কোকৰাঝাৰত এদিনতে মুকলি ১২ টা অঙ্গনাবাড়ী কেন্দ্ৰ

author img

By

Published : Sep 27, 2022, 7:43 AM IST

inauguration of anganwadi centre in kokrajhar

সোমাবাৰে কোকৰাঝাৰৰ বিভিন্ন প্ৰান্তত মুকলি কৰা হয় কেইবাটাও অঙ্গনাবাড়ী কেন্দ্ৰ । একেদিনাই জিলাখনৰ বিভিন্ন প্ৰান্তত কোকৰাঝাৰ পূৱ সমষ্টিৰ বিধায়ক লৰেন্স ইছলাৰীয়ে মুকলি কৰে অঙ্গনাবাড়ী কেন্দ্ৰকোইটা(MLA Lawrence Islari inaugurates Anganwadi centre) ।

কোকৰাঝাৰ,১২ ছেপ্টেম্বৰ: কোকৰাঝাৰত সোমবাৰে এদিনতে মুকলি কৰা হয় ১২ টা অঙ্গনাবাড়ী কেন্দ্ৰ(12 Anganwadi centres inaugurated in a day in Kokrajhar) ৷ কোকৰাঝাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত বাৰটা ভিচিডিচিত বুধবাৰে এই ১২ টা আংগনবাড়ী কেন্দ্ৰ মুকলি কৰা হয় ৷ এম জি এনৰেগা আঁচনিৰ অধীনত নৱনিৰ্মিত বাৰটা অংগনাবাড়ী কেন্দ্ৰৰ আজি একেলগে ফিটা কাটি আনুষ্ঠানিকভাবে মুকলি কৰে কোকৰাঝাৰ পূৱ সমষ্টিৰ বিধায়ক লৰেন্স ইছলাৰীয়ে(MLA Lawrence Islari inaugurates Anganwadi centre) ৷

বিধায়ক গৰাকীয়ে প্ৰথমে তিনালী ভিচিডিচি অন্তৰ্গত উত্তৰ বালাগাঁৱৰ অঙ্গনাবাড়ী কেন্দ্ৰটো মুকলি কৰে ৷ ইয়াৰ পাছতে বিধায়ক গৰাকীয়ে আমগুৰী, কাৰিগাঁও, পূৱ মালিগাঁও, বিছমুৰী, মাউৰীয়া গাঁও, হল্টুগাঁও, শুকানঝোৰা, মাগুৰমাৰী আদিকে ধৰি বাৰটা ভিচিডিচিত ১২ টা অঙ্গনাবাড়ী কেন্দ্ৰ মুকলি কৰে ৷ আংগনবাড়ী কেন্দ্ৰকেইটাৰ মুকলি কাৰ্যসূচীত বিধায়কগৰাকীক সংগ দিয়ে কোকৰাঝাৰ উন্নয়ন খণ্ডৰ BDO সমীৰ বসুমতাৰী, CDPO পাৰস্মিতা দাস, UPPL দলৰ দেৱৰগাঁও ব্লকৰ সভাপতি বিজিত বসুমতাৰী, সম্পাদক অশোক গয়াৰীয়ে ৷

বিধায়ক লৰেন্স ইছলাৰীয়ে সংবাদমাধ্যমৰ আগত সদৰি কৰা মতে, কোকৰাঝাৰ উন্নয়ণ খণ্ড এলেকাত MGNREGA আঁচনিৰ অধীনত মুঠ ৩১ টা অঙ্গনাবাড়ী কেন্দ্ৰৰ নিৰ্মাণ কাৰ্য চলি আছে ৷ ইয়াৰে ১৮ টাৰ নিৰ্মাণ কাৰ্য ইতিমধ্যে সম্পন্ন হৈছে ৷ বৰ্তমান নিৰ্মাণৰত অৱস্থাত থকা তথা ৰাজ্য চৰকাৰৰ পৰা লাভ কৰা আদৰ্শ অঙ্গনাবাড়ী কেন্দ্ৰসমূহো অচিৰেই মুকলি কৰা হ'ব বুলি বিধায়কগৰাকীয়ে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: দৰঙত আকাংক্ষিত জিলা প্ৰকল্পৰ পৰ্যালোচনা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকৰ

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.