ETV Bharat / state

১০ জানুৱাৰীৰ পৰা মহানগৰীৰ ১৬ স্থানত বন্ধ পানী যোগান

author img

By ETV Bharat Assamese Team

Published : Jan 9, 2024, 7:08 PM IST

Panbazar Water supply Centre : পাণবজাৰ পানী শোধন কেন্দ্ৰত হ'বলগীয়া মেৰামতিৰ বাবে দুদিন পানী নাপাই ৰাইজে । গুৱাহাটী পৌৰ নিগমৰ যুটীয়া আয়ুক্তই সদৰী কৰিছে এই তথ্য় ।

Panbazar Water supply Centre
পাণবজাৰ পানী শোধন কেন্দ্ৰ

গুৱাহাটী, ৯ জানুৱাৰী : দুদিনৰ বাবে গুৱাহাটী মহানগৰীৰ এক বৃহৎ অঞ্চলৰ বাসিন্দাই খোৱাপানী লাভৰ পৰা বঞ্চিত হ'ব । অহা ১০ আৰু ১১ জানুৱাৰীত মহানগৰীৰ ১৬ টা স্থানত বন্ধ থাকিব নিয়মীয়া পানী যোগান । পাণবজাৰ পানী শোধন কেন্দ্ৰত হ'বলগীয়া মেৰামতিৰ কামৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে গুৱাহাটী পৌৰ নিগমে ।

গুৱাহাটী পৌৰ নিগমে এই ঘোষণা কৰাৰ লগে লগে পুনৰ খোৱা পানীৰ বাবে হাৰাশাস্তিৰ সন্মুখীন হ'ব মহানগৰীৰ ১৬ টা স্থানৰ বাসিন্দাসকলে । ১০ জানুৱাৰী অৰ্থাৎ বুধবাৰে মহানগৰীৰ ১৬ টা স্থানত গুৱাহাটী পৌৰ নিগমে পানী যোগান ধৰাৰ পৰা বিৰত থাকিব । পাণবজাৰ পানী শোধন কেন্দ্ৰত হ'বলগীয়া মেৰামতিৰ কামৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি গুৱাহাটী পৌৰ নিগমে এই কথা সদৰী কৰিছে । গুৱাহাটী পৌৰ নিগমৰ যুটীয়া আয়ুক্তই এক বিজ্ঞপ্তি যোগে এই কথা উল্লেখ কৰি কয় যে উক্ত কেন্দ্ৰটোৰ ট্ৰেন্সফৰ্মাৰৰ লগতে পেনেল ব'ৰ্ড মেৰামতি আৰু স্থানান্তৰ কৰা হ'ব ।

গুৱাহাটী পৌৰ নিগমৰ যুটীয়া আয়ুক্তই উল্লেখ কৰা অনুসৰি দুদিনৰ বাবে পানী যোগান বন্ধ থাকিবলগীয়া অঞ্চল কেইটা হ'ল- পানবজাৰ, ফাঁচীবজাৰ, আঠগাঁও, এ টি ৰোড, ছাত্ৰীবাৰী, পল্টন বজাৰ, ৰিহাবাৰী, কছাৰীবস্তি, বি বৰুৱা ৰোড, উলুবাৰী, গান্ধীবস্তি, দক্ষিণ শৰণীয়া, লাচিত নগৰ, ভঙাগড়, ৰাজগড় আৰু পূৱ শৰণীয়া ।

উল্লেখযোগ্য যে পূৰ্বেও পাণবজাৰ পানী শোধন কেন্দ্ৰৰ মেৰামতিৰ নাম মহানগৰীৰ বহুকেইটা অঞ্চলৰ বাসিন্দাই কেবাদিনলৈ বঞ্চিত হ'বলগীয়া হৈছিল খোৱা পানী লাভৰ পৰা । পুনৰ পানী যোগান কেন্দ্ৰটোৰ মেৰামতিৰ নামত পৌৰ নিগমে গ্ৰহণ কৰা এই সিদ্ধান্তত ক্ষুব্ধ হৈ পৰিছে ৰাইজ ।

লগতে পঢ়ক:নৰেন্দ্ৰ মোদীৰ এজেন্ট হৈ বিষবাষ্প বিয়পাইছে মুখ্য়মন্ত্ৰী শৰ্মাই: লালজী দেশাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.