ETV Bharat / state

ৰঙিয়াত দৰিদ্ৰৰ মাজত খাদ্য সামগ্ৰী বিতৰণ ৰবি শৰ্মাৰ

author img

By

Published : Jun 15, 2021, 10:39 PM IST

ravi sarma food distributes in rangia
ৰঙিয়াত ৰবি শৰ্মাৰ খাদ্য সামগ্ৰী বিতৰণ

ৰঙিয়াত মঙলবাৰে দুখীয়া ৰাইজক খাদ্য সামগ্ৰীৰ যোগান ধৰে অভিনেতা ৰবি শৰ্মা (Ravi Sarma)ই ৷ অগ্ৰণী ব্যৱসায়িক প্ৰতিষ্ঠান এইছ এণ্ড কে (H & K)ৰ উদ্যোগত আয়োজন কৰা হয় এই খাদ্য বিতৰণ (Food Distribute) কাৰ্যসূচীৰ ৷

ৰঙিয়া, 15 জুন : মঙলবাৰে ৰঙিয়াত উপস্থিত হৈ দৰিদ্ৰ ৰাইজৰ মাজত খাদ্য বিতৰণ (Food Distribute) কৰে জনপ্ৰিয় অভিনেতা ৰবি শৰ্মা (Ravi Sarma)ই ৷ ৰঙিয়াৰ অগ্ৰণী ব্যৱসায়িক প্ৰতিষ্ঠান এইছ এণ্ড কে (H & K)ৰ উদ্যোগত আয়োজন কৰা এক অনুষ্ঠানত অংশগ্ৰহণ কৰি দুখীয়া ৰাইজক খাদ্য সামগ্ৰীৰ যোগান ধৰে অভিনেতাগৰাকীয়ে ।

ৰঙিয়াত ৰবি শৰ্মাৰ খাদ্য সামগ্ৰী বিতৰণ

উল্লেখ্য যে, ক’ভিড (Covid)ৰ এই সংকটপূৰ্ণ সময়ত খাটি খোৱা শ্ৰেণীৰ বেছিভাগ লোকেই কৰ্ম সংস্থাপন হেৰুৱাই এসাঁজ খাই এসাঁজ লঘোণে থাকিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে । তেনে লোকসকলৰ হাতত কিছু খাদ্য সামগ্ৰী তুলি দি সন্তোষ প্ৰকাশ কৰে অভিনেতা ৰবি শৰ্মাই । লগতে শীঘ্ৰেই কৰ’ণাৰ আতংকৰ পৰা পৰিত্ৰাণ পোৱাৰ আশা ব্যক্ত কৰে অভিনেতাগৰাকীয়ে ।

উক্ত অনুষ্ঠানটোৰ আঁত ধৰে এইছ এণ্ড কেৰ উপ অধ্যক্ষ চন্দ্ৰমা শালৈয়ে । উল্লেখ্য যে, বিগত বৰ্ষৰ লক ডাউনৰ লগতে বৰ্তমান চলি থকা আংশিক লক ডাউনৰ সময়ত এই ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ তৰফৰ পৰা সমাজৰ প্ৰতিটো স্তৰৰ লোককে সাহায্য প্ৰদান কৰা হৈছে ।

লগতে পঢ়ক : ২৭ জুলাইত ছবিগৃহলৈ আহিব অক্ষয় কুমাৰৰ "Bell Bottom"

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.