ETV Bharat / state

ৰাজ্যত পুনৰ জব্দ অবৈধ কফচিৰাপ

author img

By

Published : Jun 14, 2021, 10:06 PM IST

কামৰূপ জিলাৰ বাইহাটা চাৰিআলিত ব্ৰইলাৰ মাংসৰ দোকানৰপৰা উদ্ধাৰ হ‘ল বহু সংখ্যক অবৈধ কফচিৰাপ ৷ ৰঙিয়া মহকুমা আৰক্ষী বিষয়া মৃগাক্ষী ডেকা আৰু বাইহাটা চাৰিআলি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰূপম হাজৰিকাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই জব্দ কৰে অবৈধ কফ চিৰাপখিনি ৷

ৰাজ্যত পুনৰ জব্দ অবৈধ কফচিৰাপ
ৰাজ্যত পুনৰ জব্দ অবৈধ কফচিৰাপ

বাইহাটা চাৰিআলি , 14 জুন : ৰাজ্য়ত দিনকদিনে বৃদ্ধি পাইছে ড্ৰাগছ, কফ চিৰাপ আদি নিচাযুক্ত দ্ৰব্যৰ উদ্ধাৰৰ ঘটনা ৷ বিভিন্ন ঠাইৰ পৰা উদ্ধাৰ হৈছে অবৈধ সুৰাকে ধৰি বিভিন্ন নিচাযুক্ত দ্ৰব্য ৷ প্ৰতিদিনেই ৰাজ্য়খনত এটাৰ পাচত আনটো অবৈধ ড্ৰাগছৰ ঘাটি, সুৰাৰ ঘাটি উৎখাতৰ ঘটনা পোহৰলৈ আহিছে ৷

এইবাৰ কামৰূপ জিলাৰ বাইহাটা চাৰিআলিত ব্ৰইলাৰ মাংসৰ দোকানৰপৰা উদ্ধাৰ হ’ল অবৈধ কফ চিৰাপ ৷ ৰঙিয়া মহকুমা আৰক্ষী বিষয়া মৃগাক্ষী ডেকা আৰু বাইহাটা চাৰিআলি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰূপম হাজৰিকাৰ নেতৃত্বত এটা আৰক্ষীৰ দলে বাইহাটা চাৰিআলিত চলাই অভিযান ৷

ৰাজ্যত পুনৰ জব্দ অবৈধ কফচিৰাপ

দোকানত চলোৱা এই অভিযানত কফচিৰাপসহ দুজন অপৰাধীক কৰায়ত্ত কৰিবলৈ সক্ষম হয় আৰক্ষী ৷ কৰায়ত্ত কৰা দুই যুৱক ক্ৰমে ছিপাঝাৰ থানাৰ অন্তৰ্গত সানোৱা গাঁৱৰ ইমৰাণ আলী আৰু ৰঙিয়া থানাৰ অন্তৰ্গত নোনাপাৰৰ জেহেৰুল হ’ক ৷ এই অভিযানত আইচক্ৰীমৰ দোকানত লুকুৱাই থোৱা অৱস্থাৰ পৰা ১৭০ টা কফচিৰাপৰ বটল আৰক্ষীয়ে উদ্ধাৰ কৰে ৷ লগতে এ এছ ০১ বি এক্স ৩০৪৯ নম্বৰৰ চাৰিচকীয়া এখন বাহনো আৰক্ষীয়ে জব্দ কৰে ৷

লগতে পঢ়ক:এতিয়া কিহত ব্যস্ত ৰাখিছে আপোনাৰ শিশুটি !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.