ETV Bharat / state

APCC on Assam CM: ভূপেন বৰাৰ প্ৰসংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ অসম প্ৰদেশ কংগ্ৰেছ

author img

By

Published : Jul 29, 2023, 4:32 PM IST

APCC on Assam CM
APCC on Assam CM

‘‘হিন্দুৰ আবেগত আঘাত লাগ কথা কোৱা বদৰুদ্দিন আজমলৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ কিয় সাহস কৰা নাছিল মুখ্যমন্ত্ৰীয়ে ?’’ এই প্ৰশ্ন মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰৰ ৷ ভূপেন বৰাৰ প্ৰসংগ উল্লেখ কৰি মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰৱ অসম প্ৰদেশ কংগ্ৰেছৰ নেতৃত্ব ৷

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ অসম প্ৰদেশ কংগ্ৰেছ

ৰঙিয়া, 29 জুলাই: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ওভতি ধৰিলে কংগ্ৰেছে৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ভগৱান শ্ৰীকৃষ্ণৰ বিষয়ে কৰা বিৰূপ মন্তব্যৰ পিচত অসমৰ ৰাজনীতি তোলপাৰ লাগি থকাৰ সময়তে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ওভতি ধৰিছে কংগ্ৰেছে ৷

ৰঙিয়াৰ এখন প্ৰতিবাদী সভাত অংশগ্ৰহণ কৰি অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰে যে এই বিষয়টোৰ জৰিয়তে তেওঁ বিজেপি দলৰ সভাপতিৰ নাম ছিণ্ডিকেটত সাঙোৰ খোৱা বিষয়টো ঢাকি ৰাখিব বিচাৰিছে নেকি ?

"হস্তিৰো পিছলে পাৱ , সজ্জনৰো বুৰে নাও" বুলি কৈ নেত্ৰীগৰাকীয়ে কয় যে ভূপেন বৰাই নিজৰ ভুল স্বীকাৰ কৰি অসমৰ ৰাইজৰ ওচৰত ক্ষমা খুজিছে । তেওঁ ভগৱান শ্ৰীকৃষ্ণ সম্পৰ্কে যি অবাঞ্চিত মন্তব্য কৰিছিল , সেয়া ভুল আছিল বুলি উপলব্ধি কৰি লগে লগে ৰাইজৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিছে । কিন্তু প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ক্ষমা খোজাৰ পিচতো অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বিষয়টোক লৈ ৰাজনীতি কৰিবলৈ চেষ্টা কৰি আছে ৷

সভানেত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰীগৰাকীক প্ৰশ্ন কৰি কয়, ‘‘বদৰুদ্দিন আজমলে যেতিয়া অসমৰ হিন্দুসকলৰ আবেগত আঘাত লগা কথা কৈছিল তেতিয়া কংগ্ৰেছে সমগ্ৰ অসমত 35 খন থানাত বেলেগে বেলেগে গোচৰ ৰুজু কৰিছিল । তেতিয়া কিয় মুখ্যমন্ত্ৰীগৰাকীয়ে বদৰুদ্দিন আজমলৰ বিৰুদ্ধে কঠোৰ হ’বলৈ সাহস কৰা নাছিল ।’’

ইফালে উত্তৰ কৰিমগঞ্জৰ বিধায়ক তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যকৰী সভাপতি কমলাক্ষ দে’ পুৰকায়স্থই বিজেপি দলক আক্ৰমণ কৰি কয় যে ভূপেন বৰাই ক্ষমা খোজাৰ পিচতো বিজেপিয়ে এনেদৰে ৰাজনীতি কৰি থকাটো শোভা নাপায় । অসমৰ ৰাইজৰ আবেগত আঘাত লাগিছে বুলি অনুধাৱন কৰিছে বাবেই ভূপেন বৰাই ক্ষমা বিচাৰিছে । গতিকে এই বিষয়টো আগলৈ নাটানিবলৈ সকীয়াই দিয়ে পুৰকায়স্থই ৷

লগতে পঢ়ক: Assam Love Jihad Controversy: এজাহাৰৰ উজান উঠিছে; গ্ৰেপ্তাৰ হ'ব পাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.