ETV Bharat / state

মৌলবাদী-জেহাদীৰ উদ্যোগত ৰাজ্যত জালনোটৰ ব্যাপক প্ৰচলন : ৰাজ্যৰ অৰ্থনীতিলৈ ভাবুকি

author img

By

Published : Jun 5, 2022, 6:46 PM IST

কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি ২০১৭ চনৰ পৰা ২০২০ চনলৈ বিগত চাৰি বছৰত ৰাজ্যখনত মুঠ ১,৩৬,৬০,১৪০ টকাৰ জালনোট আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে (Huge amount of fake notes seized in Assam)। কৰ'ণাকালত জালনোটৰ প্ৰচলন কিছু পৰিমাণে হ্রাস পাইছিল যদিও শেহতীয়াকৈ ৰাজ্যখনত পুনৰ উভৈনদী হৈ পৰিছে জালনোট । জালনোটৰ সৈতে বৃহৎ আন্তঃৰাষ্ট্ৰীয় চক্র জড়িত । অসমত জালনোটৰ প্ৰচলনৰ সৈতে মৌলবাদী তথা জেহাদীৰ সংযোগ থকাৰ অভিযোগ । বাংলাদেশৰ পৰা জেহাদী সংগঠনসমূহে অসমলৈ প্ৰেৰণ কৰি আহিছে জালনোট ।

Fake currency
ৰাজ্যত জালনোটৰ ব্যাপক প্ৰচলন

গুৱাহাটী,৫ জুন : ৰাজ্যখনত শেহতীয়াকৈ জালনোটৰ চক্ৰ পুনৰ সক্ৰিয় হৈ পৰিছে (Fake currency racket in Assam)। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত এতিয়া প্ৰায়ে জালনোট জব্দ কৰাৰ ঘটনা সংঘটিত হৈ আহিছে । আনকি দোকান-বজাৰৰ উপৰিও বেংক, এ টি এম আদিতো এতিয়া জালনোট ওলাবলৈ ধৰিছে । খোদ কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা তথ্য অনুসৰি ২০১৭ চনৰ পৰা ২০২০ চনলৈ বিগত চাৰি বছৰত ৰাজ্যখনত মুঠ ১,৩৬,৬০,১৪০ টকাৰ জালনোট আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে (Huge amount of fake notes seized in Assam)।

আনহাতে, কৰ'ণাকালত জালনোটৰ প্ৰচলন কিছু পৰিমাণে হ্রাস পাইছিল যদিও শেহতীয়াকৈ ৰাজ্যখনত পুনৰ উভৈনদী হৈ পৰিছে জালনোট । কেন্দ্রীয় গৃহ বিভাগৰ সূত্র মতে জালনোটৰ সৈতে এক বৃহৎ আন্তঃৰাষ্ট্ৰীয় চক্র জড়িত হৈ আছে । বিশেষকৈ অসমত জালনোটৰ প্ৰচলনৰ সৈতে মৌলবাদী তথা জেহাদীৰ সংযোগ থকাৰ অভিযোগ ।

বাংলাদেশৰ পৰা জেহাদী সংগঠনসমূহে অসমলৈ প্ৰেৰণ কৰি আহিছে জালনোট । আনকি বহিঃৰাষ্ট্ৰৰ উক্ত সংগঠনসমূহে এতিয়া জালনোট প্ৰস্তুত কৰা মেচিনো যোগান ধৰিবলৈ লৈছে । ইফালে ৰাজ্যৰ সংখ্যালঘু এলেকাত জালনোটৰ প্ৰচলন অধিক বুলি উল্লেখ কৰি সূত্ৰটোৱে প্ৰকাশ কৰা মতে আজিৰ তাৰিখত ৰাজ্যখনত ব্যাপক মাত্ৰাত জালনোটৰ প্ৰচলন হৈ আছে ।

লক্ষ্যনীয় বিষয় যে, অসম আৰক্ষীয়ে জালনোটৰ বিৰুদ্ধে প্ৰায়ে অভিযান চলাই আহিছে যদিও জালনোটৰ বৃহৎ নেটৱৰ্ক ধ্বংস কৰিবলৈ সক্ষম হোৱা নাই । তথ্য অনুসৰি মে' মাহত বাইহাটা চাৰিআলিৰ আৰক্ষী আৰু কমলপুৰ আৰক্ষীয়ে জালনোট প্ৰস্তুত কৰা মেচিনসহ তিনিজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছিল । একেদৰে ধুবুৰীৰ বাংলাদেশ সীমান্তত আৰক্ষীয়ে ২.১০ লাখ টকাৰ জালনোটসহ এজন লোকক আৰু মঙলদৈত আৰক্ষীয়ে ১৫ লাখ টকাৰ জালনোটসহ পাঁচজন লোকক গ্ৰেপ্তাৰ কৰিছিল (Fake currency racket busted)।

