Rangia Girls Higher Secondary School: ছোৱালী উচ্চতৰ মাধ‍্যমিক বিদ্যালয়ত ল’ৰাৰ নামভৰ্তি !

author img

By

Published : Jul 31, 2022, 1:49 PM IST

Boys will also be able to enrol in Rangia Girls Higher Secondary School

ছোৱালী মহাবিদ্যালয়ত ল’ৰাৰ নামভৰ্তি ! হয় ঠিকেই শুনিছে ৰাজ্যৰ এখন অন্যতম মহাবিদ্যালয় ৰঙিয়া ছোৱালী উচ্চতৰ মাধ‍্যমিক বিদ্যালয়ত আগন্তুক শিক্ষাবৰ্ষত ল’ৰাও নামভৰ্তি কৰিব পাৰিব (Rangia Girls Higher Secondary School) ৷ অসম চৰকাৰৰ কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি এই তথ্য সদৰি কৰে মহাবিদ্যালয়ৰ অধ্যক্ষগৰাকীয়ে (Assam cabinet new education policy) ৷

ৰঙিয়া, 31 জুলাই: অসম চৰকাৰৰ কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি ৰঙিয়া ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এতিয়াৰে পৰা ছাত্ৰয়ো নামভৰ্তি কৰিব পাৰিব । ১৯৫২ চনতেই স্থাপন হোৱা বিদ্যালয়খন বৃহত্তৰ ৰঙিয়া অঞ্চলত আৰম্ভণিৰে পৰা স্ত্ৰী শিক্ষাৰ এক অগ্ৰণী অনুষ্ঠানৰূপে পৰিগণিত হৈ আহিছে । বৰ্তমান বিদ্যালয়খনত মুঠতে ২৮ গৰাকী শিক্ষকৰ বিপৰীতে ৫৫২ গৰাকী ছাত্ৰী আছে ।

ছোৱালী উচ্চতৰ মাধ‍্যমিক বিদ্যালয়ত ল’ৰাৰ নামভৰ্তি

ৰাজ্য চৰকাৰৰ কেবিনেট সিদ্ধান্ত অনুসৰি আগন্তুক ২০২৩ বৰ্ষৰ পৰা ছাত্ৰ সকলেও বিদ্যালয়খনত শিক্ষাগ্ৰহণ কৰিব পাৰিব (Assam cabinet new decision on education system) । চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনাইছে বিদ্যালয় কৰ্তৃপক্ষৰ লগতে ছাত্ৰীসকলেও । বিদ্যালয়খনৰ অধ্যক্ষ দ্ৰোণ কান্ত গগৈয়ে লিংগ বৈষম্য আঁতৰাই ছাত্ৰ আৰু ছাত্ৰী সকলক একেলগে পাঠদান কৰিলে ভৱিষ্যতে সমাজৰ ভেটি সুদৃঢ় হোৱাৰ লগতে সকলোৱে সমানে আগবাঢ়ি যোৱাৰ সুবিধা লাভ কৰিব বুলি মন্তব্য কৰে ৷

আনহাতে বিদ্যালয়খনৰ ছাত্ৰীসকল বিষয়টো সন্দৰ্ভত যথেষ্ট উৎসাহিত হোৱা পৰিলক্ষিত হৈছে । বিদ্যালয়খনৰ ছাত্ৰীসকলে ল'ৰা আৰু ছোৱালী সকলোতে সমানে আগবাঢ়ি যোৱাৰ সময়তে চৰকাৰে গ্ৰহণ কৰা এই ভূমিকাক শলাগ লয় ৷ উল্লেখযোগ্য যে, প্ৰায় সত্তৰ বছৰ পুৰণি বিদ্যালয়খনত এসময়ত প্ৰতিটো বছৰত প্ৰায় এহেজাৰ ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰিছিল যদিও বৰ্তমান সেই সংখ্যা কমি গৈ পাঁচশৰ ওচৰ চাপিছে ।

বিগত কিছুবছৰৰ পৰা প্ৰতি বছৰে বিদ্যালয়খন নতুন ছাত্ৰীৰ নামভৰ্ত্তিৰ পৰিমাণ কমি অহাৰ বিপৰীতে পঢ়ি থকা ছাত্ৰীসকলৰ পৰীক্ষাৰ ফলাফল যথেষ্ট নিম্নগামী হোৱা পৰিলক্ষিত হৈছে । ফলত চৰকাৰৰ এই সিদ্ধান্তই সকলোৰে মাজত এক আশাৰ সঞ্চাৰ ঘটাইছে ৷ ইফালে এহেজাৰ ছাত্ৰ-ছাত্ৰীক পঢ়ুৱাব পৰা আন্তঃগাঁঠনি থকা বিদ্যালয়খনত নতুন শিক্ষা নীতিয়ে পৰিৱৰ্তন আনিব বুলি সচেতন মহলে আশা প্ৰকাশ কৰিছে ।

লগতে পঢ়ক: AFDC Job Scam : মীন উন্নয়ন নিগমৰ অবৈধভাৱে নিযুক্তিপ্ৰাপ্ত ২১৭ গৰাকী কৰ্মচাৰীক বৰ্খাস্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.