AFDC Job Scam : মীন উন্নয়ন নিগমৰ অবৈধভাৱে নিযুক্তিপ্ৰাপ্ত ২১৭ গৰাকী কৰ্মচাৰীক বৰ্খাস্ত

author img

By

Published : Jul 31, 2022, 12:03 PM IST

AFDC Job Scam

উচ্চস্তৰীয় কমিটীৰ প্ৰতিবেদনত ২১৭ টা পদত অবৈধ নিযুক্তিৰ তথ্য প্ৰকাশ । অবৈধভাৱে নিযুক্তিপ্ৰাপ্ত কৰ্মচাৰীক বৰ্খাস্ত নিগমৰ পৰিচালন সঞ্চালকৰ (217 employees of Assam Fisheries Development Corporation Ltd sacked)। সম্পূৰ্ণ নীতিবৰ্হিভূতভাৱে দিয়া হৈছিল নিযুক্তি । চাকৰিকালত লাভ কৰা দৰমহাৰ টকা ঘূৰাই দিব লাগিব বক্ৰপথেৰে চাকৰি লোৱা অসম মীন উন্নয়ন নিগম লিমিটেডৰ ২১৭ গৰাকী কৰ্মচাৰীয়ে ।

গুৱাহাটী,৩১ জুলাই : অৱশেষত অসম মীন উন্নয়ন নিগম লিমিটেডত অবৈধভাৱে নিযুক্তি পোৱা ২১৭ গৰাকী কৰ্মচাৰীক বৰ্খাস্ত কৰা হয় (Employees of AFDC loses their jobs)। লগতে চাকৰিকালত লাভ কৰা দৰমহাৰ টকা ঘূৰাই দিব লাগিব বক্ৰ পথেৰে চাকৰি লোৱা ২১৭ গৰাকী কৰ্মচাৰীয়ে (Sacked employees of AFDC must pay back salary)। উল্লেখ্য যে, ৰাজ্যৰ অসম মীন উন্নয়ন নিগম লিমিটেডত সংঘটিত হোৱা নিযুক্তি কেলেংকাৰী তদন্ত প্ৰক্ৰিয়াৰ প্ৰতিবেদনত স্পষ্ট হৈছিল । মীন নিগমত মুঠ ২১৭ টা পদত অবৈধ নিযুক্তিৰ তথ্য পোহৰলৈ অহাৰ পিছতে এই অবৈধ নিযুক্তিৰ তদন্ত কৰিবলৈ এক উচ্চ স্তৰীয় তদন্ত কমিটী গঠন কৰা হৈছিল ।

এই কমিটীৰ শেহতীয়া প্ৰতিবেদনত স্পষ্ট হৈছে অবৈধ নিযুক্তিৰ বিষয়টো (Job scam in Assam Fisheries Development Corporation Ltd)। ইয়াৰ পিছতে এই ২১৭ গৰাকী অবৈধভাৱে নিযুক্তিপ্ৰাপ্ত কৰ্মচাৰীক বৰ্খাস্ত কৰিবলৈ নিগমৰ পৰিচালন সঞ্চালকক নিৰ্দেশ দিছিল বিভাগীয় আয়ুক্ত সচিবে । জাৰি কৰা নিৰ্দেশনাৰ জৰিয়তে নিগমৰ পৰিচালন সঞ্চালকক আয়ুক্ত সচিবে অবৈধভাৱে নিযুক্তি প্ৰাপ্ত ২১৭ গৰাকীকৈ কৰ্মচাৰীক বৰ্খাস্ত কৰাৰ কথা উল্লেখ কৰাৰ লগতে এক চূড়ান্ত কৈফিয়ৎ তলবৰো নিৰ্দেশ দিছিল ।

উল্লেখ্য যে, মীন নিগমত ২০২০-২০২১ বৰ্ষত সংঘটিত নিযুক্তি কেলেংকাৰীৰ তদন্তৰ বাবে অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব ছৈয়দিন আব্বাছীৰ নেতৃত্বত এখন তিনিজনীয়া উচ্চস্তৰীয় তদন্ত কমিটী গঠন কৰা হৈছিল । এই তদন্ত কমিটীৰ প্ৰতিবেদনতে পোহৰলৈ আহে নিযুক্তিৰ সমগ্ৰ অবৈধ প্ৰক্ৰিয়া ।

