নেপালত ভয়ংকৰ ভূমিস্খলন: মৃত্যু বহু লোকৰ

author img

By

Published : Sep 17, 2022, 4:01 PM IST

Updated : Sep 17, 2022, 4:31 PM IST

Landslides in west Nepal several died

নেপালৰ আচহাম জিলাত ভয়ংকৰ ভূমিস্খলন (Landslide in West Nepal) ৷ ভূমিস্খলনত মৃত্যু বহুলোকৰ ৷ প্ৰাৰম্ভিক তথ্য অনুসৰি জানিব পৰা মতে, বৰ্তমানলৈকে ১৭ গৰাকী লোকৰ মৃত্যু হোৱাৰ বিপৰীতে সন্ধানহীন হৈ আছে ৫ গৰাকী লোক ৷

নেশ্যনেল ডেস্ক, 17 ছেপ্টেম্বৰ: নেপালৰ আচহাম জিলাত ভয়ংকৰ ভূমিস্খলন (Landslides in Nepals Achham district) ৷ ভূমিস্খলনত মৃত্যু বহু লোকৰ ৷

প্ৰাৰম্ভিক তথ্য অনুসৰি জানিব পৰা মতে, বৰ্তমানলৈকে ১৭ গৰাকী লোকৰ মৃত্যু হোৱাৰ বিপৰীতে সন্ধানহীন হৈ আছে ৫ গৰাকী লোক ৷ শুকুৰবাৰে পুৱাৰে পৰা হোৱা নেৰা-নেপেৰা বৰষুণৰ বাবে নিশাটোৰ ভিতৰতে ভূমিস্খলন হোৱাৰ ফলত জিলাখনৰ তিনিটা ভিন্ন প্ৰান্তত ব্যাপক ক্ষতিসাধন হয় ৷ ঘৰ-দুৱাৰ উটুৱাই লৈ যায় বহুলোকৰ (Disaster in Nepal due to landslide) ৷

ইফালে উদ্ধাৰকাৰী দলে ১৭ গৰাকী লোকৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে ঘটনাস্থলীৰ পৰা ১১ গৰাকী লোকক আহত অৱস্থাত উদ্ধাৰ কৰে । আনফালে পাঁচগৰাকী লোকৰ সন্ধান বিচাৰি অব্যাহত আছে অভিযান । উল্লেখ্য যে, আহতসকলৰ ভিতৰত তিনিগৰাকী লোকৰ অৱস্থা অতিকে সংকটজনক ৷ সেয়েহে, আহতসকলক চুবুৰীয়া প্ৰদেশত চিকিৎসাৰ বাবে বিমান যোগে প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে (So many people dead and missing in Nepal landslides)।

লগতে পঢ়ক: Karnataka Landslide: কৰ্ণাটকৰ ভূমিস্খলনত কেৰালাৰ তিনি শ্ৰমিকৰ মৃত্যু

Last Updated :Sep 17, 2022, 4:31 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.