ETV Bharat / state

Women wing of Assam TMC : নাৰীজনিত অপৰাধ নিয়ন্ত্ৰণৰ দাবী অসম তৃণমূল মহিলা কংগ্ৰেছৰ; ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষাক স্মাৰক পত্ৰ প্ৰদান

author img

By ETV Bharat Assamese Team

Published : Sep 13, 2023, 8:25 PM IST

অসম তৃণমূল মহিলা কংগ্ৰেছৰ এটি সঁজাতি দলে বুধবাৰে অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষাক এক স্মাৰক পত্ৰ প্ৰদান কৰে ৷ স্মাৰক পত্ৰৰ জৰিয়তে অসমত নাৰীৰ সুৰক্ষা নিশ্চিত কৰিবলৈ দলটোৱে দাবী জনায় ৷

Women wing of Assam TMC Submit Memorendum
নাৰীজনিত অপৰাধ নিয়ন্ত্ৰণৰ দাবী

ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষাক স্মাৰক পত্ৰ প্ৰদান

গুৱাহাটী, ১৩ ছেপ্টেম্বৰ: ৰাজ্যৰ বৰ্ধিত নাৰীজনিত অপৰাধৰ পৰিপ্ৰেক্ষিতত অসম তৃণমূল মহিলা কংগ্ৰেছৰ এটি সঁজাতি দলে বুধবাৰে অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষাক এক স্মাৰক পত্ৰ প্ৰদান কৰে ৷ স্মাৰক পত্ৰৰ জৰিয়তে ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষাক অসমত নাৰীৰ সুৰক্ষা নিশ্চিত কৰিবলৈ দলটোৱে দাবী জনায় ৷

এই সন্দৰ্ভত সংবাদ মাধ্যমৰ সন্মুখত বক্তব্য ৰাখি কামৰূপ মহানগৰ জিলা তৃণমূল কংগ্ৰেছৰ সভানেত্ৰী ৰেখা বৰগোহাঁইয়ে কয় যে, অসমত বৰ্ধিত নাৰীজনিত অপৰাধৰ ঘটনাত আমি অসম মহিলা তৃণমূল কংগ্ৰেছ উদ্বিগ্ন হৈ পৰিছো ৷ অসম বিধানসভাত অসম চৰকাৰে দাঙি ধৰা তথ্য অনুসৰি যোৱা ৮ মাহত ৰাজ্যত ৬৩৯ টা বলাৎকাৰৰ ঘটনা সংঘটিত হৈছে ৷ ৬৪৩ টা হত্যাকাণ্ড সংঘটিত হৈছে ৷ এই সময়ছোৱাত নাৰীজনিত অপৰাধৰ সংখ্যা ৪,০৯৮ টা ৷ যৌতুকজনিত অপৰাধ সংঘটিত হৈছে ৯০৪টা ৷

তেওঁ কয় যে, এইখন চৰকাৰৰ দিনত যে ৰাজ্যত কোনো নাৰী সুৰক্ষিত নহয়, সেইয়া প্ৰমাণ কৰি দিছে ৷ গতিকে নাৰীক সুৰক্ষা দিয়াত এইখন চৰকাৰ যে ব্যৰ্থ হৈছে তাৰ পৰিপ্ৰেক্ষিতত নাৰী সুৰক্ষা নিশ্চিত কৰাৰ দাবীৰে ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষাক স্মাৰক পত্ৰ প্ৰদান কৰা হৈছে বুলি কয় তেওঁ ৷

কেৱল এয়াই নহয় ৷ এক দুষ্টচক্ৰই অসমৰ একাংশ যুৱতী-মহিলাক বহিঃ ৰাজ্যলৈ লৈ গৈ বিক্ৰী কৰাৰ দৰে ঘটনাও সংঘটিত হৈছে বুলি মন্তব্য কৰে তেওঁ ৷ ২০১৬ চনৰ পৰা এতিয়ালৈকে মানৱ সৰবৰাহকাৰী চক্ৰৰ কৱলত পৰা ৭০০ মহিলা বহিঃ ৰাজ্যত উদ্ধাৰ হোৱাটোৱে এই দিশৰ ভয়াৱহ ছবিখন স্পষ্ট কৰিছে ৷ ইয়াৰ বাহিৰেও মহানগৰীৰ ভিন্ন প্ৰান্তত মহিলাৰ ডিঙিৰ পৰা চেইন চুৰিৰ ঘটনা নিত্য নৈমিত্তিক ঘটনা হৈ পৰিছে ৷ ৰাজ্যখনত নাৰীৰ ওপৰত ক্ৰমান্বয়ে বাঢ়ি অহা অপৰাধত আমি অসম মহিলা তৃণমূল কংগ্ৰেছ উদ্বিগ্ন হৈ পৰিছোঁ বুলি উল্লেখ কৰে তেওঁ ৷ সেয়েহে এই ক্ষেত্ৰত এক উপযুক্ত ব্যৱস্থা গ্ৰহণৰ বাবে দলটোৱে দাবী জনায় ৷

লগতে পঢ়ক : Demand for land patta in Guwahati : ভূমিহীন লোকক ভূমিৰ পট্টা নিদিলে বৃহৎ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.