পদসমূহত নিযুক্তিৰ বাবে নিগমে কোনো বাতৰি কাকত, ৱেবছাইট, নিয়োগ বিনিময় কেন্দ্ৰৰ জৰিয়তে বিজ্ঞাপন প্রকাশ কৰা নাছিল । এই পদসমূহ পূৰণৰ বাবে প্ৰকাশ কৰা হোৱা নাছিল কোনো জাননী । আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল এই পদ পূৰণৰ বাবে নিযুক্তি প্ৰাপ্তসকলৰ মাজত অনুষ্ঠিত হোৱা নাছিল কোনো ধৰণৰ সাক্ষাৎকাৰ ।

উল্লেখ্য যে, নিযুক্তিপ্ৰাপ্ত এই কৰ্মচাৰীসকল আছিল নিগমৰ ঠিকাভিত্তিক কৰ্মচাৰী । নিয়ম অনুসৰি কোনো ঠিকাভিত্তিক কৰ্মচাৰী বা দৈনিক মজুৰি ভিত্তিত কৰ্মৰত কৰ্মচাৰীক চিধাই চৰকাৰী নিয়মীয়া পদত নিযুক্তি দিব নোৱাৰে । কিন্তু চৰকাৰৰ নীতি-নিৰ্দেশনা উলংঘা কৰি মীন নিগমৰ পূৰ্বৰ অধ্যক্ষৰ সৈতে গোপন বুজাবুজিৰে পূৰ্বৰ পৰিচালন সঞ্চালকে ১৭৩ জনকৈ কৰ্মচাৰীৰ পদ নিয়মীয়া কৰে ।

আশ্চর্যজনকভাৱে এনে নিয়মীয়া বা অনুমোদিত পদৰ বাবে কোনো, বিজ্ঞাপন প্রকাশ বা সাক্ষাৎকাৰ অনুষ্ঠিত নহ'ল । এনে জালিয়াতি উন্মোচন হোৱাৰ পিছতে উচ্চস্তৰীয় কমিটীয়ে ১৭০ জন নিয়মীয়া আৰু ৪৭ জন ঠিকাভিত্তিক কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ ক্ষেত্রত অনুমোদন জনায় । এই কমিটীয়ে অৱশ্যে ছহিদ কুশল কোঁৱৰৰ পৰিয়ালৰ সদস্য ৰাহুল কোঁৱৰ আৰু অনুকম্পামূলকভাৱে নিযুক্তি পোৱা দুগৰাকী কৰ্মচাৰীৰ বিষয়টো পৃথকভাৱে বিবেচনা কৰিবলৈ প্ৰতিবেদনত উল্লেখ কৰিছে ।

উল্লেখ্য যে, বিধায়ক ৰমাকান্ত দেউৰী অধ্যক্ষ হিচাপে আৰু এন চি বসুমতাৰী আৰু অনুৰাধা অধিকাৰী শৰ্মা পৰিচালন সঞ্চালক হিচাপে থকাৰ সময়তে মীন নিগমত সংঘটিত হৈছিল উক্ত নিযুক্তি কেলেংকাৰী । বক্ৰপথেৰে চাকৰি লোৱাৰ ঘটনাটো স্পষ্ট হৈ পৰাত অৱশেষত মীন নিগমৰ পৰিচালন সঞ্চালকে ২১৭ গৰাকী কৰ্মচাৰীক বৰ্খাস্ত কৰে । লগতে চাকৰিকালত লাভ কৰা দৰমহাৰ টকা ঘূৰাই দিয়াৰ নিৰ্দেশ দিয়া হৈছে ।

লগতে পঢ়ক :Fraud Caught at Manikpur: চিলাই মেচিনৰ নামত টকা খাই ৰাইজৰ ৰোষত প্ৰবঞ্চক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.