ETV Bharat / state

মনোনয়ন পত্ৰ দাখিল ছয়গাঁৱৰ প্ৰাৰ্থী ডাঃ কমলা কলিতাৰ

author img

By

Published : Mar 17, 2021, 4:38 PM IST

মনোনয়ন পত্ৰ দাখিল ছয়গাঁৱৰ প্ৰাৰ্থী ডাঃ কমলা কলিতাৰ
মনোনয়ন পত্ৰ দাখিল ছয়গাঁৱৰ প্ৰাৰ্থী ডাঃ কমলা কলিতাৰ

বুধবাৰে মনোনয়ন পত্ৰ দাখিল কৰিলে ছয়গাঁও সমষ্টিৰ বিজেপি-অগপৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ডাঃ কমলা কলিতাই । বিধানসভা নিৰ্বাচনত ৰাজ্যত অসম গণ পৰিষদে ২০ খন আসন লাভ কৰিব বুলি দাবী কৰিলে প্ৰাৰ্থীগৰাকীয়ে ।

বাইহাটা,১৭ মাৰ্চ: বিজেপি-অগপৰ মিত্ৰজোঁটৰ ছয়গাঁও সমষ্টিৰ প্ৰাৰ্থী ডাঃ কমলা কলিতাই বুধবাৰে মনোনয়ন পত্ৰ দাখিল কৰে । ছয়গাঁও সমষ্টিৰ ৰিটাৰ্ণিং বিষয়া প্ৰশান্ত প্ৰতীম কাঠকটীয়াক দাখিল কৰিলে মনোনয়ন পত্ৰ । "ৰেকিবুদ্দিন হটাও ছয়গাঁও বচাও" শ্ল'গানেৰে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'বলৈ সাজু হৈছে ডাঃ কমলা কলিতা ।

জ্যেষ্ঠ অগপ নেতাগৰাকীয়ে কয় যে, ৰেকিবুদ্দিন আহমেদ বিধায়ক হৈ থকাৰ সময়ত ছয়গাঁৱত অপ সংস্কৃতিয়ে ছানি ধৰিছে বুলি অভিযোগ উত্থাপন কৰিলে প্ৰাৰ্থীগৰাকীয়ে । ৰেকিবুদ্দিন আহমেদৰ দম্ভ এইবাৰ ভোটাৰে মষিমূৰ কৰিব বুলি দাবী কৰে জ্যেষ্ঠ অগপ নেতা গৰাকীয়ে ।

ছয়গাঁৱৰ উন্নয়নৰ স্বাৰ্থত ৰাইজে বিপুল ভোটত তেওঁক জয়ী কৰিব বুলি দাবী কৰে । লগতে ৰাজ্যত অগপ দলে ২০ খন আসন লাভ কৰিব বুলিও তেওঁ মন্তব্য কৰে ।

লগতে পঢ়ক: দলগাঁৱত ফ্লায়িং স্কোৱাডৰ অভিযানত জব্দ ২৬ লাখ টকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.