কৰ্মৰ সন্ধানত আহি গুৱাহাটীত সন্ধানহীন ৰঙিয়াৰ ৰাহুল

author img

By

Published : Sep 4, 2022, 2:18 PM IST

Slug As_rangia_4sept_801_to_804_vis+bite+photo_missing_boy_bandana_sarma_AS10040

কাম বিচাৰি গৈ গুৱাহাটীত সন্ধানহীন ৰঙিয়াৰ যুৱক (Youth missing in Guwahati)। সন্ধানহীন হোৱা যুৱকজন ৰঙিয়াৰ তুলসীবাৰীৰ ৰাহুল কলিতা (২২)।

ৰঙিয়া, 4 চেপ্টেম্বৰ: ৰঙিয়াত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ ৰাজ্যৰ বহু যুৱক কামৰ তাড়নাত গৈ বহিঃ ৰাজ্যত সন্ধানহীন হোৱাৰ খৱৰে প্ৰায়ে বাতৰিৰ শিৰোনাম দখল কৰা দেখা যায় ৷ কিন্তু এইবাৰ বহিঃ ৰাজ্যত গৈ নহয়, কাম বিচাৰি গুৱাহাটী মহানগৰীত সন্ধানহীন হৈছে ৰঙিয়াৰ এজন যুৱক (Youth missing in Guwahati) ৷

তথ্য অনুসৰি জানিব পৰা মতে , সন্ধানহীন হোৱা যুৱকজন হৈছে ৰঙিয়াৰ তুলসীবাৰীৰ ৰাহুল কলিতা (২২) । পৰিয়ালটোক আৰ্থিক ভাৱে কিছু সকাহ দিবলৈ ২০ দিন পূৰ্বে নলবাৰীৰ বন্ধু এজনৰ সৈতে গুৱাহাটীৰ বেলতলা তিনিআলিস্থিত লেবৰটৰীত কাম উদ্দেশ্যে ওলাই গৈছিল । কিন্তু যোৱা ছয় দিনে যুৱকজনৰ নাই কোনো সন্ধান ।

গুৱাহাটীত সন্ধানহীন হৈছে ৰঙিয়াৰ যুৱক

ঘটনা সন্দৰ্ভত ভুক্তভোগী পৰিয়ালটোৱে তুলসীবাৰী আৰক্ষীৰ কাষ চাপে । কণিষ্ঠ পুত্ৰ ৰাহুল কলিতা আজি ছয় দিন ধৰি সন্ধানহীন হৈ থকাত দুখত ভাগি পৰিছে পিতৃ-মাতৃৰ লগতে আত্মীয় । আৰক্ষীয়েও বৰ্তমানলৈকে কোনো শুংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই । অৱশেষত গুৱাহাটীৰ ৰাজপথত পিতৃ-মাতৃয়ে ব্যৱসায়ী, পথচাৰীসকলক নিৰুদ্দিষ্ট পুত্ৰৰ ফটো দেখুৱাই বিভিন্ন ঠাইত বিচাৰি ফুৰিছে । ইয়াৰ উপৰি আত্মীয় স্বজন আৰু পৰিচিত লোকৰ ঘৰত খা-খবৰ কৰিও কোনো শুংসূত্ৰ উলিয়াবলৈ সক্ষম নহ'ল ।

কোনো দুষ্ট চক্ৰৰ কবলত পৰা বুলি সন্দেহ কৰি চিন্তিত হৈ পৰিছে পৰিয়ালবৰ্গ । কি পৰিস্থিতিত আৰু কেনেকৈ যুৱকজন নিখোজ হ'ল সেয়া ৰহস্যৰ আৱৰ্তত । শীঘ্ৰে যুৱকজনক উদ্ধাৰ কৰিবলৈ আৰক্ষীক দাবী জনাইছে ।

লগতে পঢ়ক: টিংখাঙত একেখন গাঁৱৰে তিনি যুৱতী নিৰুদ্দেশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.