ETV Bharat / state

বকোত পথ দুৰ্ঘটনা : আহত দুই বাইক আৰোহী

author img

By

Published : Oct 7, 2019, 9:37 AM IST

Updated : Oct 7, 2019, 2:38 PM IST

আহত দুই বাইক আৰোহী

বকোৰ বন্দাপাৰাত মহা অষ্টমীৰ নিশা 17 নং ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হয় । তীব্ৰ বেগী য়ামাহা এফ জেড মটৰচাইকেলে চলন্ত ট্ৰাকৰ পিছত খুন্দা মৰাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় দুই বাইক আৰোহী মৃদুল সৰকাৰ আৰু অনুপম পাঠক ।

বকো, 7 অক্টোবৰ : বকোৰ বন্দাপাৰাত মহা অষ্টমীৰ নিশা 17 নং ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়াবহ পথ দুৰ্ঘটনা সংঘটিত হয় । তীব্ৰ বেগী য়ামাহা এফ জেড মটৰচাইকেলে চলন্ত ট্ৰাকৰ পিছত খুন্দা মৰাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় দুই বাইক আৰোহী মৃদুল সৰকাৰ আৰু অনুপম পাঠক । যুৱকদ্বয়ৰ ঘৰ ছমৰীয়াত বুলি জানিব পৰা গৈছে ।

পথ দুৰ্ঘটনা
বকো আৰক্ষী

ঘটনাৰ পাছতে বকো আৰক্ষী আৰু স্থানীয় ৰাইজে সংকটজনক অৱস্থাত দুই যুৱকক বকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায় । ঘটনা সংঘটিত হোৱাৰ পাছতে ট্ৰাকখন পলায়ন কৰিছিল যদিও বকো থানাৰ ভাৰপ্ৰাপ্ত বিষয়া যোগেন্দ্ৰ বৰ্মনৰ নেতৃত্বত যোৱা এটা দলে 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ট্ৰাকখন জব্দ কৰিবলৈ সক্ষম হয় । আঘাতপ্ৰাপ্ত যুৱকদ্বয়ক নিশাই উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ।

বকোত পথ দুৰ্ঘটনা
Intro:Body:বকোৰ বন্দাপাৰাত মহাদূৰ্গাষ্টমীৰ মাজনিশা ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক ভয়াবহ পথ দুৰ্ঘটনা। চলি থকা ট্ৰাকৰ পিছত খুন্দা মাৰে তীব্ৰ বেগী য়ামাহা এফ জেড মটৰচাইকেল এখনে। দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় মৃদুল সৰকাৰ আৰু অনুপম পাঠক। যুৱকদ্বয়ৰ ঘৰ ছমৰীয়াত বুলি জানিব পৰা গৈছে। বকো আৰক্ষী আৰু স্থানীয় ৰাইজে সংকটজনক অৱস্থাত বকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায়। ঘটনা সংঘটিত হোৱা পিছত ট্ৰাকখন ঘটনাস্থলীৰ পৰা পলাই যায় যদিও বকো থানাৰ ভাৰপ্ৰাপ্ত বিষয়া যোগেন্দ্ৰ বৰ্মনৰ নেতৃত্বত এটা দলে ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বেৰিকেড দি ট্ৰাকখন জব্দ কৰে। ট্ৰাকখনৰ নম্বৰ PB 10 GK 6313 আৰু মটৰ চাইকেলৰ নম্বৰ AS 25 K 5180। আঘাতপ্ৰাপ্ত যুৱকদ্বয়ক নিশাই উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হস্পিতাল লৈ প্ৰেৰণ কৰে।Conclusion:
Last Updated :Oct 7, 2019, 2:38 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.