ভূপেন বৰাক উভতি ধৰিলে বিজেপিৰ সভাপতিয়ে ক’লে, কোন হয় ভূপেন বৰা ?

author img

By

Published : Sep 27, 2022, 11:48 AM IST

bhabesh kalita slams congress

ৰঙিয়াৰ এক বিশেষ অনুষ্ঠানত উপস্থিত থাকি কংগ্ৰেছক তীব্ৰ সমালোচনা বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাৰ । ভুপেন বৰাই মুখ্যমন্ত্ৰী সলনি হ’ব বুলি কৰা মন্তব্যৰ উত্তৰ দি ৰাজ্যিক সভাপতিগৰাকীয়ে বৰালৈও এৰিলে তীক্ষ্ণ বাক্যবান(Bhabesh Kalita slams Bhupen Borah) ।

ৰঙিয়া,27 ছেপ্টেম্বৰ: ভুপেন বৰাই মুখ্যমন্ত্ৰী সলনি হ’ব বুলি কৰা মন্তব্যৰ উত্তৰ দি বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতা(BJP state president Bhavesh Kalita)ই ব্যক্ত কৰে তেওঁৰ প্ৰতিক্ৰিয়া । ভূপেন বৰা কোন ? ভূপেন বৰা বিজেপিৰ সভাপতি নেকি বুলি প্ৰশ্ন কৰি কলিতাই কয় যে ভূপেন বৰাই এতিয়া নিজৰ দলৰ ফালে নজৰ দিয়া উচিত(Bhabesh Kalita slams Bhupen Borah) । আনহাতে প্ৰিয়ংকা গান্ধীৰ অসম ভ্ৰমণৰ কথাও উল্লেখ কৰে কলিতাই (Bhabesh Kalita reacts to Priyanka Gandhi visit to Assam)।

বিধায়ক গৰাকীয়ে কয় যে 'ভাৰত জোড়ো' কৰিবলৈ প্ৰিয়ংকা গান্ধী ধুবুৰীলৈহে আহিব, গুৱাহাটীলৈ কেতিয়াও নাহে । কেন্দ্ৰত দহ বছৰ আৰু ৰাজ‍্যত পোন্ধৰ বছৰ কংগ্ৰেছে শাসন কৰাৰ সময়তো তেওঁৰ অসমলৈ মনত পৰা নাছিল । কিন্তু বৰ্তমান কংগ্ৰেছৰ অপশাসনৰ পৰা মুক্তি বিচাৰিছে অসমৰ ৰাইজে ।

ভূপেন বৰা কোন ? তেঁও বিজেপিৰ সভাপতি নেকি ?

লগতে লুৰিণজ্যোতি গগৈয়ে বিজেপিৰ বিধায়কক কয়লা চিণ্ডিকেটৰ চৰ্দাৰ বুলি অনা অভিযোগ সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব‍্যক্ত কৰে বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে । বিজেপিত কোনো চিণ্ডিকেট কৰা নাই বুলি লুৰিণজ্যোতি গগৈৰ অভিযোগ নস‍্যাৎ কৰে ৰাজ্যিক সভাপতিগৰাকীয়ে । লগতে অজাপই আগন্তুক লোকসভা নিৰ্বাচনত বিজেপি বিৰোধী দলৰ সৈতে এক হৈ প্ৰাৰ্থী থিয় কৰোৱাৰ বিষয়েও মন্তব্য কৰে বিধায়কগৰাকীয়ে ।

তেওঁ কয় যে পূৰ্বেও মহাজোঁট আছিল । ৰাইজে কিন্তু সময়ত বিজেপিকহে সমৰ্থন আগবঢ়ালে । লগতে তেওঁ কয় যে নিৰ্বাচনৰ সময়ত এনেধৰণৰ মহাজোঁট হৈয়েই থাকে । কিন্তু পৰৱৰ্তী সময়ত সকলো ফুটুকাৰ ফেনত পৰিণত হয় ।

লগতে পঢ়ক: কোকৰাঝাৰত এদিনতে মুকলি ১২ টা অঙ্গনাবাড়ী কেন্দ্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.