Babul Supriyo criticize CM's remarks on Pathan: বুৰ্জ খলিফাত দেখুওৱা অভিনেতাজনক চিনি নোপোৱা বুলি কৰা মন্তব্য দুৰ্ভাগ্যজনক: বাবুল সুপ্ৰিয়

author img

By

Published : Jan 22, 2023, 6:56 PM IST

Babul Supriyo criticize CM's remarks on Pathan

পাঠান সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যক সমালোচনা পশ্চিমবংগ চৰকাৰৰ মন্ত্ৰী বাবুল সুপ্ৰিয়ৰ । মুখ্যমন্ত্ৰী শৰ্মাই শ্বাহৰুখ খানক চিনি নাপাও বুলি মন্তব্য কৰিছে কিন্তু এনে মন্তব্য অক্ষয় কুমাৰৰ ক্ষেত্ৰত কৰিবনে বুলিও পশ্চিমবংগৰ মন্ত্ৰীজনে প্ৰশ্ন উত্থাপন কৰে ।

পশ্চিমবংগ চৰকাৰৰ মন্ত্ৰী বাবুল সুপ্ৰিয়

গুৱাহাটী, ২২ জানুৱাৰী: পাঠান সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্যক সমালোচনা পশ্চিমবংগ চৰকাৰৰ মন্ত্ৰী বাবুল সুপ্ৰিয়ৰ(West Bengal minister Babul Supriyo) । দেওবাৰে গুৱাহাটীত তৃণমূল কংগ্ৰেছৰ যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰে তৃণমূল কংগ্ৰেছৰ মন্ত্ৰীজনে । তেওঁ কয় যে, মুখ্যমন্ত্ৰীয়ে শ্বাহৰুখ খানৰ ফোনৰ বাবেহে যেন অপেক্ষা কৰি আছিল । যিজন অভিনেতাক বুৰ্জ খলিফাত দেখুওৱা হয় সেইজন অভিনেতাক চিনি নোপোৱা বুলি কৰা মন্তব্য দুৰ্ভাগ্যজনক ।

মুখ্যমন্ত্ৰী শৰ্মাই শ্বাহৰুখ খানক চিনি নাপাও বুলি মন্তব্য কৰিছে কিন্তু এনে মন্তব্য অক্ষয় কুমাৰৰ ক্ষেত্ৰত কৰিবনে বুলিও পশ্চিমবংগ মন্ত্ৰীজনে প্ৰশ্ন উত্থাপন কৰে । তেওঁ আৰু কয় যে, তাৰপৰা এটা কথা ক’ব পাৰি যে তেওঁ ৰাইজৰ লগত জড়িত নহয় । ৰাইজৰ লগত জড়িত হ’লে এনে কথা নক‘লেহেতেন । মুখ্যমন্ত্ৰীয়ে কালি চিনি নাপাও বুলি কৈছিল আৰু নিশা ফোন কৰা বুলি আজি নিজে টুইট কৰিছে । তেওঁৰ ইমানে ইগো যে তেওঁ শ্বাহৰুখ খানে ফোন কৰাটোলৈ বাট চাই আছিলে ।

খ্যাতিমান অভিনেতা শ্বাহৰুখ খানক চিনি নাপায় অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই । দেশ-বিদেশত বিশেষভাৱে চৰ্চা লাভ কৰা আৰু বিতৰ্কৰ সৃষ্টি হোৱা শ্বাহৰুখ খান অভিনীত 'পাঠান' ছবিখনৰ(New Bollywood Movie Pathan) সন্দৰ্ভতো কোনো কথা নাজানে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই । শুকুৰবাৰে গুৱাহাটীৰ চিত্রগৃহত 'পাঠান' ছবিখনৰ পোষ্টাৰ লগোৱাক কেন্দ্ৰ কৰি বজৰং দলে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে ছবিগৃহত আক্ৰমণ কৰিছিল । এই সন্দৰ্ভত শনিবাৰে সাংবাদিকে প্ৰশ্ন কৰাত মুখ্যমন্ত্রীয়ে সম্পূৰ্ণ অজ্ঞতা প্ৰকাশ কৰিছিল ।

সংবাদমেলত এই সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্রীয়ে 'পাঠান' কি বস্তু বুলি ওলোটাই সাংবাদিককহে প্ৰশ্ন কৰে । আনকি তেওঁ 'হু ইজ শ্বাহৰুখ খান' বুলি প্ৰশ্ন কৰে । চিত্রগৃহত আক্ৰমণ কৰা সন্দৰ্ভত তেওঁ কয় যে কোনোবাই আইন হাতত তুলি ল'লে তাৰ বিৰুদ্ধে আৰক্ষীয়ে একচন ল'ব । থানাত অভিযোগ দিলেই হ'ল । 'পাঠান' শ্বাহৰুখ খান অভিনীত ছবি বুলি সদৰী কৰাত তেওঁ কয়, এইবিলাক চাবলৈ মই নাযাও । শ্বাহৰুখ খান কোন ?

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, এই সম্বন্ধে কিবা থাকিলে চিনেমা গৃহৰ মালিকে মোক ফোন কৰিলেহেতেন, মইতো জনা নাই । আৰু খানেও মোক ফোন কৰা নাই ৷ যদি এনে কিবা সমস্যা ইয়াত হৈছে তেন্তে তেওঁ মোক ফোন কৰিলেহেতেন । মুম্বাইৰ বহুতেই মোক ফোন কৰে । কিবা সমস্যা হ'লে খানেও ফোন কৰিব পাৰে ।

শনিবাৰৰ এই সংবাদমেলৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি পুৱাৰ ভাগত টুইট কৰি নিশা ২ বজাত শ্বাহৰুখ খানৰ ফোনকল অহাৰ কথা জানিবলৈ দিয়ে(Shahrukh Khan called CM Himanta Biswa Sarma) । ফোনত পাঠানৰ পোষ্টাৰ জ্বলোৱা ঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰিছিল অভিনেতাজনে । ইয়াৰ পাছতেই সকলো প্ৰকাৰৰ সুৰক্ষাৰ প্ৰতিশ্ৰুতি দিয়ে মুখ‍্যমন্ত্ৰীয়ে । মুখ্যমন্ত্ৰীৰ এই কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বাবুল সুপ্ৰিয়ই ।

উল্লেখ্য যে ২৫ জানুৱাৰীত মুক্তি পাবলগীয়া শ্বাহৰুখ খান আৰু দীপিকা পাডুকন অভিনীত ছবি ''পাঠান''ক লৈ হিন্দুত্ববাদী সংগঠনে দেশজুৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি থকাৰ মাজতে শুকুৰবাৰে গুৱাহাটীৰ নাৰেংগীতো বজৰং দলে প্ৰতিবাদ কৰিছিল । নাৰেংগীৰ এল জি টাৱাৰৰ ডিজিটেল চিনেমা গৃহৰ সন্মুখত বজৰং দলে পাঠানৰ পোষ্টাৰ পৰ্যন্ত ফালি জুইত জাপি দিছিল(Bajrang Dal members burnt Pathan poster) । শ্বাহৰুখ খানক সন্ত্ৰাসবাদী বুলি অভিহিত কৰিছিল বজৰং দলে । ইয়াকে লৈ পাঠান চাবলৈ যোৱাৰ সময়ত দৰ্শকৰ নিৰাপত্তাক লৈ প্ৰশ্ন উঠিছিল ।

লগতে পঢ়ক: New Bollywood Movie Pathan : বিতৰ্কক নেওচি আগতীয়াকৈ ক্ৰয় কৰিলে পাঠানৰ টিকট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.