গুৱাহাটীৰ নিচামুক্তি কেন্দ্ৰৰ বাহিৰত ৰহস্যজনক অৱস্থাত যুৱকৰ মৃতদেহ উদ্ধাৰ

author img

By

Published : Sep 18, 2022, 12:50 PM IST

young man body rescued outside a drug rehabilitation center in Guwahati

মহানগৰীৰ নিচামুক্তি কেন্দ্ৰসমূহৰ স্বচ্ছতাক লৈ পুনৰবাৰ প্ৰশ্ন উত্থাপিত হৈছে ৷ গুৱাহাটীৰ মথুৰা নগৰৰ ডাউন টাউন হাস্পতালৰ সমীপতে থকা "স্বাভাৱিক ফাউণ্ডেচন" নামৰ নিচামুক্তি কেন্দ্ৰৰ সন্মুখত পুৱতি নিশা দিছপুৰ আৰক্ষীয়ে চুমিত্তা কুমাৰ দাস(৩০)নামৰ এজন যুৱকৰ মৃতদেহ উদ্ধাৰ কৰে (body rescued outside a drug rehabilitation center)৷

গুৱাহাটী,১৮ ছেপ্টেম্বৰ: মহানগৰীৰ নিচামুক্তি কেন্দ্ৰত প্ৰকৃততে চলিছে কি? চৰকাৰী নীতি নিৰ্দেশনা উলংঘা কৰি বেআইনীভাৱে ৰমৰমীয়া বেহা চলাই থকা একাংশ নিচামুক্তি কেন্দ্ৰত কিছুদিন পূৰ্বে ছাডেন ভিজিত দিছিল সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই (Sudden visit in drug rehabilitation center) ৷ মন্ত্ৰীগৰাকীয়ে এই নিচামুক্তি কেন্দ্ৰসমূহৰ অৱস্থা তথা কদৰ্যময় পৰিৱেশ দেখি খঙত অগ্নিশৰ্মা হৈ অচিৰেই নিচামুক্তি কেন্দ্ৰসমূহৰ (drug rehabilitation center in Guwahati) লগত এক বৈঠকৰ আয়োজন কৰিছিল ৷

ৰহস্যজনক অৱস্থাত উদ্ধাৰ হোৱা যুৱকৰ মৃতদেহটো
ৰহস্যজনক অৱস্থাত উদ্ধাৰ হোৱা যুৱকৰ মৃতদেহটো

পৰবৰ্তী সময়ত নিচামুক্তি কেন্দ্ৰৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি সংবাদ মাধ্যমৰ আগত কঠোৰ সকিয়নী প্ৰদান কৰিছিল মন্ত্ৰীগৰাকীয়ে ৷ মন্ত্ৰীগৰাকীৰ মন্তব্যৰ মাত্ৰ দুই সপ্তাহৰ পিছতে দেওবাৰে পুৱতি নিশা মহানগৰীৰ এটা নিচামুক্তি কেন্দ্ৰত এজন যুৱকৰ ৰহস্যজনক মৃত্যু হয় (young man body rescued ) ৷

এই ঘটনাৰ পিছতে নিচামুক্তি কেন্দ্ৰসমূহৰ স্বচ্ছতাক লৈ পুনৰবাৰ প্ৰশ্ন উত্থাপিত হৈছে ৷ আৰক্ষী সূত্ৰে জানিব পৰামতে গুৱাহাটীৰ মথুৰা নগৰৰ ডাউন টাউন হাস্পতালৰ সমীপতে থকা "স্বাভাৱিক ফাউণ্ডেচন" নামৰ নিচামুক্তি কেন্দ্ৰৰ সন্মুখত পুৱতি নিশা দিছপুৰ আৰক্ষীয়ে চুমিত্তা কুমাৰ দাস(৩০)নামৰ এজন যুৱকৰ মৃতদেহ উদ্ধাৰ কৰে (body rescued outside a drug rehabilitation center in Guwahati) ৷ জানিব পৰামতে মৃত যুৱকজন দীৰ্ঘদিন ধৰি "স্বাভাৱিক ফাউণ্ডেচন" নামৰ নিচামুক্তি কেন্দ্ৰটোত বাস কৰিছিল ৷

শনিবাৰে নিশাৰ ভাগত নিচা মুক্তি কেন্দ্ৰটোৰ সন্মুখত থকা দোকানৰ সন্মুখত যুৱকজনক বহু সময় ধৰি শুই থকা স্থানীয় লোকে প্ৰত্যক্ষ কৰিছিল ৷ ততালিকে স্থানীয় লোকে দিছপুৰ আৰক্ষীক এই খবৰ দিয়ে ৷

এই খবৰ পাই নিশা প্ৰায় ১২ বজাত দিছপুৰ আৰক্ষী (Dispur police rescued body) ঘটনাস্থলীত উপস্থিত হৈ অৰ্ধমৃত অৱস্থাত যুৱকজনক উদ্ধাৰ কৰি ১০৮ যোগে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে যুৱকজনক ৷ সম্প্ৰতি আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ অন্তত মৃতদেহটো পৰিয়ালৰ লোকক চমজাই দিয়ে ৷

অৱশ্যে এই পৰ্যন্ত যুৱকজনৰ মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই ৷ এতিয়া প্ৰশ্ন উত্থাপন হয় যে যদিহে স্বাভাৱিক ফাউণ্ডেচন নামৰ নিচামুক্তি কেন্দ্ৰটোত যুৱকজন বাস কৰিছিল, তেন্তে নিশা কেন্দ্ৰটোৰ পৰা কিদৰে ওলাই আহিবলৈ সক্ষম হ’ল যুৱকজন? নিচা মুক্তি কেন্দ্ৰটোত পৰ্যাপ্ত সুৰক্ষাৰ ব্যৱস্থা নাছিল নেকি? ইতিমধ্যে ঘটনা সন্দৰ্ভত এক গোচৰ ৰজু কৰি তদন্ত আৰম্ভ কৰিছে দিছপুৰ আৰক্ষীয়ে ৷

লগতে পঢ়ক: নেপালত ভয়ংকৰ ভূমিস্খলন: মৃত্যু বহু লোকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.