ETV Bharat / state

কামৰূপত ক’ভিড পৰিস্থিতি পৰ্যৱেক্ষণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ

author img

By

Published : May 15, 2021, 10:51 PM IST

সান্ধ্য আইনৰ সময়ত অত্যাৱশ্যকীয় সামগ্ৰী উৎপাদনৰ উদ্যোগৰ বাহিৰে সকলো উদ্যোগ বন্ধ ৰখাৰ আহ্বান মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ ৷

কামৰূপত ক’ভিড পৰিস্থিতি পৰ্যালোচনা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ
কামৰূপত ক’ভিড পৰিস্থিতি পৰ্যালোচনা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ

বাইহাটা, 15মে’: কামৰূপ জিলাত নিয়ন্ত্ৰণত আছে ক’ভিড-19ৰ সংক্ৰমণ ৷ জিলাখনত পৰ্যাপ্ত পৰিমাণে আছে অক্সিজেন, ৰেমডিচিভিৰ আৰু অত্যাৱশ্যকীয় সামগ্ৰী ৷ শনিবাৰে আমিনগাঁৱৰ কামৰূপ জিলাৰ উপায়ুক্ত কাৰ্যালয়ত এই মন্তব্য কৰে ৰাজ্যৰ উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷

সান্ধ্য আইনৰ সময়ত অত্যাৱশ্যকীয় সামগ্ৰী উৎপাদনৰ উদ্যোগৰ বাহিৰে সকলো উদ্যোগ বন্ধ ৰখাৰ আহ্বান পাটোৱাৰীৰ ৷ ইয়াৰ লগতে আন কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে ৷

কামৰূপত ক’ভিড পৰিস্থিতি পৰ্যালোচনা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ

সেই অনুসৰি ক’ৰণাৰ ভয়াৱহতা কিছু হ্ৰাস পালেই লুইতৰ বুকুত কেইবাখনো অত্যাধুনিক জাহাজ চলিব বুলি ঘোযণা উদ্যোগমন্ত্ৰীৰ । গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজতো ব্ৰহ্মপুত্ৰৰ বুকুত চলিব অত্যাধুনিক জাহাজ ।

একেদৰে আলফাই যুদ্ধ বিৰতি ঘোষণা কৰা সিদ্ধান্তকো আদৰণি জনায় পৰিবহন মন্ত্ৰী গৰাকীয়ে । উপায়ুক্ত কৈলাশ কাৰ্তিকে আঁতধৰা সভাত বিধায়িকা নন্দিতা দাস, সুমন হৰিপ্ৰিয়া , বিধায়ক ৰেকিবুদ্দিন আহমেদ, দিগন্ত কলিতা, হেমাংগ ঠাকুৰীয়া উপস্থিত হৈ বৈঠকত উপস্থিত থাকে ৷

লগতে পঢ়কঃ ডিফুত দিন-দুপৰতে ব্যৱসায়ীক গুলীয়াই হত্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.