ETV Bharat / state

সোমবাৰৰ পৰা আৰম্ভ বিধানসভাৰ শীতকালীন অধিৱেশন

author img

By

Published : Dec 28, 2020, 10:28 AM IST

Updated : Dec 28, 2020, 10:58 AM IST

সোমবাৰৰ পৰা আৰম্ভ হৈছে অসম বিধানসভাৰ শীতকালীন অধিৱেশন । তিনি দিনৰ বাবে অনুষ্ঠিত হ’ব অধিৱেশন ৷ এইবাৰ কেইবাটাও দিশত ব্যতিক্ৰম হ’ব শীতকালীন অধিৱেশন ৷

winter session of the assam assembly
বিধানসভাৰ শীতকালীন অধিৱেশন

গুৱাহাটী,28 ডিচেম্বৰ : তেনেই সীমিত কাৰ্যক্ৰমণিকাৰে সোমবাৰৰ পৰা আৰম্ভ হৈছে অসম বিধানসভাৰ শীতকালীন অধিৱেশন । মাত্ৰ তিনি দিনৰ বাবে অৰ্থাৎ 30 ডিচেম্বৰলৈকে অনুষ্ঠিত হ’বলগীয়া এই অধিৱেশন এইবাৰ কেইবাটাও দিশত ব্যতিক্ৰম হ’ব । কিয়নো যদিওবা অধিৱেশন মাত্ৰ তিনিদিনৰ বাবেহে চলিব, কিন্তু এই তিনি দিনতেই বিধানসভাত উত্থাপন হ’ব দহখনকৈ বিধেয়ক ।

বিধানসভাৰ শীতকালীন অধিৱেশন

আন এক গুৰুত্বপূৰ্ণ বিষয় হৈছে বিধানসভাৰ এইবাৰ শীতকালীন অধিৱেশনত সদনত দেখা পোৱা নাযাব কেইবাখনো পৰিচিত মুখ । সেইসকলৰ ভিতৰত বিৰোধী দল কংগ্ৰেছৰ সদস্যৰ সংখ্যাই অধিক বুলি জানিব পৰা গৈছে ।

এইসকলৰ ভিতৰত আছে সদ্য প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, ইতিমধ্যে বিধায়ক পদ ত্যাগ কৰা ৰাজদ্বীপ গোৱালা, অজন্তা নেওগ, ইমানুৱেল মুছাহাৰী আদি ।

লগতে পঢ়ক : বিজেপি চৰকাৰ দুষ্ট আৰু ভ্ৰষ্টাচাৰীৰ চৰকাৰ: পৃথিৰাজ প্ৰভাকৰ সাথ

Last Updated : Dec 28, 2020, 10:58 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.