ETV Bharat / state

West Bengal minister Babul Supriyo in Assam: মুছলমানৰ প্ৰতি বিজেপিৰ মনোভাব দেখদেখকৈ সংবিধান উলংঘন

author img

By

Published : Jan 22, 2023, 8:47 PM IST

West Bengal minister Babul Supriyo in Assam
পশ্চিমবংগ চৰকাৰৰ মন্ত্ৰী বাবুল সুপ্ৰিয়

পশ্চিমবংগ চৰকাৰৰ মন্ত্ৰী বাবুল সুপ্ৰিয়ৰ উপস্থিতিত গুৱাহাটীত অসম তৃণমূল কংগ্ৰেছত যোগদান প্ৰায় দুই শতাধিক লোকৰ (West Bengal minister Babul Supriyo in Assam) ৷ তৃণমূল কংগ্ৰেছৰ অসম প্ৰদেশৰ সভাপতি ৰিপুন বৰাৰ নেতৃত্বত দলটোৱে কম দিনৰ ভিতৰতে ৰাইজৰ মৰম বুটলিবলৈ সক্ষম হোৱা বুলি উল্লেখ মন্ত্ৰীগৰাকীৰ ।

পশ্চিমবংগ চৰকাৰৰ মন্ত্ৰী বাবুল সুপ্ৰিয়

গুৱাহাটী, ২২ জানুৱাৰী: পশ্চিমবংগৰ তৃণমূল কংগ্ৰেছ চৰকাৰৰ মন্ত্ৰী বাবুল সুপ্রিয়ৰ উপস্থিতিত দেওবাৰে অসম তৃণমূল কংগ্ৰেছৰ কাৰ্যালয়ত অনুষ্ঠিত এক বিশাল যোগদান সমাৰোহত বিভিন্ন ৰাজনৈতিক দল আৰু সংগঠনৰ দুই শতাধিক লোকে তৃণমূল কংগ্ৰেছত যোগদান কৰে । তেজপুৰৰ প্ৰাক্তন জিলা পৰিষদৰ সদস্য শ্বেখ মহম্মদ ছিদ্দিক, ভাৰতীয় গণ পৰিষদৰ নেতা শান্তনু মুখার্জী, জ্যেষ্ঠ অধিবক্তা অভিবাজ ৰয়, আম আদমী পাৰ্টীৰ যুৱ শাখাৰ ৰাজ্যিক সম্পাদক উজ্বলজ্যোতি জ্ঞানে বাবুল সুপ্রিয়ৰ উপস্থিতিত দলটোত যোগদান কৰে(Trinamool Congress joining meeting at Guwahati) ৷

এওঁলোকৰ উপৰি লোক জনশক্তি পাৰ্টিৰ ৰাজ্যিক সাধাৰণ সম্পাদক কিশোৰ কুমাৰ দাস, ৰাইজৰ দলৰ জাতীয় নাৰী বাহিনীৰ কাৰ্যকৰী সভানেত্ৰী গীতাঞ্জলি বৰাকে ধৰি আন ভালেসংখ্যক ব্যক্তিয়ে দলটোত যোগদান কৰে ৷ অসম তৃণমূল কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাই আঁত ধৰা যোগদান সমাৰোহত মুখ্য অতিথিৰ ভাষণত মন্ত্ৰী বাবুল সুপ্রিয়ই শাসনাধিষ্ঠ বিজেপি চৰকাৰৰ বিৰুদ্ধে সমালোচনাত মুখৰ হৈ পৰে । তেওঁ বিজেপি দলে কেৱল নিজৰ ৰাজনৈতিক স্বার্থ পূৰণৰ বাবে সাম্প্রদায়িক ৰাজনীতিৰ আশ্ৰয় লৈ দেশখনক ভাগ ভাগ কৰাৰ অভিযোগ উত্থাপন কৰে ।

অসমৰ প্ৰসংগ উত্থাপন কৰি তৃণমূলৰ মন্ত্ৰীগৰাকীয়ে ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰে ৰাজ্যৰ উন্নতিৰ বাবে একো কাম কৰিবলৈ সক্ষম হোৱা নাই বুলি মন্তব্য কৰে । তেওঁ প্ৰসংগক্ৰমে অসমৰ কাগজ কল ব্যক্তিগত খণ্ডৰ ওচৰত বিক্ৰীৰ কথা উল্লেখ কৰি নৰেন্দ্ৰ মোডীৰ ভুৱা অসম প্রীতিৰ কথা ব্যক্ত কৰে । মুছলমানৰ প্ৰতি বিজেপি চৰকাৰে গ্ৰহণ কৰি অহা মনোভাব দেখদেখকৈ সংবিধানৰ উলংঘন বুলিও মন্তব্য কৰে পশ্চিমবংগ চৰকাৰৰ মন্ত্ৰীগৰাকীয়ে । মন্ত্ৰীগৰাকীয়ে ইয়াৰ লগতে বিজেপিৰ এই বিভাজনকামী নীতিৰ আয়ুস টুটি অহা বুলি সকীয়াই দিয়ে ।

সংবাদমেলত এক প্রশ্নোত্তৰত মন্ত্ৰী বাবুল সুপ্রিয়ই ২০২৪ৰ নিৰ্বাচনত মমতা বেনাৰ্জী বিৰোধীৰ প্রধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হ'বলৈ সম্পূর্ণ যোগ্য বুলি মন্তব্য কৰে । মমতা বেনাৰ্জীয়ে নিজস্ব দক্ষতাৰে পশ্চিমবংগত প্ৰভূত পৰিৱৰ্তন আনিবলৈ সক্ষম হোৱা বুলি মন্তব্য কৰে ৷ তেওঁ লগতে বৰ্তমানৰ বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখন ধাৰত পোত গৈ থকা বুলি উল্লেখ কৰি এটি নৱজাতকে হাজাৰটা ধাৰৰ বোজা মূৰত লৈ জন্মগ্ৰহণ কৰিবলগাৰ পৰিস্থিতি দুর্ভাগ্যজনক বুলি মন্তব্য কৰে ।

মন্ত্ৰী বাবুল সুপ্রিয়ই আন এক প্ৰসংগ উত্থাপন কৰি বিজেপিৰ অসমৰ উন্নতিৰ হকে কাম কৰাৰ মনোভাৱেই নাই বুলি মন্তব্য কৰি তৃণমূল কংগ্ৰেছৰ অসম প্ৰদেশৰ সভাপতি ৰিপুন বৰাৰ(TMC Assam state president Ripun Bora) নেতৃত্বত দলটোৱে কম দিনৰ ভিতৰতে ৰাইজৰ মৰম বুটলিবলৈ সক্ষম হোৱা বুলি উল্লেখ কৰে । প্ৰসংগক্ৰমে সুপ্রিয়ই ৰিপুণ বৰাক এগৰাকী অন্যতম গতিশীল আৰু সুদক্ষ ৰাজনীতিক বুলি অভিহিত কৰে ।

লগতে পঢ়ক: Babul Supriyo criticize CM's remarks on Pathan: বুৰ্জ খলিফাত দেখুওৱা অভিনেতাজনক চিনি নোপোৱা বুলি কৰা মন্তব্য দুৰ্ভাগ্যজনক: বাবুল সুপ্ৰিয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.