ETV Bharat / state

পূজা বুলি ক’লেই মনলৈ আহে জেলেপীৰ কথা

author img

By

Published : Oct 23, 2020, 10:44 PM IST

জেলেপী হৈছে পূজাৰ অবিচ্ছেদ্য অংগ ৷ জেলেপী অবিহনে যেন আধৰুৱা দুৰ্গোৎসৱ ৷ পূজাৰ কেইদিনত সকলোতে সুলভ জেলেপী ৷

jelepi
jelepi

গুৱাহাটী, 23 অক্টোবৰ : ক’ভিডৰ নীতি-নিয়ম আৰু সাৱধানতাৰ মাজেৰে ৰাজ্যত উদযাপন হৈছে দুৰ্গা পূজা ৷ দুৰ্গা পূজা মানেই মনলৈ আহে জেলেপীৰ কথা ৷ প্ৰতিজন লোকেই পূজাৰ দিনকেইটাত সোৱাদ লয় জেলেপীৰ ৷ মহানগৰীত এইবাৰ জেলেপীৰ দোকান তেনেই নগন্য ৷ কিয়নো ক’ভিডৰ বাবে সমাগম কমিছে ভক্তৰ ৷ মহানগৰীত প্ৰতি কেজি জেলেপীৰ মূল্য 200 টকা ৷ ক’ভিডৰ এনে পৰিস্থিতিৰ মাজতো কিছুলোকে ক্ৰয় কৰিছে সকলোৰে প্ৰিয় জেলেপী ৷

পূজা বুলি ক’লেই মনলৈ আহে জেলেপীৰ কথা

জেলেপী হৈছে পূজাৰ অবিচ্ছেদ্য অংগ ৷ জেলেপী অবিহনে যেন আধৰুৱা দুৰ্গোৎসৱ ৷ পূজাৰ কেইদিনত সকলোতে সুলভ জেলেপী ৷ ভিন্ন স্বাদৰ জেলেপী উপলব্ধ হয় বিপনীসমূহত ৷ শিশুৰ পৰা বৃদ্ধলৈ সকলোৱেই পূজাৰ দিন কেইটাত সোৱাদ লয় জেলেপীৰ ৷ কিন্তু এইবাৰ কিছু পৰিমাণে ৰাইজ বঞ্চিত হ’ব লগাত পৰিছে জেলেপীৰ সোৱাদ লোৱাৰ পৰা ৷

লগতে পঢ়ক : সদস্য সাংবাদিকৰ বাবে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰশংসনীয় পদক্ষেপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.