সেইদৰে মে' মাহতে নগাঁও আৰক্ষীয়ে ৫ লাখ টকাৰ জালনোটসহ তিনিজন লোকক আৰু যোৰাবাটত ২৪ হাজাৰ টকাৰ জালনোটসহ এজন লোকক গ্ৰেপ্তাৰ কৰা কাৰ্যই প্ৰমাণ কৰিছে যে ৰাজ্যত কি গতিত জালনোটৰ প্ৰচলন হৈ আছে ।

সকলোতকৈ অধিক ৫০০ টকীয়া জালনোট বজাৰত প্ৰচলন হৈ আছে । পূৰ্বতে ২০০০ টকীয়া জালনোট অধিক প্রচলন হৈছিল । আনকি জালনোটৰ ভয়তে বহু ব্যৱসায়ীয়ে ২০০০ টকীয়া নোট ল'বলৈকে অমান্তি হৈছিল । এনে পৰিস্থিতিত কৌশল সলনি কৰি জালনোটৰ ব্যৱসায়ীসকলে বজাৰত এতিয়া ৫০০ টকীয়া জালনোট মেলি দিছে ।

গুৰুত্বপূর্ণ কথা যে, জালনোটৰ প্ৰচলন বন্ধ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে বাংলাদেশৰ সৈতে এখন চুক্তিও স্বাক্ষৰ কৰিছিল । কিন্তু ইয়াৰ পাছতো সীমান্তৰ সিপাৰৰ পৰা ভাৰতৰ অৰ্থনীতি ধ্বংস কৰাৰ বাবে জালনোট প্ৰেৰণ কৰি থকা হৈছে । এই ক্ষেত্ৰত সকলোতকৈ ক্ষতি হৈছে বাংলাদেশৰ সৈতে সংলগ্ন হৈ থকা অসমৰ দৰে ৰাজ্যসমূহ । দেশৰ আন প্ৰান্তৰ তুলনাত বাংলাদেশ সীমান্তৰ সৈতে সংলগ্ন হৈ থকা ৰাজ্যকেইখনতে সর্বাধিক জালনোট প্রচলন হৈ আছে ।

উল্লেখ্য যে, শেহতীয়াকৈ খোদ ভাৰতীয় ৰিজাৰ্ভ বেংকেও দেশত বৃহৎ পৰিমাণৰ জালনোট প্ৰচলন হৈ থকাৰ কথা স্বীকাৰ কৰিছে । ৰিজাৰ্ভ বেংকে প্ৰকাশ কৰা মতে পূৰ্বৰ বছৰৰ তুলনাত ৫০০ টকীয়া জালনোটৰ সংখ্যা ১০১.৯ শতাংশ আৰু ২০০০ টকীয়া নোটৰ সংখ্যা ৫৪.৬ শতাংশ বৃদ্ধি পাইছে ।

ৰিজাৰ্ভ বেংকে কোনখন ৰাজ্যত কিমান জালনোট প্ৰচলন হৈ আছে তাৰ তথ্য দাঙি ধৰা নাই যদিও অসমত বিগত মাহটোতে জব্দ হোৱা জালনোটৰ তথ্যৰ পৰাই স্পষ্ট হৈ পৰিছে ৰাজ্যখনত ভয়াৱহ হাৰত জালনোটৰ অবাধ প্ৰচলন হৈ আছে । এই ক্ষেত্রত উপযুক্ত ব্যৱস্থ‍া গ্ৰহণ নকৰিলে জালনোটেৰে ভৰি পৰিব বজাৰ আৰু ইয়াৰ প্ৰভাৱ পৰিব অৰ্থনীতিত ।

লগতে পঢ়ক :মুখ্যমন্ত্ৰীৰ কনভয়ৰ বাহনৰ পৰা চিআৰপিএফৰ গাড়ী চালকে চুৰি কৰিলে মিউজিক চিষ্টেম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.