰাৰ ঘটনা চিচি টিভি কেমাৰাত বন্দী হোৱাৰ বিষয়ে ছয়গাঁও আৰক্ষী অৱগত হয় ৷ এই তথ্যৰ ভিত্তিতে আৰক্ষীৰ দলটোৱে কালি দুপৰীয়া ছয়গাঁও ষ্টেট বেংকৰ সন্মুখত বাইক চুৰি কৰিবলৈ অহাৰ সময়তে গৰৈমাৰীৰ হাতীপাৰাৰ ৰফিকুল ইছলামক(৩০) সাধাৰণ পোছাকত থকা ছয়গাঁও আৰক্ষীৰ দলটোৱে বেংকৰ সন্মুখত আটক কৰে । ইয়াৰ কিছু সময় পিছতে ৰফিকুলৰ সহযোগী আবিদুল্লাকো (১৯) আৰক্ষীয়ে আটক কৰে।

আৰক্ষীয়ে দুয়োজনকে জেৰা কৰি পোৱা তথ্যৰ ভিত্তিত নিশা বকোৰ জাউৰীয়াকাটাত অভিযান চলাই কাদেৰ আলীক (৩৫) আটক কৰে আৰু চোৰজনৰ ঘৰৰ পৰা দুখন বাইক উদ্ধাৰ কৰে । আনহাতে উক্ত লোক তিনি চোৰৰ তথ্যৰ ভিত্তিতেই সেই গাঁৱৰে নাদিৰ আলীৰ ঘৰত অভিযান চলাই এখন বাইক উদ্ধাৰ কৰে যদিও নাদিৰ আলীক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হোৱা নাই । আৰক্ষী গৈ উপস্থিত হোৱাৰ পূৰ্বেই নাদিৰ আলী পলায়ন কৰে ৷

আৰক্ষীয়ে এই অভিযানত কাদেৰ আলীৰ ঘৰৰ পৰা AS-১৫H-০১১৭ আৰু AS-০১BS ৮৫৯২ নম্বৰৰ দুখন নম্বৰ প্লেটো উদ্ধাৰ কৰে। আনহাতে জব্দ কৰা বাইক দুখনৰ নম্বৰ হ’ল AS-১৫H ১১০৫ আৰু AS২৫G- ৯৮৬২ ৷ আনখনৰ কোনো নম্বৰ প্লেট নাই বুলি জানিব পৰা গৈছে ৷

আৰক্ষী সুত্ৰে জানিব পৰা মতে, দুৰ্ধৰ্ষ বাইক চোৰ ৰফিকুল ইছলাম আৰু আবিদুল্লাই বিভিন্ন আঞ্চলৰ পৰা বাইক চোৰ কৰি কাদেৰ আলী আৰু নাদিৰ আলীক চমজাই দিয়ে আৰু কাদেৰ আৰু নাদিৰে চুৰি বাইক সমূহ বিক্ৰী কৰে । আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ৰফিকুল নামৰ চোৰটোৱে ইতিমধ্যে দক্ষিণ কামৰূপৰ বিভিন্ন অঞ্চলৰ পৰা ২০ খনতকৈও অধিক বাইক চুৰি কৰিছে ৷
লগতে পঢ়ক : কোভিড-19ৰ বিৰুদ্ধে যুঁজিবলৈ নেপালৰ সৈতে ঠিয় দিছে ভাৰত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.