ETV Bharat / state

সামৰণি পৰিল ভাৰত-বাংলাদেশ অংশীদাৰ সন্মিলনৰ

author img

By

Published : Oct 24, 2019, 3:52 AM IST

Updated : Oct 24, 2019, 7:42 AM IST

সামৰণি পৰিল ভাৰত-বাংলাদেশ অংশীদাৰ সন্মিলন

বুধবাৰে সামৰণি পৰে মহানগৰীত অনুষ্ঠিত হোৱা ভাৰত-বাংলাদেশ অংশীদাৰ সন্মিলনৰ ৷ মহানগৰীৰ জালুকবাৰীস্থিত হোটেল ৰেডিচন ব্লুত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছিল এই সন্মিলন ৷

গুৱাহাটী, 24 অক্টোবৰ: বুধবাৰে সামৰণী পৰে মহানগৰীত অনুষ্ঠিত হোৱা ভাৰত-বাংলাদেশ অংশীদাৰ সন্মিলনৰ ৷ মহানগৰীৰ জালুকবাৰীস্থিত হোটেল ৰেডিচন ব্লুত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছিল এই সন্মিলন ৷ দুয়োখন ৰাষ্ট্ৰৰ মাজৰ সম্পৰ্ক সূদৃঢ় কৰাৰ লক্ষ্যৰে অনুষ্ঠিত হৈছিল এই সন্মিলন ৷ লগতে যোগাযোগৰ ক্ষেত্ৰতো বিশেষ পদক্ষেপ লোৱাৰো সিদ্ধান্ত লোৱা হয় উক্ত সন্মিলনখনত ৷ দুয়োখন দেশে একলগে মিলি বাণিজ্যিক দিশত আগবাঢ়িব। বিনিয়োগকাৰীসকলে বিনিয়োগ কৰিব পাৰিব নৰ্থ-ইষ্ট তথা ভাৰতত ।

সামৰণি পৰিল ভাৰত-বাংলাদেশ অংশীদাৰ সন্মিলন

এই সন্মিলনত যোগীঘোপাৰ মাল্টি ল'জিষ্টিকছ পাৰ্ক উন্নত কৰা,জল পথ সূচল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।পৰ্যটনৰ ক্ষেত্ৰতো দুয়োখন দেশৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰা হয় ৷ এই সন্মিলনৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী,অসম চৰকাৰৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী,ভাৰত-বাংলাদেশ উদ্যোগ আৰু বাণিজ্যিক বিভাগৰ সচিব আব্দুল মটলিব আলী,বাংলাদেশৰ যোগাযোগ আৰু পথ উন্নয়ন বিভাগৰ অতিৰিক্ত সচিব ইছানি ইলাহীকে প্ৰমুখ্য কৰি দুয়োখন দেশৰ ভালেমান শীৰ্ষ পৰ্যায়ৰ বিষয়া ৷

Intro:বুধবাৰে সামৰণি পৰে মহানগৰীৰ জালুকবাৰীস্থিত হোটেল ৰেডিচন ব্লু'ত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ভাৰত-বাংলাদেশ অংশীদাৰ সন্মিলন। দুয়োখন চুবুৰীয়া ৰাষ্ট্ৰৰ সম্পৰ্ক সুদৃঢ় কৰাৰ লক্ষ্যৰে অনুষ্ঠিত হৈছিল এই সন্মিলন। যোগাযোগৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ লোৱা সিদ্ধান্ত লোৱা হয়। দুয়োখন দেশে একলগে মিলি বাণিজ্যিক দিশত আগবাঢ়িব। বিনিয়োগকাৰীসকলে বিনিয়োগ কৰিব পাৰিব নৰ্থ ইষ্ট তথা ভাৰতত। এই সন্মিলনত জগীঘোপাৰ মাল্টি ল'জিষ্টিকছ পাৰ্ক উন্নত কৰা, জল পথ সুচল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। পৰ্যটনৰ ক্ষেত্ৰতো কৰা হৈছে দুয়োখন দেশৰ মাজত বুজাবুজি চুক্তি। উল্লেখযোগ্য যে এই সন্মিলনৰ সামৰনি অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, অসম চৰকাৰৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, ভাৰত-বাংলাদেশ উদ্যোগ আৰু বাণিজ্যিক বিভাগৰ সচিব আব্দুল মটলিব আলী, বাংলাদেশৰ যোগাযোগ আৰু পথ উন্নয়ন বিভাগৰ অতিৰিক্ত সচিব ইছানি ইলাহীকে প্ৰমুখ্য কৰি দুয়োখন দেশৰ ভালেমান শীৰ্ষ পৰ্যায়ৰ বিষয়া।Body:Guwahati Conclusion:Hirul Haque
Last Updated :Oct 24, 2019, 7:42 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.